ETV Bharat / state

Durga Puja 2023: 108 টা ঘট স্থাপনেৰে শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত আৰম্ভ দুৰ্গা পূজা

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 8:26 PM IST

108 টা ঘট স্থাপনেৰে মহানগৰীৰ শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত অনুষ্ঠিত হৈছে দুৰ্গা পূজাৰ লগতেই নৱৰাত্ৰি পূজা । আজি নৱৰাত্ৰিত চতুৰ্থ দিনা মা কুষ্মাণ্ডাক আৰাধনা কৰা হয়।

Durga Puja 2023
108 টা ঘট স্থাপনেৰে মহানগৰীৰ শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত অনুষ্ঠিত হৈছে দুৰ্গা পূজা

108 টা ঘট স্থাপনেৰে মহানগৰীৰ শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত অনুষ্ঠিত হৈছে দুৰ্গা পূজা

গুৱাহাটী,18 অক্টোবৰ: দুৰ্গা পূজালৈ মাজত মাথোঁ এটা দিন বাকী । শাৰদী ৰাণী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ঘোঁৰাৰ পিঠিত উঠি ধৰাৰ বুকুলৈ ইতিমধ্যে আগমন ঘটিছে মা দুৰ্গাৰ । মহালয়াৰ পিচৰে পৰা আৰম্ভ হৈছে নৱৰাত্রি পূজাৰো । প্ৰতিপদৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰিৰ আজি চতুৰ্থ দিন ।

মা শৈলপুত্ৰী পূজাৰে নৱৰাত্রিৰ ব্ৰত আৰম্ভ হোৱা নৱৰাত্ৰি পূজা, কুমাৰী পূজা অৰ্থাৎ নৱমীৰ দিনা শেষ হয় । নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিনী, তৃতীয় দিনা মা চন্দ্ৰঘণ্টা, চতুৰ্থ দিনা মা কুষ্মাণ্ডা, পঞ্চম দিনা স্কন্দমাতা, ষষ্ঠ দিনা মা কাত্যায়নী, সপ্তম দিনা মা কালৰাত্রী, অষ্টম দিনা ম মহাগৌৰী, আৰু নৱম দিনা মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয় ৷

আজি মাৰ কুষ্মাণ্ডা ৰূপক আৰাধনা কৰা হয় । ৰাজ্যৰ বিভিন্ন স্থানৰ লগতেই মহানগৰীৰ বৰবাৰীৰ শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰতো অনুষ্ঠিত হৈ আছে নৱৰাত্ৰি পূজা । শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰৰ পুৰোহিত তথা প্ৰতিস্থাপক দ্বীপেন শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত হৈছে নৱৰাত্ৰি পূজা ।

এই মন্দিৰ তথা পূজা ভাগৰো আছে বিশেষ মাহাত্ম্য । 2007 চনৰ পৰা শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা । 108 টা ঘট স্থাপন কৰি এই মন্দিৰত মা দুৰ্গাক আৰাধনা কৰা হয় । 2007 চনৰ পৰা এই নিয়মেৰে এই মন্দিৰত পূজা অনুষ্ঠিত কৰি অহা হৈছে ।

ভক্তসকলে বিভিন্ন মনোকামনাৰে পূজা আগবঢ়াই এই মন্দিৰত । আনহাতে নৱৰাত্ৰিৰ এই সময়ছোৱাত এই মন্দিৰলৈ আগমন ঘটে বহু ভক্তৰো । নৱমী পূজাৰ দিনা শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত কুমাৰী পুজাও অনুষ্ঠিত কৰা হয় । উল্লেখযোগ্য যে শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰৰ সমান্তৰালকৈ মা কামাখ্যা ধামতো অনুষ্ঠিত হৈ আছে নৱৰাত্ৰি পূজা ।

লগতে পঢ়ক:Durga Puja 2023: পূজা ! মহানগৰীত কোনে কি আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.