ETV Bharat / state

Samyukt Kisan Morcha Assam : কৃষি, কৃষি ভূমি আৰু কৃষকক ৰক্ষা কৰাৰ দাবীত 12 চেপ্তেম্বৰত ৰাজ্যিক কৃষক অভিৱৰ্তন

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:15 PM IST

কৃষক আৰু কৃষিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সংযুক্ত কিষাণ মৰ্চাই 12 চেপ্তেম্বৰত গুৱাহাটীত ৰাজ্যিক কৃষক অভিৱৰ্তনৰ আহবান জনাইছে ৷ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত দিনৰ 10-30 বজাৰ পৰা আৰম্ভ হ’ব লগীয়া কৃষক অভিৱৰ্তনত ৰাজ্যৰ 10 টা কৃষক সংগঠনে অংশগ্ৰহণ কৰিব ৷

Press Conference of Samyukt Kisan Morcha Assam
সংযুক্ত কিষাণ মৰ্চা অসমৰ সংবাদমেল

12 চেপ্তেম্বৰত গুৱাহাটীত ৰাজ্যিক কৃষক অভিৱৰ্তনৰ আহবান

গুৱাহাটী, 30 আগষ্ট : নিৰ্বাচনৰ পূৰ্বে কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহাৰ পিছত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ কৃষক বিৰোধী কৃষি নীতিয়ে কৃষি উৎপাদন ব্যয় কেবাগুণ বৃদ্ধি কৰিলে ৷ স্বামীনাথন আয়োগৰ পৰামৰ্শ আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোদী চৰকাৰে তিনিখন কৃষক বিৰোধী কৃষি আইন গ্ৰহণ কৰি কৃষিক কৃষকৰ পৰা কাঢ়ি নি কৰ্প’ৰেটক গতাই দিবলৈ ষড়যন্ত্ৰ কৰিছিল ৷ দেশৰ পাঁচশৰো অধিক কৃষক সংগঠনৰ যৌথ মঞ্চ সংযুক্ত কিষাণ মৰ্চাই ঐতিহাসিক দিল্লী আন্দোলন কৰি কৃষক বিৰোধী আইন তিনিখন প্ৰত্যাহাৰ কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰক বাধ্য কৰিছিল ৷ সংযুক্ত কিষাণ মৰ্চাৰ লগত হোৱা চুক্তিৰ আন বহু গুৰুত্বপূৰ্ণ দাবী কেন্দ্ৰীয় চৰকাৰে পালন নকৰি দেশৰ কৃষক সমাজৰ লগত বিশ্বাসঘাটতকতা কৰিলে ৷ চুক্তিৰ অন্যতম চৰ্ত অনুযায়ী ফচলৰ নিম্নতম সহায়ক মূল্য নিৰ্ধাৰণৰ বাবে গঠন কৰা কমিটিত দিল্লীৰ কৃষক আন্দোলন বিৰোধী ব্যক্তি সমূহকহে স্থান দিলে ৷ সংযুক্ত কিষাণ মৰ্চাই বাৰাম্বাৰ সকীয়নি দিয়া স্বত্বেও নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ কেন্দ্ৰীয় চৰকাৰে চুক্তি অৱজ্ঞা কৰি আহিছে ৷ সেয়ে সংযুক্ত কিষাণ মৰ্চাই সমগ্ৰ দেশজুৰি দ্বিতীয় পৰ্যায়ৰ কৃষক আন্দোলন ঘোষণা কৰিছে ৷ এই মন্তব্য সংযুক্ত কিষাণ মৰ্চা অসমৰ সদস্য সোনেশ্বৰ নৰহৰ ৷

গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয়, অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষি নীতিক অন্ধভাৱে অনুসৰণ কৰি কৃষি আৰু কৃষক বিৰোধী অৱস্থান গ্ৰহণ কৰিছে ৷ গ্ৰামাঞ্চলত দৰিদ্ৰতা বৃদ্ধি পাইছে ৷ লেণ্ড বেংকৰ জৰিয়তে কৃষকৰ সলনি কৰ্প’ৰেটক মাটি দিয়াৰ ষড়যন্ত্ৰ চলোৱা হৈছে ৷ বেছিভাগ ভোগ, দখলীকৃত মাটিৰ পট্টা দিয়া হোৱা নাই বা বৈষম্য কৰা হৈছে ৷ বাৰাম্বাৰ দাবী কৰি অহা স্বত্বেও যোৱা ষাঠি বছৰে ৰাজ্যত ভূমিৰ জৰীপ নহ’ল ৷ বনাঞ্চল অধিকাৰ আইন, 2006 ক অৱজ্ঞা কৰা হৈছে ৷ কৃষিভূমি সংকুচিত হোৱাৰ ফলত খাদ্য সংকটৰ আশংকাৰ সৃষ্টি হৈছে ৷ কৃষকক অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে ৷ সিমানেই নহয়, বহু সময়ত উচ্ছেদক সাম্প্ৰদায়িকৰণ কৰি কৃষকক ধৰ্মীয় মেৰুকৰণৰ লক্ষ্য কৰি লৈছেবুলি কয় তেওঁ ৷

তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেহতীয়া ভূমি নীতিয়ে ৰাজ্যৰ কৃষি খণ্ড আৰু কৃষক সমাজক হতাশ কৰিছে ৷ বান-গৰাখহনীয়াই আজিও ৰাজ্যৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰাৰ লগতে গ্ৰাম্যজীৱন আৰু অৰ্থনীতিক পংগু কৰি ৰাখিছে ৷ নিম্নতম সমৰ্থন মূল্য (এমএছপি)ত দহ লক্ষ মেট্ৰিকটন ধান ক্ৰয় কৰিব বুলি ঘোষণা কৰা ৰাজ্য চৰকাৰে চাৰি লক্ষ মেট্ৰিকটনহে ক্ৰয় কৰি কৃষকক আভুৱা ভাৰি আহিছে ৷ জটিল ক্ৰয় প্ৰক্ৰিয়াৰ বাবে অসমত বেছিভাগ কৃষকে এমএছপিত ধান বিক্ৰী কৰিব পৰা নাই ৷ ধানৰ প্ৰতি কুইণ্টলত 2,040 টকা ঘোষিত এমএছপিৰ বিপৰীতে বেছিভাগ কৃষকে 800-1200 টকা প্ৰতি কুইণ্টলত ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে ৷ মাটিৰ প্ৰমাণপত্ৰ প্ৰদৰ্শনৰ নিয়ম বান্ধি আধিয়াৰৰ পৰা ধান ক্ৰয় কৰাৰ বাট বন্ধ কৰিছে ৷ ধানৰ বাহিৰে আন ফচলত এমএছপি ঘোষণা কৰা নহয় ৷ ফলত বেছিভাগ ক্ষেত্ৰতে উৎপাদন ব্যয়খিনিৰ পৰাও কৃষক বঞ্চিত হৈ আহিছে ৷

কৃষক নেতাজনে কয় যে, দুগ্ধ উৎপাদন, গো-পালন, গাহৰি, কুকুৰা, মীন আদি সকলো ক্ষেত্ৰতে একে অৱস্থা বিদ্যমান ৷ চাহ উদ্যোগত বৃহৎ চাহ খেতিয়কৰ স্বাৰ্থ ৰক্ষাত ব্যস্ত ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কক কেঁচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত কৰি আহিছে ৷ বটলিফ ফেক্টৰীৰ মালিকে ক্ষুদ্ৰ চাহ খেতিয়কক ১10-12 টকা প্ৰতি কিলোগ্ৰামত কেঁচা চাহপাত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছে, এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ নিৰুদ্বিগ্ন ৷ ৰাজহুৱা খণ্ডৰ জাগীৰোড আৰু কাছাৰ কাগজ কল বন্ধ হোৱাৰ পিছত পাহাৰীয়া জিলা দুখনৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে ৷

সীমান্তৰ সিপাৰৰ পৰা অহা চোৰাং চুপাৰীৰ বাবে বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ চুপাৰী উৎপাদকসকলৰ জীৱিকা বিপৰ্যস্ত হোৱাৰ লগতে আৰক্ষী অযথা হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ শেহতীয়াকৈ তৈল পাম কৃষি আৰম্ভ কৰি লাখ লাখ হেক্টৰ ভূমি মুষ্টিমেয় চাৰিটা কৰ্প’ৰেট যথাক্ৰমে ৰামদেৱৰ পতঞ্জলী ফুড লিমিটেড, গডৰেজ এগ্ৰভেট লিমিটেড, থ্ৰী এফ অইল পাম, কে ই কাল্টিভেছনক গতাই দিছে ৷ কৃষিৰ কৰ্প’ৰেটকৰণক বাধা দিয়া, সকলো ফচলৰ বাবে এমএছপি, ভোগ দখল কৰা মাটিৰ পট্টা দিয়া, বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবীকে ধৰি দেশ তথা ৰাজ্যৰ কৃষক আৰু কৃষিৰ এশ এবুৰি সমস্যা সমাধানৰ দাবীত সংযুক্ত কিষাণ মৰ্চাই অহা 12 চেপ্তেম্বৰত গুৱাহাটীত ৰাজ্যিক কৃষক অভিৱৰ্তনৰ আহবান জনাইছে ৷

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষেগৃহত দিনৰ 10-30 বজাৰ পৰা আৰম্ভ হ’ব লগীয়া কৃষক অভিৱৰ্তনত ৰাজ্যৰ 10 টা কৃষক সংগঠন যথাক্ৰমে অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত কৃষক সভা, কৃষক মহাসভা-অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম খেতিয়ক সন্থা, জীপাল কৃষক শ্ৰমিক সংঘ, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসম কৃষি শ্ৰমিক হিউনিয়ন, জনজাতি অধিকাৰ মঞ্চ, অল ইণ্ডিয়া কিষাণ ক্ষেত্ৰ মজদুৰ সংগঠনে যোগদান কৰিব বুলি জানিবলৈ দিয়ে সংযুক্ত কিষাণ মৰ্চা অসমৰ সদস্য সোনেশ্বৰ নৰহে৷ সংযুক্ত কিষাণ মৰ্চাৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ লগতে অসমৰ বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোঁহায়েও অভিৱৰ্তনত অংশগ্ৰহণ কৰিব ৷

এই অভিৱৰ্তন সাফল্য মণ্ডিত কৰি তুলিবলৈ সংযুক্ত কিষাণ মৰ্চা- অসমে কৃষক সমাজকে ধৰি ৰাজ্যৰ সকলো অংশৰ জনসাধাৰণৰ সহায়-সহযোগিতা কামনা কৰে ৷ সংবাদমেলত সংযুক্ত কিষাণ মৰ্চা, অসমৰ আহবায়ক টিকেন দাস, জয়ন্ত গগৈ, বলীন্দ্ৰ শইকীয়াকে ধৰি কেইবাগৰাকী সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক : Assam Cash for Job Scam: ক’লা নিযুক্তিৰ কেন্দ্ৰত পৰিণত বাজপেয়ী ভৱন; CBI তদন্তৰ দাবী অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.