ETV Bharat / state

Gunotsav rusults : খিলঞ্জীয়া বসতিপ্ৰধান জিলাত ক্ৰমাৎ নিম্নগামী গুণোৎসৱৰ ফলাফল

author img

By

Published : May 6, 2023, 5:51 PM IST

Gunotsav rusults
Gunotsav rusults

গুণোৎসৱৰ ফলাফলত ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ দুখন পৃথক ছবি । 14 খন জিলাৰ ফল ঊর্ধ্বমুখী হোৱাৰ বিপৰীতে 16 খন জিলাৰ শিক্ষাৰ মান 2022 তকৈ নিম্নগামী হ'ল । খিলঞ্জীয়া লোকৰ প্ৰাধান্য থকা জিলাৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ মান অৱনমিত হোৱাৰ বিপৰীতে প্ৰব্ৰজিত মূলৰ ধৰ্মীয় সংখ্যালঘু লোক অধ্যুষিত জিলা আগুৱাই গৈছে (Gunotsav in Assam) ।

গুৱাহাটী, 6 মে': ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ গুণগত মান উন্নত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু চৰকাৰী এই পদক্ষেপে প্ৰকৃততে চৰকাৰী শিক্ষাখণ্ডৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে নে বুলি স্বাভাৱিকতেই এক প্ৰশ্নৰ উত্থাপন হয় । শেহতীয়াকৈ ঘোষিত গুণোৎসৱ 2023 ৰ ফলাফলত সামগ্রিকভাৱে চৰকাৰী শিক্ষাৰ উত্তৰণ ঘটাত ‘এ’ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে ।

কিন্তু ইয়াৰ সমান্তৰালকৈ খিলঞ্জীয়া লোকৰ প্ৰাধান্য থকা জিলাৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ মান অৱনমিত হোৱাৰ এখন উদ্বেগজনক ছবিও পোহৰলৈ আহিছে । ইয়াৰ বিপৰীতে প্ৰব্ৰজিত মূলৰ ধৰ্মীয় সংখ্যালঘুলোক বসতি প্রধান জিলাত একেই ব্যৱস্থাৰে চৰকাৰী শিক্ষা প্রদান কৰা হয় যদিও সেই জিলাসমূহৰ বিদ্যালয়ে আশানুৰূপ ফল প্ৰদৰ্শন কৰাৰ কথা গুণোৎসৱৰ ফলাফলত প্রকাশ পাইছে (gunotsav result 2023) ।

Gunostsav in Assam
খিলঞ্জীয়া বসতি প্ৰধান জিলাত ক্ৰমাৎ নিম্নগামী গুণোৎসৱৰ ফলাফল

উল্লেখ্য যে ৰাজ্যৰ 33 খন জিলাক সামৰি প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্রেণীলৈ গুণোৎসৱ অনুষ্ঠিত হৈছিল । গুণোৎসৱৰ জৰিয়তে চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা ব্যৱস্থা মূল্যায়ন কৰাৰ পাচত দেখা গ'ল যে তিনিখন জিলাৰ স্থান একেই থাকিল । 14 খন জিলাৰ ফল ঊর্ধ্বমুখী হোৱাৰ বিপৰীতে 16 খন জিলাৰ শিক্ষাৰ মান 2022 তকৈ নিম্নগামী হ'ল । ধাৰাবাহিকভাৱে শিৱসাগৰ জিলাই গুণোৎসৱত প্রথম স্থানত থকাৰ দৰে 2022 ত অনুষ্ঠিত গুণোৎসৱ ফলাফলৰ দৰে বৰপেটাই 20 নম্বৰ আৰু কাৰ্বি আংলঙে 31 নম্বৰ স্থান দখল কৰে । খিলঞ্জীয়া লোকৰ বসতি প্রধান জিলাসমূহৰ ভিতৰত মাজুলী, যোৰহাট, তিনিচুকীয়া, মৰিগাঁও, ডিব্ৰুগড়, লখিমপুৰ, বাক্সা, ওদালগুৰি, কামৰূপ মহানগৰ, কোকৰাঝাৰ, চিৰাং, পশ্চিম কাৰ্বি আংলং আদি জিলাই যোৱা বছৰ গুণোৎসৱত লাভ কৰা ফলতকৈ এইবাৰ বেয়া ফলহে প্রদর্শন কৰে (Gunostsav in Assam) ।

