ETV Bharat / state

G20 Summit in Guwahati: G-20 ৰ বাবে ন-কইনাৰ দৰে সজাইছে গুৱাহাটীক

author img

By

Published : Jan 31, 2023, 10:25 AM IST

জি ২০ আৰু ওৱাই ২০ ৰ বাবে সাজু গুৱাহাটী । প্ৰস্তুতি তুংগত উঠিছে অতিথিক আদৰিবলৈ(Preparation for G-20 Summit in Guwahati) । আটকধুনীয়াকৈ সজাই তোলা হৈছে বাট-পথ বিমানবন্দৰ ।

Preparation for G 20 Summit in Guwahati
জি ২০ আৰু ওৱাই ২০ ৰ বাবে সাজু গুৱাহাটী

গুৱাহাটী, ৩১ জানুৱাাৰী: ন-কইনাৰ দৰে সজোৱা হৈছে গুৱাহাটী মহানগৰীক(G20 Summit in Guwahati) । তীব্ৰ গতিত চলিছে কাম । জি ২০ আৰু ওৱাই ২০ সন্মিলনৰ বাবে গুৱাহাটী মহানগৰী আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । ভাৰতৰ বছৰজোৰা জি ২০ অধ্যক্ষতাৰ অংশস্বৰপে প্রথম বহনক্ষম বিত্তীয় কর্ম গোট (SFWG) আৰু যুৱ ২০ (Y-20) প্ৰাৰম্ভিক সভালৈ প্রতিনিধিসকলক আদৰিবলৈ অসমে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰিছে(G20 Summit in Assam) ।

জি ২০ৰ সন্মিলন উপলক্ষে বিদেশী প্রতিনিধিসকলক আদৰিবলৈ অসমে প্রস্তুতি সম্পূৰ্ণ কৰিছে । এই প্রস্তুতিৰ অংশস্বৰূপে ডিজিটেল ৱাল পেইণ্টিঙ, জি ২০ বিষয়ক সুসজ্জিত তোৰণ, জি ২০ ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পতাকা, এল ই ডি কাট- আউট, হর্ডিঙ আদিৰে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ লগতে প্ৰচাৰৰো ব্যৱস্থা কৰা হৈছে । ‘বসুধৈৱ কুটুম্বকম’ৰ আদৰ্শৰে আয়োজিত এই জি ২০ ৰ মূল নীতি হৈছে ‘এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'(Preparation for G-20 Summit in Guwahati) ।

প্রথম বহনক্ষম বিত্তীয় কৰ্ম গোটৰ সভা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অহা ২ আৰু ৩ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । এই দুদিনীয়া সভাখনত জি ২০ ৰ সদস্য ৰাষ্ট্ৰ, অতিথি ৰাষ্ট্ৰ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ৯৪ গৰাকী প্রতিনিধিৰ লগতে ভাৰত চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব । প্রথমদিনৰ কাৰ্যসূচীৰ ভিতৰত আছে যোগাভ্যাস কাৰ্যসূচী আৰু এছ এফ ডব্লিউ জি (G20 Sustainable Finance Working Group)ৰ তিনিখন অধিৱেশন ।

প্রথম দিনৰ কাৰ্যসূচী ৰিভাৰ ক্ৰুজ, ‘ৰাত্ৰি ভোজ পৰ সম্বাদ’ আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অন্ত পৰিব । যোগাভ্যাস কার্যসূচী, তিনিখন পাৰ্শ্ব সভা আৰু এছ এফ ডব্লিউ জিৰ চতুৰ্থখন অধিবেশন অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় দিনাৰ কাৰ্যসূচী ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত নৈশ আহাৰ গ্ৰহণেৰে অন্ত পৰিব । অহা ৭-৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ হোটেল ৰেডিছন ৱ্লু আৰু IIT গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যুৱ ২০ (Y-20)ৰ প্ৰাৰম্ভিক সভাত ২৫০ গৰাকী প্রতিনিধি উপস্থিত থাকিব ।

তদুপৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪০০ ছাত্ৰ-ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰিব । পাঁচটা আলোচ্য বিষয়ৰ ওপৰত সমগ্ৰ দেশজুৰি ওৱাই ২০ বৈঠক অনুষ্ঠিত হ’ব আৰু অসমতে ইয়াৰ প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হ’ব । গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই প্ৰাৰম্ভিক ওৱাই ২০ বৈঠকৰ পিছত দেশৰ বিভিন্ন স্থানত এনে ওৱাই ২০ বৈঠক অনুষ্ঠিত হ’ব আৰু অহা আগষ্ট মাহত ওৱাই ২০ ৰ শীৰ্ষ সন্মিলনেৰে এইলানি বৈঠকৰ সামৰণি পৰিব ।

