ETV Bharat / state

Zero rhino poaching in 2022 : 2022ত নহ’ল এটাও গঁড়হত্যা, ৰাজ্যবাসীক অভিনন্দন প্ৰধানমন্ত্রীৰ

author img

By

Published : Jan 3, 2023, 7:01 PM IST

Narendra Modi tweet on Assam Rhino poaching
2022ত নহ’ল এটাও গঁড়হত্যা

2022ত অসমত নহ’ল এটাও গঁড়হত্যাৰ ঘটনা (Zero rhino poaching in 2022)৷ এই ভালখবৰ টুইটযোগে জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ টুইট দেখা পাই সন্তুষ্টি প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

গুৱাহাটী, ৩ জানুৱাৰী : বিদায়ী বৰ্ষ ২০২২ত অসমত চোৰাং চিকাৰীৰ হাতত মৃত্যু নহ’ল এটাও গঁড় (Zero rhino poaching in 2022)৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা এক টুইটৰ পাছতে গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত সক্ৰিয়তাৰে জড়িত হৈ থকা অসমৰ সকলোকে শলাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi tweet on Assam Rhino poaching)৷ মুখ্যমন্ত্ৰীৰ টুইটটো ৰিটুইটৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে সন্তুষ্টি প্ৰকাশ কৰে (PM Modi appreciates Assam for zero rhino poaching)৷

  • This is great news! Compliments to the people of Assam, who have shown the way and been proactive in their efforts to protect the rhinos. 🦏 https://t.co/0lz68xiNyq

    — Narendra Modi (@narendramodi) January 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত । সেইবাবে কাজিৰঙাৰ গঁড় হত্যাৰ ঘটনাও বিশেষভাৱে চৰ্চাত থাকে ৷ চোৰাং চিকাৰীয়ে প্ৰায় প্ৰত্যেক বছৰেই এশিঙীয়া গঁড় হত্যা কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল (Rhino poaching in Kaziranga)। কিন্তু ভাল খবৰ যে সদ্যবিদায়ী ২০২২ বৰ্ষত কাজিৰঙাত এটাও গঁড় হত্যা কৰিব নোৱাৰিলে চোৰাং চিকাৰীয়ে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গঁড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত লৈছিল বিশেষ উদ্যোগ । তাৰেই ফলশ্ৰুতিত ৰাষ্ট্ৰীয় উদ্যানখনত(Kaziranga national park) গঁড় হত্যাৰ ৰোধ হ'ল । উল্লেখ্য যে, ২০০১ বৰ্ষত কাজিৰঙাত ৮ টা গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হৈছিল । সেইদৰে ২০০২ বৰ্ষত ৪ টা, ২০০৩ বৰ্ষত ৩ টা, ২০০৪ বৰ্ষত ৪ টা, ২০০৫ ত ৭ টা, ২০০৬ত ৫ টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল ।

তদুপৰি ২০০৭ বৰ্ষত ১৬ টাকৈ গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল যদিও তেতিয়াৰ কংগ্ৰেছ চৰকাৰ এই গঁড়হত্যা প্ৰতিৰোধ কৰাত বিফল হৈছিল । ২০০৮ বৰ্ষত ৬ টা, ২০০৯ বৰ্ষত ৬ টা, ২০১০ বৰ্ষত ৫ টা, ২০১১ বৰ্ষত ৩ টা, ২০১২ বৰ্ষত ১১ টা গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিছিল ।

আনহাতে ২০১৩ বৰ্ষত ২৭ টা, ২০১৪ বৰ্ষত ২৭ টা, ২০১৫ বৰ্ষত ১৭ টা, ২০১৬ বৰ্ষত ১৮ টা, ২০১৭ বৰ্ষত ৬ টা গঁড় কাজিৰঙাত হত্যা কৰিছিল চোৰাং চিকাৰীয়ে । দিছপুৰত বিজেপি শাসনলৈ অহাৰ পাছতেই কাজিৰঙাৰ গঁডহত্যাক লৈ উদ্বিগ্ন হৈ পৰিছিল চৰকাৰ৷ ইয়াৰ পাছতো ২০১৮ বৰ্ষত ৬ টা, ২০১৯ বৰ্ষত ৩ টা, ২০২০ বৰ্ষত ২ টা, ২০২১ত এটা গঁড় কাজিৰঙাত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল ।

কিন্তু ২০২২ বৰ্ষত এটাও গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিব নোৱাৰিলে । নিঃসন্দেহে এয়া ৰাজ্যবাসীৰ লগতে প্ৰকৃতিপ্ৰেমীৰ বাবে সুখবৰ । এই খবৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰচাৰ কৰাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অভিনন্দন জ্ঞাপন কৰে (Himanta Biswa Sarma tweet on Zero rhino poaching)।

লগতে পঢ়ক: Lack of electricity in many schools of Assam: বিদ্যুৎ সংযোগ অবিহনে চলি আছে ৰাজ্যৰ সহস্ৰাধিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.