ETV Bharat / state

Rakesh Paul granted bail: কাৰামুক্ত হ'ব পাৰে এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল

author img

By

Published : Mar 24, 2023, 4:46 PM IST

APSC scam prime accused Rakesh Paul granted bail
Rakesh Paul granted bail

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ৰাকেশ পালৰ । ভঙাগড় থানাৰ গোচৰত জামিন লাভ কৰিলে ৰাকেশ পালে । পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল ৰাকেশ পালে । অৱশেষত ভঙাগড় থানাৰ গোচৰতো ৰাকেশ পালে লাভ কৰিলে জামিন (Rakesh Paul granted bail) ।

গুৱাহাটী, 24 মাৰ্চ: অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে ৰাকেশ পাল জামিন । অসম লোকসেৱা আয়োগত হোৱা বৃহৎ কেলেংকাৰীৰ অভিযোগত ২০১৬ চনত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল । সুদীৰ্ঘ ৬ বছৰ ৪ মাহ কাৰাগাৰত থকাৰ পিচত ৰাকেশ পালৰ জামিন মঞ্জুৰ (APSC scam prime accused Rakesh Paul granted bail) ।

দীৰ্ঘসময় ধৰি কাৰাবন্দী হৈ থকা ৰাকেশ পালে অৱশেষত ভঙাগড় থানাৰ গোচৰতো লাভ কৰিলে জামিন । ইয়াৰ পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল ৰাকেশ পালে । ভঙাগড় থানাৰ গোচৰত জামিন পোৱাৰ লগে লগে ৰাকেশ পালৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল । অচিৰেই কাৰামুক্ত হ'ব ৰাকেশ পাল (Accused of Assam APSC scam Rakesh Paul)।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা ৰাকেশ পালে ইতিমধ্যে চি আই ডিত থকা গোচৰত জামিন লাভ কৰিছে । তদুপৰি ডিব্ৰুগড় আৰু দিছপুৰ থানাৰ গোচৰত জামিন লাভ কৰিছে ৰাকেশ পালে । বাকী থকা ভঙাগড় থানাৰ গোচৰতো অৱশেষত জামিন লাভ কৰিলে ৰাকেশ পালে । যাৰ পৰিপ্ৰেক্ষিত ৰাকেশ পালৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল । পূৰ্বে কেইবাবাৰো গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল ৰাকেশ পালৰ জামিন আবেদন (GHC granted bail to Rakesh Paul)।

লগতে পঢ়ক: Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

লক্ষ্যনীয় বিষয় যে, ৰাজ্য জোঁকাৰি যোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ অধ্যায়ৰ আজিও অন্ত পৰা নাই । বৰং তদন্ত প্ৰক্ৰিয়া আগুৱাই যোৱাৰ লগে লগে বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে । এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ৰাকেশ পালক ২০১৬ চনৰ ৪ নৱেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰে ডাঃ অংশুমিতা গগৈ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল পালক (Assam APSC scam updates) ।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থাকোতে আয়োগৰ বৰঘৰত চাকৰিৰ বজাৰ মেলিছিল পালৰ কোম্পানীয়ে । দুৰ্নীতিৰ সদাগৰ পালক গ্ৰেপ্তাৰৰ পাচত আয়োগৰ সদস্য-পৰীক্ষাৰ নিয়ন্ত্ৰক গ্ৰেপ্তাৰ হৈছিল ডিব্ৰুগড় আৰক্ষীৰ হাতত । পৰৱৰ্তী পৰ্যায়ত তদন্তকাৰী আৰক্ষীয়ে পাল এণ্ড কোম্পানীৰ পৰা ধনৰ বিনিময়ত এ পি এছ, এ চি এছৰ চাকৰি ক্ৰয় কৰা ৬০ জন বিষয়া, দালাল, মধ্যভোগী গ্ৰেপ্তাৰ হৈছিল (APS ACS arrested in Assam) ।

ইফালে ডিব্ৰুগড় আৰক্ষীৰ হাতত বন্দী হৈ থকা সময়তে পুনৰ এ পি এছ চিৰ অধীনৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত পালৰ বিৰুদ্ধে ভঙাগড় থানাত ১৫৯/১৭ নম্বৰত গোচৰ ৰুজু হৈছিল । ডিব্ৰুগড় থানাত ৰুজু হোৱা ৯৩৬/১৬ নম্বৰৰ গোচৰত ৰাকেশ পালে ইতিমধ্যে জামিন লাভ কৰিছে । ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ বাহিৰে আন সকলো গোচৰত ইতিমধ্যে জামিন লাভ কৰিছে ৰাকেশ পালে । শুকুৰবাৰে ভঙাগড় থানাৰ গোচৰতো ৰাকেশ পালে জামিন লাভ কৰিলে (Case against Rakesh Paul) ।

লগতে পঢ়ক: APSC Scam: APSC কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই মন্ত্ৰীসভাই

মন কৰিবলগীয়া বিষয় যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কোঠৰীত ৬ বছৰ ৪ মাহ থকাৰ পাচত ৰাকেশ পালৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল যদিও ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল আজিও গ্ৰেপ্তাৰ নহ'ল । উল্লেখ্য যে, ৰাকেশ পালে ভাতৃ ৰাজীৱ পালৰ প্ৰেছত এ পি এছ চিৰ নকল উত্তৰ বহী ছপা কৰিছিল । তদন্তকাৰী আৰক্ষীয়ে এই তথ্য লাভ কৰা পাচতো আশ্বৰ্যজনকভাৱে ৰাজীৱ পালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । ৰাজীৱ পাল গ্ৰেপ্তাৰ হ’লে এ পি এছ চিৰ আৰু বহু নতুন নতুন কেলেংকাৰী তথ্য পোহৰলৈ অহাৰ সম্ভৱনা আছে (Assam APSC scam news) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.