ETV Bharat / state

কৃষি আইন প্ৰত্যাহাৰৰ দাবীত জালুকবাৰীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

author img

By

Published : Dec 8, 2020, 6:23 PM IST

protest against farmer bill at jalukbari
কৃষি আইন প্ৰত্যাহাৰৰ দাবীত জালুকবাৰীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

কৃষকসমাজে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আম আদমী পাৰ্টীৰ ৷ গুৱাহাটী মহানগৰীৰ জালুকবাৰীতো আম আদমী পাৰ্টিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষি বিধেয়কক শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে দলটোৰ সদস্য সকলে ৷

গুৱাহাটী, 8 ডিচেম্বৰ: কৃষি আইন প্ৰত্যাহাৰৰ দাবীত মংগলবাৰে প্ৰতিবাদী কৃষকসমাজে ভাৰত বন্ধৰ আহ্বান জনাইছিল । তাৰ পাছতে দেশৰ বিভিন্ন ৰাজনৈতিক দল, সংগঠনে কৃষকৰ এই বন্ধক সম্পূৰ্ণ সমৰ্থন জনাইছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত বন্ধৰ সমৰ্থনত তথা কৃষি আইন প্ৰত্যাহাৰৰ দাবীত গুৱাহাটীৰ জালুকবাৰীত আম আদমী পাৰ্টিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

কৃষি আইন প্ৰত্যাহাৰৰ দাবীত জালুকবাৰীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

এই প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষি বিধেয়কক শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে দলটোৱে ৷ অন্নদাতা কৃষকসকলৰ লগত আম আদমী পাৰ্টি সদায়ে থাকিব বুলি মন্তব্য প্ৰকাশ কৰে আপৰ সদস্যসকলে ৷ এই প্ৰতিবাদৰ পাছতো যদি কৃষি আইন বাতিল নকৰে তেন্তে অনাগত দিনত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰে হুংকাৰ দিয়ে ৰাজনৈতিক দলটোৰ সদস্য সকলে ৷

লগতে পঢ়ক: কৃষি আইন বাতিলৰ দাবীৰে মহানগৰীত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.