ETV Bharat / sports

India vs Sri Lanka: অন্তিমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰি T-20 শৃংখলা দখল ভাৰতৰ

author img

By

Published : Jan 8, 2023, 8:56 AM IST

India beat Sri Lanka by 91 runs in 3rd T20I
T-20 শৃংখলাত ভাৰতৰ বিজয় সাব্যস্ত

ভাৰত আৰু শ্ৰীলংকাৰ মাজত শনিবাৰে অনুষ্ঠিত তিনিখনীয়া T-20 শৃংখলাৰ অন্তিমখন মেচত ভাৰতৰ বিজয় (India beat Sri Lanka by 91 runs in 3rd T20I) । ভাৰতৰ হাতত ধৰাশায়ী অতিথি দল শ্ৰীলংকা । ৯১ ৰাণৰ বৃহৎ ব্যৱধানত মেচখনত জয়লাভ কৰে ভাৰতে ।

স্পৰ্টছ ডেস্ক,৮ জানুৱাৰী: অন্তিমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰি তিনিখনীয়া T-20 শৃংখলাত বিজয় সাব্যস্ত কৰিলে ভাৰতীয় ক্ৰিকেট দলে (India beat Sri Lanka by 91 runs in 3rd T20I) ৷ শনিবাৰে ৰাজকোটত অনুষ্ঠিত হোৱা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত 91 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত হয় শ্ৰীলংকা ৷ যুৱ ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱৰ অপৰাজিত 112 ৰাণৰ বৰঙণিয়ে ভাৰতীয় দলটোৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷ 2-1 ৰ ব্যৱধানত শৃংখলা দখল কৰে ভাৰতে ৷

শনিবাৰে অনুষ্ঠিত হোৱা খেলখন শৃংখলাটোৰ নিৰ্ণায়ক খেল আছিল ৷ ইয়াৰ পূৰ্বে দুয়োটা দলেই এখনকৈ খেলত জয়ী হৈ 1-1 ৰ সমতা স্থাপন কৰিছিল (India Sri Lanka T20 series) ৷ ৰাজকোটত অনুষ্ঠিত খেলখনত ভাৰতে টচত জিকি প্ৰথমে বেটিং কৰি শ্ৰীলংকাক বিজয়ৰ বাবে নিৰ্ধাৰিত 20 অভাৰত 229 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতৰ হৈ অপেনিং কৰিবলৈ আহে শুভমন গীল আৰু ঈশান কিষাণ ৷

কিন্তু প্ৰথম অভাৰৰ চতুৰ্থটো বলতে 3 ৰাণত ভাৰতে হেৰুৱাই ঈশানৰ উইকেট ৷ তাৰ পাচত দ্বিতীয় উইকেটৰ যুটিত গীল আৰু ৰাহুল ত্ৰিপাঠীয়ে 49 ৰাণ যোগ দিয়ে ৷ পঞ্চম অভাৰত 52 ৰাণত পেভিলিয়নমুখী হয় ৰাহুল (35) ৷ চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা সূৰ্যকুমাৰ যাদৱ শ্ৰীলংকাৰ বলাৰসকলৰ বাবে প্ৰত্যাহ্বান হৈ পৰে ৷ তৃতীয় উইকেটৰ যুটিত শুভমন গীল আৰু সূৰ্যকুমাৰ যাদৱে সুন্দৰভাৱে দলটোক আগুৱাই নিয়ে (Suryakumar Yadav slammed an unbeaten century) ৷

111 ৰাণৰ পাৰ্টনাশ্বিপ গঢ় দিয়াৰ পাচতে 14.4 অভাৰত 46 ৰাণ কৰি পেভিলিয়নলৈ ওভতে শুভমন গীল ৷ শনিবাৰৰ খেলখনত অৱশ্যে আনুৰাগীক আশাহত কৰিলে হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শনে ৷ পাণ্ডিয়াই 4 টা বল খেলি মাত্ৰ 4 ৰাণ কৰিয়েই নিজৰ ইনিংচ সামৰে ৷ একেদৰে বিফল হয় দীপক হুডাও ৷ 16.4 অভাৰত 189 ৰাণত ভাৰতে হেৰুৱাই পাঁচটা উইকেট ৷ সূৰ্য কুমাৰ যাদৱৰ সৈতে বেটিং কৰি অক্সৰ পেটেলে 9 টা বলত 21 ৰাণ যোগ দিয়ে (Arshdeep Singh made a strong comeback) ৷

দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সূৰ্য কুমাৰ যাদৱে 51 টা বল খেলি 112 ৰাণ কৰে (Suryakumar scored a 51-ball hundred) ৷ তেওঁৰ ইনিংচটোত আছিল 7 টা বাউণ্ডেৰী আৰু 9 টা অভাৰ বাউণ্ডেৰী ৷ শ্ৰীলংকাৰ হৈ দিলশান মাদুশাংকাই 2 টা উইকেট দখল কৰাৰ বিপৰীতে কাচান ৰাজিথা, কৰুণাৰত্নে আৰু হাসাৰাংগাই এটাকৈ উইকেট দখল কৰে ৷ নিৰ্ধাৰিত 20 অভাৰত ভাৰতে 228 ৰাণ সংগ্ৰহ কৰে আৰু শ্ৰীলংকাক বিজয়ৰ বাবে 229 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

ভাৰতে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি খেল আৰম্ভ কৰা শ্ৰীলংকা দলটোৱে সুন্দৰ আৰম্ভণি ঘটাই যদিও পঞ্চম অভাৰৰ পৰা খেলৰ ছন্দ হঠাৎ সলনি হৈ পৰে ৷ 44 ৰাণত কে. মেণ্ডিচ পেভিলিয়নমুখী হোৱাৰ পাছতেই নিয়মীয়াকৈ পতন ঘটে শ্ৰীলংকাৰ উইকেটৰ ৷ 16.4 অভাৰত আটাইকেইটা উইকেইট হেৰুৱাই 137 ৰাণহে কৰিবলৈ সক্ষম হয় শ্ৰীলংকাই ৷ ফলত 91 ৰাণৰ বৃহৎ ব্যৱধানত মেচখনত ভাৰতে জয়লাভ কৰাৰ লগতে T-20 শৃংখলা দখল কৰে ৷

লগতে পঢ়ক: Border Gavaskar Trophy: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী খেলিব নোৱাৰিব ঋষভে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.