ETV Bharat / state

Eviction in Silsako: হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা শিলসাঁকোৰ উচ্ছেদিতৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:51 PM IST

Eviction in Silsako
শিলসাঁকো উচ্ছেদ বিৰোধী ৰাইজৰ সংবাদ মেল

শিলসাকোঁত উচ্ছেদ হোৱাৰ পিছতো মহানগৰীৰ নতুন নতুন ঠাই প্লাবিত হৈছে বুলি দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদ মেলত উল্লেখ কৰে শিলসাঁকোৰ উচ্ছেদ বিৰোধী ৰাইজে । সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অশোক সিংহলকো কটাক্ষ কৰে উচ্ছেদ বিৰোধী ৰাইজে ।

শিলসাঁকো উচ্ছেদ বিৰোধী ৰাইজৰ সংবাদ মেল

গুৱাহাটী, 9 অক্টোবৰ: দিছপুৰ প্ৰেছ ক্লাৱত শিলসাঁকোত উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ সংবাদমেল । সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰে উচ্ছেদিত ৰাইজে । 'বানমুক্ত গুৱাহাটী' মুখ্যমন্ত্ৰীৰ ভুৱা শ্ল'গান বুলিও মন্তব্য কৰে উচ্ছেদ প্ৰতিৰোধী ৰাইজে ।

গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ এটোপাল পানীও শিলসাঁকোলৈ অহা নাই বুলি মুখ্যমন্ত্ৰীৰ অভিযোগক নস্যাৎ কৰে উচ্ছেদিতই । লগতে, শিলসাকোঁত উচ্ছেদ হোৱাৰ পিছতো মহানগৰীৰ নতুন নতুন ঠাই প্লাবিত হৈছে বুলি কয় প্ৰতিৰোধী ৰাইজে । মহানগৰীৰ বহু ঠাইত নতুনকৈ প্লাবিত হোৱা বুলি কোৱাৰ লগতে মহানগৰীক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিম বুলি মিছা প্ৰতিশ্ৰুতি আগবঢ়াই শিলসাকোঁত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাইছে বুলি কয় ।

আজমল, হিম্মৎ সিংকাৰ মাটিত বুলড’জাৰ থমকি ৰয় বুলিও মন্তব্য কৰে উচ্ছেদিত ৰাইজে । লগতে মিছা কথাৰে অসমৰ জনতাক বিপথে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰীয়ে বুলিও কয় উচ্ছেদিতসকলে । নলা, নৰ্দমা চাফা নকৰাৰ বাবেই গুৱাহাটী প্লাবিত হৈছে বুলি কয় ৰাইজে ।

আনহাতে মন্ত্ৰী অশোক সিংহলৰ সন্দৰ্ভত মন্তব্য কৰি কয়, "প্ৰথমবাৰৰ বাবে হেলিকপ্টাৰৰ পৰা নমা মন্ত্ৰী অশোক সিংহলে মিছা মাতিছে । অশোক সিংহল আজি বেছি অসমীয়া । সিংহলে অট্টালিকা বনাব পাৰে, ৰাইজে কিন্তু সৰু ঘৰ এটাও বনাব নোৱাৰে । " লগতে, এটা গাঁত খান্দি বান নিয়ন্ত্ৰণৰ সপোন দেখে চৰকাৰে বুলিও কয় উচ্ছেদ প্ৰতিৰোধী ৰাইজে ।

গুৱাহাটীৰ বান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিৰোধী ৰাইজে কয়, "গুৱাহাটীৰ পানী মুখ্যমন্ত্ৰীৰ চকুত পৰা নাই বুলি কৈছে, এতিয়া মুখ্যমন্ত্ৰীৰ চকুত কেৱল মাটিহে পৰে । মুখ্যমন্ত্ৰীয়ে আমাৰ লগত ওলাওক, গুৱাহাটীৰ বান আমি দেখুৱাম । চৰকাৰে দিয়া ক্ষতিপূৰণৰ তালিকাত ঘৰ নভঙা মানুহৰ নাম আছে যদিও ঘৰ ভঙা মানুহৰ নাম নাই বুলি গুৰুতৰ অভিযোগ তোলে ।

লগতে পঢ়ক: Artificial Flood in Assam : কৃত্ৰিম বান ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত কোনো অস্ত্ৰ বা আঁচনি নাই; অশোক সিংহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.