ETV Bharat / state

অস্থায়ী কাৰাগাৰলৈ পৰিণত হ'ল দীঘলী পুখুৰী

author img

By

Published : Dec 16, 2019, 5:22 PM IST

Updated : Dec 16, 2019, 5:47 PM IST

সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ দাবীত সোমবাৰৰ পৰা আৰম্ভ হয় আছুৰ ‘গণ সত্যাগ্ৰহ’ ৷ লতাশিলৰ পৰা আৰম্ভ হোৱা উক্ত কাৰ্যসূচীৰ আৰম্ভণিতেই সকলো প্ৰতিবাদকাৰীকে আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক দীঘলী পুখুৰী উদ্যানত আবদ্ধ কৰি ৰাখে ৷

Police locked protesters at Dighali Pikhuri park
অস্থায়ী কাৰাগাৰলৈ পৰিণত হ'ল দিঘলী পুখুৰী

গুৱাহাটী,16 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ দাবীত সোমবাৰৰ পৰা আৰম্ভ হয় আছুৰ ‘গণ সত্যাগ্ৰহ’ ৷ হয়তো ‘কা’ বাতিল কৰক, নহ'লে সকলোকে গ্ৰেপ্তাৰ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ কিন্তু লতাশিলৰ পৰা আৰম্ভ হোৱা উক্ত কাৰ্যসূচীৰ আৰম্ভণিতেই প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক দীঘলীপুখুৰী উদ্যানত আবদ্ধ কৰি ৰাখে ৷ দমনমূলক নীতিৰে চৰকাৰে অসমীয়াৰ ওপৰত ‘কা’ জাপি দিপ বিচাৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব বুলি প্ৰতিবাদস্থলীৰ পৰাই পুনৰ সকিয়াই দিয়ে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে ৷

দিঘলীপুখুৰীত আছুৰ গণ সত্যাগ্ৰহ

আনহাতে,জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি গৈ থকা অৱস্থতে মহানগৰ আৰক্ষীয়ে আটক কৰে আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈক ৷ সোমবাৰে বিয়লি 4 বজাত দুয়োকে মোকলাই দিয়াৰ কথা আছিল যদিও আটক কৰাৰ ক্ষন্তেক পিছতেই আৰক্ষীয়ে মোকলাই দিয়ে ৷ মোকলাই দিয়াৰ পিছত দীঘলীপুখুৰীৰ পাৰত উপস্থিত হৈ "আমি অহিংসা আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছো আমাক কোনেও বাধা দিব নোৱাৰে" বুলি মন্তব্য প্ৰকাশ কৰে দুয়োগৰাকীয়ে ৷ লগতে ‘কা’ বতিল নকৰা পৰ্যন্ত গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰখাৰ কথাও ঘোষণা কৰে ৷ উল্লেখ্য যে,মঙলবাৰে লতাশিল খেলপথাৰত পুনৰ এক বিশাল গণ সত্যাগ্ৰহৰ আয়োজন কৰা হৈছে ৷ উক্ত সত্যাগ্ৰহত সকলো ৰাইজকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় আছুৰ নেতা দুগৰাকীয়ে ৷

দিঘলীপুখুৰীত আবদ্ধ প্ৰতিবাদকাৰী

আৰু পঢ়ক- সমুজ্জল ভট্টাচাৰ্যসহ হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীক মুক্তি দিলে আৰক্ষীয়ে

Intro:সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ দাবীত আজিৰে পৰা আৰম্ভ আছুৰ সত্যাগ্ৰহ। ৰাজ্যৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ। হয়টো কা' বাতিল কৰক, নহয়টো সকলোকে গ্ৰেপ্তাৰ কৰক দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সকলোৱে। মহানগৰীৰ লতাশিলৰ পৰা এই কাৰ্যসূচী আৰম্ভণি হওতেই আটক কৰে সকলো প্ৰতিবাদকাৰীক। আৰক্ষীয়ে দিঘলীপুখুৰী পাৰ্কক অস্থায়ী কাৰাগাৰ ৰূপে লৈ আটকাধীন সকলোকে আৱদ্ধ কৰি ৰাখে। দমনমূলক নীতিৰে চৰকাৰে অসমীয়াৰ ওপৰত কা' জাপি দিব বিচাৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি পুণৰ সকিয়াই দিয়ে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে। আছুৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আহিছিল শিল্পী, সাহিত্যিক, অধিবক্তা সমাজৰ লগতে ছাত্ৰসমাজ। উল্লেখযোগ্য যে ঘটনাস্থলীত পিছত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ মুকলি কৰি দিয়ে সকলো প্ৰতিবাদকাৰীক। মুকলি হৈয়ে সকলোৱে একত্ৰিত হৈ এই আইন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত যুজি যোৱাৰ সংকল্প লয়। Body:Guwahati Conclusion:Hirul Haque
Last Updated : Dec 16, 2019, 5:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.