নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বজাৰলৈ আনিছে কঙালী

author img

By

Published : Oct 18, 2021, 10:41 PM IST

price-hike-in-daily-used-goods
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বজাৰলৈ আনিছে কঙালী ()

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰামটাঙন সোধাইছে সৰ্বসাধাৰণ ৰাইজক । বজাৰ কৰিবলৈ আহি চিন্তাত পৰিছে গ্ৰাহক ।

গুৱাহাটী, ১৮ অক্টোবৰ : কাতি বিহু উদযাপনৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি চলিছে । সন্ধিয়া তুলসীৰ তলত চাকি বন্তি জ্বলোৱাৰ লগতে কৃষক সকলে নিজৰ নিজৰ ধাননী ডৰাত চাকি জ্বলাইছে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কাতি বিহুৰ উচাহ ম্লান কৰিছে । কাতি বিহু কঙালি । কঙালি বিহুৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰামটাঙন সোধাইছে সৰ্বসাধাৰণ ৰাইজক। বজাৰ কৰিবলৈ আহি চিন্তাত পৰিছে গ্ৰাহক ।

শাক পাচলি, ফল, দালি, মিঠাতেল, বিস্কুটকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । ঘৰুৱা বাজেটত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে সৰ্বসাধাৰণৰ । প্ৰতিকিলো শাক পাচলিৰ মূল্য আলু ৩০ টকা , পিয়াজ ৬০ টকা , বিলাহী ৮০ টকা , মটৰ ৩০০ টকা, লেচেৰা ১২০ টকা , তিতাকেৰেলা ৮০ টকা , গাজৰ বিন ১২০ টকা, অমিতা ৪০ টকা , ভেণ্ডি৮০ টকা বিক্ৰী হৈছে। ইপিনে প্ৰতিকিলো আপেল ১২০ -২৮০ টকা, ডালিম ১২০ টকা , মৌচুমী ১০০ টকা কল ডৰ্জন ৫০-৬০ টকা , নাৰিকল জোৰা ১০০ টকাকৈ বিক্ৰী হৈছে ।

আনহাতে, দাইল , আটা, মিঠাতেলৰ মূল্যও বৃদ্ধি পাইছে । প্ৰতি কিলোগ্ৰাম দাইল, মিঠ‍তেলত ১০-১৫ টকা , আটা প্ৰতিকিলোত ৩-৫ টকা বৃদ্ধি পাইছে। তদুপৰি কিছুমান কোম্পানীৰ বিস্কুটৰ মূল্য বৃদ্ধি হোৱাৰ লগতে আন একাংশই পেকেট সৰু কৰা পৰিলক্ষিত হৈছে । ইপিনে মূল্য বৃদ্ধিৰ সুযোগ লৈছে একাংশ অসাধু ব্যৱসায়ীয়ে । বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ । ফলত সৰ্বসাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

লগতে পঢ়ক : সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগেৰে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.