ETV Bharat / state

Artificial Flood in Assam : কৃত্ৰিম বান ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত কোনো অস্ত্ৰ বা আঁচনি নাই; অশোক সিংহল

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 6:12 PM IST

Minister Ashok Singhal
মন্ত্ৰী অশোক সিংহল

কৃত্ৰিম বান মুক্ত কৰাৰ বাবে চৰকাৰ ওচৰত কোনো দায়িত্ব আৰু আঁচনি নাই বুলি মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷ যোৱা 10-15 বছৰৰ পৰা কৃত্ৰিম বান হোৱা আৰম্ভ হৈছে বুলি কয় মন্ত্ৰীজনে ৷

কৃত্ৰিম বান সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ মন্তব্য

যোৰহাট, 8 অক্টোবৰ : "কৃত্ৰিম বান মুক্ত কৰাৰ বাবে চৰকাৰ ওচৰত কোনো অস্ত্ৰ নাই আৰু আঁচনিও নাই ৷ এই কৃত্ৰিম বানৰ সমস্যা চৰকাৰ আৰু জনসাধাৰণে মিলি সমাধান কৰিব লাগিব ৷" এই মন্তব্য গৃহ আৰু নগৰ পৰিক্ৰমা আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ ৷ দেওবাৰে যোৰহাটত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক কৃত্ৰিম বান সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰে ৷

উল্লেখ্য যে, বান মুক্ত অসম গঢ়াৰ লক্ষ্যৰে শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ বিভিন্ন সময়ত টুলুঙা মন্তব্য কৰি অহা পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিভিন্ন সময়ত তৰল মন্তব্য আগবঢ়ায় অহা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সাংবাদিকলৈ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্ত দোষ ঠেলা পৰিলক্ষিত হ’ল ৷ তাৰ মাজতেই দেওবাৰৰ দিনটোত কেবিনেট মন্ত্ৰী অশোক সিংহলে কৃত্ৰিম বানক লৈ কোনো আঁচনি নাই বুলি মন্তব্য কৰে ৷

মন্ত্ৰী অশোক সিংহলে যোৰহাটত উপস্থিত হৈ কয় যে, কৃত্ৰিম বান ৰোধ কৰিব পৰা নাই কাৰণ পানী উঠি আছে ৷ কৃত্ৰিম বান পূৰ্বে নাছিল ৷ যোৱা 10-15 বছৰৰ পৰা কৃত্ৰিম বান হোৱা আৰম্ভ হৈছে ৷ কেৱল গুৱাহাটীয়েই নহয়, য’তেই যোৱা হয় তাতেই মানুহে কৃত্ৰিম বান হোৱাৰ কথা কয় ৷ যোৰহাটত এই সমস্যা হৈছে নে নাই সেই বিষয়ে জ্ঞাত নহয় বুলি কৈ মন্ত্ৰীজনে কয় যে, অহা 2-3বছৰৰ পিছত যোৰহাটতো কৃত্ৰিম বান হোৱা আৰম্ভ হ’ব ৷

লগতে মন্ত্ৰীজনে কয় যে, কৃত্ৰিম বান ৰোধ কৰাৰ দায়িত্ব, অস্ত্ৰ, আঁচনি কেৱল চৰকাৰৰ হাতত নাই ৷ সকলোৱাই লগ লাগি কৃত্ৰিম বান ৰোধ কৰিব পৰা যাব ৷ কাম বহুত কৰিব লগা আছে ৷ এই ক্ষেত্ৰত চৰকাৰে লাহে লাহে কাম আৰম্ভ কৰিছে ৷ 55 বছৰ যিটো সমস্যা যোৰহাটত জীয়াই আছিল সেই সমস্যা আজি চৰকাৰে সমাধান কৰাৰ বাবে আগভাগ লৈছে ৷ গতিকে প্ৰত্যেকতো সমস্যাৰে সমাধান আছে আৰু চৰকাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমাধান কৰিব বুলি কয় মন্ত্ৰীজনে ৷

কৃত্ৰিম বানে এতিয়া জুৰুলা কৰিছে গুৱাহাটী মহানগৰী ৷ মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানে হাৰাশাস্তিত ভোগাইছে মহানগৰবাসীক ৷ কৃত্ৰিম বান ৰোধ কৰিব নোৱাৰাৰ বাবে ৰাইজৰ ৰোষত পৰিছে চৰকাৰৰ লগতে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহল ৷ কিন্তু কৃত্ৰিম বানে জুৰুলা কৰা ৰাইজৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে স্বয়ং ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীজনকে ধৰি বিভাগীয় মন্ত্ৰীয়ে বিভিন্ন সময়ত নাভূত-নাশ্ৰুত মন্তব্য আগবঢ়াই আহিছে ৷

লগতে পঢ়ক : Assam CM on Flood : গুৱাহাটীৰ বান সমস্যা সমাধানৰ চাবি আছে সাংবাদিকৰ হাতত; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.