ETV Bharat / state

Arms laying down ceremony : অন্ত পৰিল 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ

আদিবাসী পিপুলছ আৰ্মি (আপা)আদিবাসী বিদ্ৰোহী সংগঠনৰ সুদীৰ্ঘ 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰিল ৷ ঢেকিয়াজুলিৰ ধলগুৰীত থকা (আপা)ৰ অস্থায়ী শিৱিৰত বৃহস্পতিবাৰে ফ্লেগ ডাউন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

Arms laying down ceremony in Guwahati
অস্ত্ৰ সম্বৰণ কাৰ্যসূচী

Published : July 7, 2023 at 7:32 AM IST

|

Updated : July 7, 2023 at 7:40 AM IST

Choose ETV Bharat

ৰঙাপাৰা, 7 জুলাই : সুদীৰ্ঘ 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্তত ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছতেই বৃহস্পতিবাৰে আদিবাসী পিপুলছ আৰ্মি চমুকৈ (আপা)ৰ সংগ্ৰামৰ অন্ত পৰে ৷ 6 জুলাইৰ দিনা গুৱাহাটীত আদিবাসী পিপুলছ আৰ্মি (আপা) কে ধৰি ৰাজ্যৰ 5 টাকৈ আদিবাসী সশস্ত্ৰ সংগঠনৰ 8 টা গোটে চৰকাৰৰ হাতত অস্ত্ৰ সম্বৰণ কৰে ৷ ইয়াৰ লগে লগে সুদীৰ্ঘ 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ সমাপ্তি ঘটিল আদিবাসী পিপুলছ আৰ্মি (আপা)ৰ ৷ ইয়াৰ সমান্তৰালকৈ ঢেকিয়াজুলিৰ ধলগুৰীত থকা (আপা)ৰ অস্থায়ী শিৱিৰত বৃহস্পতিবাৰে ফ্লেগ ডাউন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

ঢেকিয়াজুলিৰ ধলগুৰীত থকা (আপা)ৰ অস্থায়ী শিৱিৰত শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ সংগঠনটোৰ সদস্যসকলৰ উপস্থিতিত ফ্লেগ ডাউন কাৰ্যসূচীৰ পূৰ্বে সংগঠনটোৰ সুদীৰ্ঘ সংগ্ৰামত জড়িত হৈ প্ৰাণ ত্যাগ কৰা সতীৰ্থসকলক স্মৰণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ ইয়াৰ পিছতেই সংগঠনটোৰ পতাকা নমাই আপাৰ (85 বি এন) শোণিতপুৰ জিলাৰ কামাণ্ডাৰ লাল মুৰ্মু ওৰফে মুন্ন মুৰ্মুৱে ৷ উল্লেখ্য যে, আদিবাসী পিপুলছ আৰ্মি (আপা)ৰ জন্ম হৈছিল 2005 চনত ৷

2012 চনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলত যুদ্ধ বিৰতি ঘোষণা কৰি চৰকাৰৰ সৈতে শান্তি আলোচনালৈ অহাৰ পিছত 2022 চনত আপাসহ 5 টা আদিবাসী বিদ্ৰোহী সংগঠনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ সৈতে ঐতিহাসিক আদিবাসী শান্তি চুক্তিত স্বাক্ষৰ কৰে ৷ চুক্তি অনুসৰি বৃহস্পতিবাৰে 5 টা আদিবাসী বিদ্ৰোহী সংগঠনে অস্ত্ৰ সম্বৰণ কৰাৰ লগতে ফ্লেগ ডাউন কৰি সংগ্ৰামৰ অন্ত পেলায় মুলসুঁতিলৈ ঘূৰি আহে ৷

ঢেকিয়াজুলিৰ ধলগুৰীত আপাৰ অস্থায়ী শিৱিৰত অনুষ্ঠিত ফ্লেগ ডাউন কাৰ্যসূচীৰ পিছতেই সংগঠনটোৰ 85 বি এন শোণিতপুৰ জিলা কামাণ্ডাৰ লাল মুৰ্মু ওৰফে মুন্না মুৰ্মৱে সংবাদ মাধ্যমৰ আগত 6 জুলাইৰ দিনটো তেওঁলোকৰ বাবে এটা ঐতিহাসিক দিন বুলি কয় ৷ লগতে মুৰ্মৱে কয়, জাতিটোৰ বাবে ঘাত-প্ৰতিঘাতৰ মাজেৰে 18 টা বছৰে আমি সংগ্ৰাম কৰিলো ৷ কিন্তু চৰকাৰে যেতিয়া আমাৰ দাবীবোৰ চুক্তিৰ জৰিয়তে কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত কৰিছে সেই বাবে আমি সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি এতিয়া জাতিটোৰ কল্যাণৰ বাবে কাম কৰি যাম ৷ আমি আশা কৰিছো চৰকাৰে চুক্তিৰ দফাসমূহ পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰিব ৷

আনপিনে, চৰকাৰে গঠন কৰা আদিবাসী উন্নয়ন পৰিষদৰ 4 টা কাৰ্যবাহী সদস্যৰ পদ আদিবাসী পিপুলছ আৰ্মি (আপা)ক দিয়াৰ দাবী জনায় 85 বিএন শোণিতপুৰ জিলা কামাণ্ডাৰ মুন্না মুৰ্মুৱে ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৰ নেতাজনে ৷

লগতে পঢ়ক : Adivasi insurgent outfits: গুৱাহাটীত পাঁচ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ; পৰেশ বৰুৱাকো আলোচনালৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

Last Updated : July 7, 2023 at 7:40 AM IST