ETV Bharat / state

Protest in Guwahati: পুনৰ ভূমিৰ অধিকাৰৰ দাবীত উত্তাল মহানগৰী

author img

By

Published : Aug 12, 2023, 4:10 PM IST

শিলসাঁকোত উচ্ছেদত গৃহহীন শতাধিক উচ্ছেদিতই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ জনালে প্ৰতিবাদ । ৰামদেৱক পাম অইল খেতিৰ বাবে হেক্টৰে হেক্টৰে ভূমি প্ৰদান কৰা কাৰ্যৰ বিৰোধিতা কৰি তেওঁলোকক ভূমি প্ৰদানৰ দাবী ।

Public protest for Compensation in Silsako
শিলসাঁকোত উচ্ছেদৰ বিৰোধিতা

শিলসাঁকোত উচ্ছেদৰ বিৰোধিতা

গুৱাহাটী, ১২আগষ্ট: শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন আৰু উচ্ছেদ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ দাবীত ইতিমধ্য়ে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ শিলসাঁকোৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া লোকক চৰকাৰ তথা প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰোধিতাৰে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ পিচতো চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই । ভূমিৰ অধিকাৰৰ দাবীত চচলৰ প্ৰতিবাদস্থলীত উচ্ছেদ বিৰোধী ৰাইজে শনিবাৰে পুনৰ সাব্য়স্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ।

আজি পুৱা ১০.৩০ বজাৰ পৰা ১২.৩০ বজালৈ চৰকাৰৰ উচ্ছেদত গৃহহীন হোৱা ৪ শতাধিক উচ্ছেদিতই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ শিলসাঁকোত বিভিন্ন শ্লোগান দিয়ে । ক্ষুব্ধ ৰাইজে উচ্ছেদ সম্পূৰ্ণ বন্ধ কৰা, উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন-ক্ষতিপূৰণ দিয়া,ৰামদেৱ আদানীক নহয়,ভূমিহীনক মাটি দিয়ক আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে ।

আজিৰ এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলে আৰু শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ গায়ত্ৰী বৰিয়ে কয় যে উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীত যোৱা ছয় মাহে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ।

তেওঁলোকে পুনৰ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ক্ষতিপুৰণসহ পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো আজি পৰ্যন্ত কোনো এটা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । ইফালে,বাবা ৰামদেৱক পাম অইল খেতিৰ বাবে হেক্টৰে হেক্টৰে ভূমি প্ৰদান কৰা কাৰ্যৰ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰে ।

তেওঁলোকে পুনৰ কয় যে ৰাজ্য চৰকাৰে থলুৱা লোকক এক কঠা পাঁচ লেচা মাটি প্ৰদানৰ ব্যৱস্থা নকৰি বাবা ৰামদেৱ, আদানী,আজমল আদিক ভূমি প্ৰদান কৰিছে । এয়া মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ বিৰুদ্ধে কৰা এক ঘোৰ অন্যায় । ৰাজ্য চৰকাৰে যিমানেই শিলসাঁকোৰ উচ্ছেদিত লোকসকলক গুৱাহাটী এৰি যাবলৈ নকওঁক কিয় তেওঁলোকে কোনো কাৰণতে এই স্থান পৰিত্যাগ নকৰে বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:Bank fraud in police traps : মাজুলী আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ CEO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.