ETV Bharat / state

Tension grips Assam Meghalaya border: পৰিস্থিতি শান্ত নোহোৱালৈকে মেঘালয় ভ্ৰমণত বাধা অসম আৰক্ষীৰ

author img

By

Published : Nov 22, 2022, 3:41 PM IST

Tension grips Assam Meghalaya border
Tension grips Assam Meghalaya border

অসম-মেঘালয় সীমান্তত পুনৰ উদ্ভৱ হোৱা উত্তেজনাক লৈ সষ্টম অসম আৰক্ষী (Dispute in Assam Meghalaya border)। অসমৰ কোনো লোককে মেঘালয়লৈ নোযোৱাৰ বাবে আহ্বান জনাইছে অসম আৰক্ষীয়ে । যিকোনো সময়তে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে । গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা অসমৰ লোকসকলক আৰক্ষীয়ে নাযাবৰ বাবে আহ্বান জনাইছে (Prevent of Meghalaya travel from Assam)। খানাপাৰাত আৰক্ষীয়ে মেঘালয়লৈ যাব খোজা অসমৰ লোকসকলক ওভতাই পঠাইছে । কাছাৰতো দেখা গৈছে একেই পৰিস্থিতি ৷

গুৱাহাটী, 22 নৱেম্বৰ: অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা (Tension grips Assam Meghalaya border)। পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । এই গুলীচালনাৰ ঘটনাত নিহত হৈছে 4 জন লোক । 3 খাচী দুৰ্বৃত্তৰ লগতে এজন গৃহৰক্ষী জোৱান নিহত হৈছে এই গুলীচালনাৰ ঘটনাত । এই ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যতে উত্তেজনাই বিৰাজ কৰিছে (tense situation in Assam Meghalaya Border) । যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে অসমৰ কোনো লোককে মেঘালয়লৈ নোযোৱাৰ বাবে আহ্বান জনাইছে ।

Tension grips Assam Meghalaya border
পৰিস্থিতি শান্ত নোহোৱালৈকে মেঘালয় ভ্ৰমণত বাধা আৰক্ষীৰ

যিকোনো সময়তে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে । বিশেষকৈ গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা অসমৰ লোকসকলক আৰক্ষীয়ে নাযাবৰ বাবে আহ্বান জনাইছে । গুৱাহাটীৰ খানাপাৰাত আৰক্ষীয়ে মেঘালয়লৈ যাব খোজা অসমৰ লোকসকলক ওভোতাই পঠাইছে । খানাপাৰাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । আৰক্ষীয়ে শ্বিলং অভিমুখে যোৱা অসমৰ বাহনসমূহ বিশেষকৈ অসমৰ লোকসকলক ঘূৰাই পঠিয়াইছে । কাছাৰতো আৰক্ষীয়ে লোকসকলক মেঘালয় ভ্ৰমণত বাধা আৰোপ কৰিছে ৷

সীমান্তৰ উত্তেজনাক লৈ শ্বিলঙলৈ যোৱা অসমৰ লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ব পাৰে বুলি আশংকা কৰি অসম আৰক্ষীয়ে এনে উদ্যোগ গ্ৰহণ কৰিছে । ফলত শ্বিলং অভিমুখে যোৱা বহু লোক উভতি আহিবলগীয়া হৈছে ।

উল্লেখ্য যে অসম-মেঘালয় সীমান্তত আজি আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি আক্ৰমণ চলাইছিল খাচী দুৰ্বৃত্তই (Khasi miscreant attacked Assam Police)। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত সংঘটিত হয় এই ঘটনা । চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ পিছতে এই সংঘাতৰ সৃষ্টি হৈছিল । আৰক্ষীয়ে বাহনখন আনিবলৈ যাওঁতেই সংঘাতৰ সৃষ্টি হয় । আৰক্ষীয়ে ট্ৰাকখনলৈ লক্ষ্য কৰি চলাইছিল গুলী । আৰক্ষীৰ গুলীত ফুটিছিল ট্ৰাকৰ চকা (Firing in Assam Meghalaya Border)।

ট্ৰাকখন জব্দ কৰিবলৈ যাওঁতেই সৃষ্টি হয় উত্তেজনাৰ । হাতে হাতে যাঠি লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰে দুৰ্বৃত্তই । আৰক্ষী-বন বিভাগৰ দলক ঘেৰি ধৰিছিল ৩ শতাধিক লোকে । আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হয় 3 দুৰ্বৃত্ত (Khasi miscreants killed in Karbi Anglong)।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে । ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে সংশ্লিষ্ট এলেকাৰ বিভিন্ন স্থানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে । আনহাতে অসম চৰকাৰেও পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: Assam Meghalaya Border: অসম-মেঘালয় সীমান্তত উত্তেজনা:গুলীচালনাত নিহত মেঘালয়ৰ তিনি দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.