ওৱাই ২০ বৈঠকৰ মূল বিষয়সমূহ হৈছে শান্তি স্থাপন আৰু বুজাপৰা, কৰ্ম উদ্যোগৰ ভৱিষ্যত, জলবায়ু পৰিৱৰ্তন আৰু দুযোর্গৰ আশংকা হ্ৰাস, গণতন্ত্ৰ আৰু প্ৰশাসনত যুৱশক্তি আৰু সুস্বাস্থ্য আৰু ক্ৰীড়া । অসম চৰকাৰে জি ২০ ৰ প্ৰতিনিধিসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, গড়ভঙা সংৰক্ষিত বনাঞ্চল, ব্রহ্মপুত্র নদীদ্বীপ আৰু ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ আদি জৈৱ-বৈচিত্ৰপূৰ্ণ আৰু ঐতিহ্যমণ্ডিত স্থানসমূহ ভ্ৰমণৰ ব্যৱস্থা কৰিছে ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত(Bordoloi International Airport) আহি উপস্থিত হ’বহি এশৰো অধিক বিদেশী অতিথি । G-20 সন্মিলনৰ সভাত ভাগ ল’বলৈ অহা কুৰীৰো অধিক দেশৰ এই প্ৰতিনিধি সকলক আদৰণি জনাবলৈ অসম চৰকাৰৰ সহযোগত বিমানকোঠটো সজাই পৰাই উলিওৱা হৈছে । থলুৱা চিত্ৰ, কলা-সংস্কৃতি আৰু পৰম্পৰাৰ সাঁচ ৰাখি সজোৱা হৈছে টাৰ্মিনেল ভৱনৰ আগমণ আৰু প্ৰস্থান কক্ষ ।

ইফালে জি-২০ সন্মিলনক লৈ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে আই আই টি গুৱাহাটীত । ১ ফেব্ৰুৱাৰীৰ পৰা শিক্ষা প্রতিষ্ঠানখনত অনুষ্ঠিত হ’ব জি-২০ৰ দুখনকৈ বৈঠক । জি-২০ সন্মিলনৰ ইকনমিক কনক্লেভ আৰু ইয়ুথ কনক্লেভ অনুষ্ঠিত হ’ব আই আই টি গুৱাহাটীত । অহা ১ ফেব্ৰুৱাৰীৰপৰা ৩ ফেব্ৰুৱাৰীলৈ ‘ইকনমিক কনক্লেভ' আৰু ৬ ফেব্ৰুৱাৰীৰপৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব 'ইয়ুথ কনক্লেভ’ ।

ইয়াৰ বাবে ন-ৰূপত সজাই পৰাই তোলা হৈছে প্রতিষ্ঠানটো । অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া প্রায় ১৫০ গৰাকী বিভিন্ন দেশৰ প্রতিনিধিক সুন্দৰকৈ ৰখাৰ বাবে সজাই-পৰাই তোলা হৈছে আই আই টি গুৱাহাটীৰ নতুনকৈ নিৰ্মাণ কৰা অতিথিশালাটো । ৭ ফেব্ৰুৱাৰীত প্রতিষ্ঠানটোত অনুষ্ঠিত হ'বলগীয়া ইয়ুথ কনক্লেভত অংশগ্ৰহণ কৰিব ৰাজ্যৰ বিভিন্ন প্রতিষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ৪০০ গৰাকী শিক্ষাৰ্থীয়ে ।

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনিৰ সঞ্চালকে জানিবলৈ দিয়া মতে আহিবলগীয়া প্রতিনিধিসকলৰ ৫০ গৰাকী বিদেশী ৰাষ্ট্ৰৰ আৰু ১০০ গৰাকী দেশৰ । এই প্রতিনিধিসকলৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ত কথা পতাৰ সুযোগ লাভ কৰিব । ইফালে, সন্মিলনখনত পৰিৱেশ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আই আই টি গুৱাহাটীয়ে । শিক্ষা প্রতিষ্ঠানখনৰ অতিথিশালাত থাকিবলগীয়া ১৫০জন প্রতিনিধিৰ বাবে আই আই টিয়ে সাজু কৰিছে ১৫০ খন চাইকেল আৰু হেলমেট । লগতে আই আই টিখনৰ ভিতৰত প্ৰায় ৩৪ কিলোমিটাৰ পথ সুকীয়াকৈ সাজু কৰা হৈছে কেৱল চাইকেল আৰোহীৰ বাবে ।

লগতে পঢ়ক: Assam Sahitya Sabha: আজিৰে পৰা আৰম্ভ হ’ব অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.