ETV Bharat / state

মহানগৰীত ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

author img

By

Published : Nov 16, 2020, 10:47 PM IST

সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন ৷গুৱাহাটী মহানগৰীটো ৰাজ্যিক ভিত্তিত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

as_ghy_Press_day_celebration_Guwahati_vis_ASC10028
মহানগৰীত ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

গুৱাহাটী,16 নৱেম্বৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস | সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । ১৯৬৬ চনত সোমবাৰৰ দিনটোতেই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই সাংবিধানিক সংস্থাৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে দায়িত্বশীল সংবাদ মাধ্যমৰ অস্তিত্ব বজাই ৰাখি সমাজৰ ভালৰ বাবে বাতৰি প্ৰকাশ কৰি সমাজৰ নেতিবাচক দিশসমূহ আঙুলিয়াই দি ইয়াৰ শুধৰণিৰ বাট প্ৰশস্ত কৰিবলৈ আজি দিনটোতে পুনৰ এবাৰ শপত লয় সাংবাদিকসকলে ৷ সাংবাদিকসকলৰ পেছাগত নৈতিকতাই এখন সুস্থ সমাজ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়ায়।

as_ghy_Press_day_celebration_Guwahati_vis_ASC10028
মহানগৰীত ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো ৰাজ্যিক ভিত্তিত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। অনুষ্ঠানত "সংবাদ মাধ্যমৰ ওপৰত ক'ভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়ে। এই অনুষ্ঠানতে ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ৷ তাৰ লগতে 'পদ্মশ্ৰী' এলি আহমেদকো সম্বৰ্ধনা জ্ঞাপন কৰে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ৷

মহানগৰীত ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

দিনে দিনে অসমত বাঢ়ি অহা সাংবাদিক নীগ্ৰহৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে, মূল্যবোধৰ ভেটি শক্তিশালী কৰাত যথেষ্ট ভূমিকা আছে সংবাদ মাধ্যমৰ। চাৰিওটা স্তম্ভ শক্তিশালী হ'লেহে শক্তিশালী হ'ব গণতন্ত্ৰ। গতিকে সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ কাক পথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যু আৰু মিৰ্জাৰ সাংবাদিক মিলন মহন্তক শাৰিৰীক নিৰ্যাতন কৰা দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে ৷ লগতে কয় যে, COVID-19 ৰ সময়চোৱাতো অসমৰ সাংবাদিক সকলে সজাগতা সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷ উমৈহতীয়া প্ৰচেষ্টাৰে কৰ'নাৰ বিৰুদ্ধে যুঁজ চলোৱা হৈছিল ৷ সাংবাদিক সকলেও জনতাৰ স্বাৰ্থত নিষ্ঠাসহকাৰে সেৱা আগবঢ়াই আহিছে ৷ সংবাদ মাধ্যমৰ সমালোচনা কেতিয়াবা ভালো লাগে,বেয়াও লাগে ৷ সাংবাদিকসকলেই চকাৰৰ কামত চোকা নজৰ ৰাখিব লাগিব ৷

লগতে পঢ়ক: বৰপেটাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.