India vs Sri Lanka ODI in Guwahati: গুৱাহাটীত উপস্থিত ভাৰত আৰু শ্ৰী লংকা ক্ৰিকেট দলৰ খেলুৱৈসকল

author img

By

Published : Jan 9, 2023, 11:58 AM IST

Indian and Sri Lanka cricket team players in Guwahati
গুৱাহাটীত উপস্থিত ভাৰত আৰু শ্ৰী লংকাৰ খেলুৱৈ ()

মহানগৰীত ক্ৰিকেট তাৰকাৰ সমাহাৰ ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা 10 জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচৰ বাবে গুৱাহাটীত উপস্থিত হৈছেহি ভাৰত শ্ৰীলংকাৰ খেলুৃৱৈৰ দল দুটা (Cricket team players in Guwahati)৷

গুৱাহাটীত উপস্থিত ভাৰত আৰু শ্ৰী লংকাৰ খেলুৱৈ

গুৱাহাটী, 9 জানুৱাৰী: তিনি মাহৰ বিৰতিৰ পিছত গুৱাহাটীত পুনৰ এখন আন্তৰ্জাতিক ক্ৰিকেট মেচ (One day international match)। মেচখনক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শণিবাৰে মাজ নিশাৰে পৰা ক্ৰিকেটৰ তাৰকাসকল গুৱাহাটীত উপস্থিত হোৱাত ক্ৰিকেটৰ অনুৰাগীসকলৰ মাজত উৎসুকতা বৃদ্ধি পাইছে (Cricket team players in Guwahati)৷

নিশা স্পাইছজেটৰ বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত (Gopinath Bordoloi International Airport) উপস্থিত হয়হি আটাইকেইগৰাকী খেলুৱৈ । অসমৰ স্বাভিমান ফুলাম গামোচাৰে বিমানবন্দৰত উষ্ম আদৰণি জনাইছে খেলুৱৈকেইগৰাকীক (Cricketers welcome in traditional way in Guwahati) ৷ উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা 10 জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ (Cricketers warm welcome in Gwahati)৷

ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া দিবা-নৈশ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচখন দুপৰীয়া 1.30 বজাৰ পৰা আৰম্ভ হ’ব ৷ 7 জানুৱাৰীৰ নিশাই দুয়োটা দলৰ কিছু খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছিল যদিও 8 জানুৱাৰীত সমূহ খেলুৱৈ গুৱাহাটীত উপস্থিত হৈ ৰেডিশ্যন ব্লু হোটেলত (Cricketers stays in Radisson blu) বাহৰ পাতিছেহি ৷

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত আজি অৰ্থাৎ ৯ জানুৱাৰীত দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন কৰিব । বিয়লি ১ পৰা ৪ বজালৈ শ্ৰীলংকাই আৰু ভাৰতীয় দলে পৃথকে পৃথকে ৫ বজাৰ পৰা ৮ বজালৈ অনুশীলন কৰিব (India and Sri lanka team in Assam) ।

উল্লেখ্য যে খেলখন আয়োজনৰ দিশৰ পৰা এ চি এ ৰ বাবে অতি গুৰুত্বপূৰ্ণ । সফলতাৰে আয়োজন কৰিব পাৰিলে চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয় এদিনীয়া বিশ্বকাপৰ মেচ আয়োজনৰ অন্যতম দাবীদাৰ হৈ উঠিব। তিনিমাহ পূৰ্বে অনুষ্ঠিত হোৱা T20 মেচত লাইটৰ বিসংগতিৰ লগতে সাপ উলোৱা কাণ্ডই অসম ক্ৰিকেট সন্থাক লজ্জানত কৰিছিল । সেয়ে এইবাৰ অসম ক্ৰিকেট সন্থা সষ্টম হৈ পৰিছে । মেচখন অনুষ্ঠিত কৰাত ক’তো অলপো সুৰুঙা ৰাখিব বিচৰা নাই অসম ক্ৰিকেট সন্থাই ।

লগতে পঢ়ক: India vs Sri Lanka: অন্তিমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰি T-20 শৃংখলা দখল ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.