ETV Bharat / state

Rahul Gandhi defamation case: মোডী সম্প্ৰদায়ক অপমান কৰি দোষী সাব্যস্ত ৰাহুল গান্ধী; গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Mar 23, 2023, 5:10 PM IST

ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা মানহানি গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে গুজৰাটৰ চূৰাট আদালতে ৷ 2019 চনত এখন ৰাজহুৱা সভাত মোডী সম্প্ৰদায়ক চোৰ আখ্যা দিছিল ৰাহুল গান্ধীয়ে (Rahul Gandhi defamation case) ৷ আদালতৰ ৰায়দানৰ পাচতেই গুৱাহাটীত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Rahul Gandhi defamation case
মোডী সম্প্ৰদায়ক অপমান কৰি দোষী সাব্যস্ত ৰাহুল গান্ধী

মোডী সম্প্ৰদায়ক অপমান কৰি দোষী সাব্যস্ত ৰাহুল গান্ধী

গুৱাহাটী, 23 মাৰ্চ: গুৱাহাটীত কংগ্ৰেছৰ সংহতি যাত্ৰা ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থনত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা বৃহস্পতিবাৰে উলিওৱা হয় এই যাত্ৰা ৷ প্ৰদেশ কংগ্ৰেছৰ এই যাত্ৰাত বাধা প্ৰদান আৰক্ষীৰ ৷ উল্লেখ্য যে, গুজৰাটৰ চূৰাট আদালতে দোষী সাব্যস্ত কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷ এটা মানহানিৰ গোচৰত দোষী সাব্যস্ত হয় ৰাহুল গান্ধী (Rahul Gandhi defamation case) ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে ৷ 2019 চনত কৰ্ণাটকত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে নীৰৱ মোডী, ললিত মোডী আদিৰ নাম লৈ চোৰৰ উপাধি কিয় মোডী হয় বুলি প্ৰশ্ন কৰিছিল ৷ এই মন্তব্যৰ পাচতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ গুটৰাটৰ চূৰাট আদালতত ৰুজু হৈছিল এই গোচৰ (Rahul Gandhi insulted Modi community) ৷

এই গোচৰ সন্দৰ্ভত ৰাহুল গান্ধীক আদালতে দুবছৰৰ বাবে শাস্তি ঘোষণা কৰিছিল যদিও ইতিমধ্যেই জামিন লাভ কৰিছে ৰাহুল গান্ধীয়ে ৷ বৃহস্পতিবাৰে চাৰি বছৰ পুৰণি এই গোচৰটোৰ চূড়ান্ত শুনানি প্ৰদান কৰে চূৰাট আদালতে (Surat court hearing on Rahul Gandhi) ৷ ৰায়দানৰ সময়ত উপস্থিত থাকে ৰাহুল গান্ধী ৷ প্ৰাপ্ত তথ্য অনুসৰি চূৰাট আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনায় সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৰাহুল গান্ধী ৷ একাংশৰ মতে 2 বছৰ পৰ্যন্ত জে’ল হ’ব পাৰে ৰাহুল গান্ধীৰ (Rahul Gandhi case hearing) ৷

আদালয়ৰ ৰায়ৰ পাচতেই অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত উলিয়াই সংহতি যাত্ৰা ৷ ৰাজীৱ ভৱনৰ পৰা দিছপুৰলৈ উলিওৱা কংগ্ৰেছৰ সমদলক বাধা প্ৰদান কৰে পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীয়ে ৷ ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ একাংশ কংগ্ৰেছ কৰ্মীক আটক কৰি আৰক্ষীয়ে বাহনত উঠাই লৈ যায় থানালৈ ৷ অৱশ্যে পৰৱৰ্তী সময়ত প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷ এই সমদলত অংশগ্ৰহণ কৰে ববিতা শৰ্মা, ৰেকিবুদ্দিন আহমেদ, মীৰা বৰঠাকুৰ আদিয়ে (Congress protest in Guwahati) ৷

লগতে পঢ়ক: Super Acceleration Erickshaws : অসম সৌৰভ ডঃ বিনয় কুমাৰ শইকীয়াৰ নৱতম আৱিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.