ইয়াৰ বিপৰীতে গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, ধুবুৰী, কৰিমগঞ্জ, বঙাইগাঁও, হোজাই, দক্ষিণ শালমাৰা আদি জিলাই উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল । 2022 ৰ গুণোৎসৱৰ ফলাফলত মাজুলী জিলা দ্বিতীয় স্থানত আছিল যদিও এই বছৰত স্থান চতুৰ্থলৈ অৱনর্মিত হ'ল । তেনেদৰে নলবাৰী জিলাৰ স্থান যোৱা বছৰৰ তৃতীয় স্থানৰ পৰা নৱম স্থানলৈ আৰু যোৰহাটৰ স্থান পঞ্চমৰ পৰা ষষ্ঠ স্থানলৈ অৱনমিত হ'ল । আনহাতে তিনিচুকীয়া জিলা সপ্তম স্থানৰ পৰা 13 নম্বৰলৈ, কামৰূপ মহানগৰ জিলা 25 নম্বৰৰ পৰা 29 নম্বৰ স্থানলৈ, মৰিগাঁও জিলা দশম স্থানৰ পৰা 23 নম্বৰ স্থানলৈ অৱনমিত হ’ল (Gunotsav results in indigenous districts ) ।

Gunostsav in Assam
খিলঞ্জীয়া বসতি প্ৰধান জিলাত ক্ৰমাৎ নিম্নগামী গুণোৎসৱৰ ফলাফল

ইয়াৰ বিপৰীতে বৰাক উপত্যকা আৰু নামনি অসমৰ সংখ্যালঘু বসতিপ্রধান এলেকাৰ বিদ্যালয়সমূহত একেই চৰকাৰী ব্যৱস্থাৰে এইবাৰৰ গুণোৎসৱত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হয় । বিগত বছৰত 16 নম্বৰত থকা গোৱালপাৰা এই বছৰ দশম স্থানলৈ, কাছাৰ 17 নম্বৰৰ পৰা 12 নম্বৰলৈ, হাইলাকান্দি 18 নম্বৰৰ পৰা 16 নম্বৰলৈ, ধুবুৰী 19 নম্বৰৰ পৰা 17 নম্বৰ স্থানলৈ উন্নীত হ’ল । গুণোৎসৱত ‘এ’ প্লাছ বা 'এ' গ্রেড পোৱা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে (religious minority districts gunotsav result)।

ঠিক তেনেদৰে 'চি’ আৰু ‘ডি’ গ্রেড পোৱা বিদ্যালয়ৰ সংখ্যা হ্রাস পাইছে যদিও খিলঞ্জীয়া লোক থকা জিলাত থকা চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা যোৱা বছৰতকৈ যে অবনমিত হৈছে, সেই কথা দুটা বছৰৰ গুণোৎসৱৰ ফলৰ পাৰ্থক্যত স্পষ্ট হৈ পৰিল । তেনেস্থলত চৰকাৰী শিক্ষাখণ্ডৰ মান সামগ্ৰিকভাৱে উন্নত হোৱা বুলি ক'ব নোৱাৰি । এইক্ষেত্রত চৰকাৰীভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে ।

লগতে পঢ়ক : Margherita Rape case news : আৰক্ষীৰ জিম্মাত মাৰ্ঘেৰিটা কাণ্ডৰ অভিযুক্ত আনন তাঁতীৰ পত্নী গংগা তাঁতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.