ETV Bharat / state

ৰাজপথত কৰ্মৰত আৰক্ষীক পিঠা বিতৰণ অসম ক্ৰীড়া সন্থাৰ

author img

By

Published : Apr 15, 2020, 4:29 PM IST

গুৱাহাটী মহানগৰীৰ ৰাজপথত বিহু উপলক্ষে কৰ্মৰত আৰক্ষীসকলৰ মাজত পিঠা বিতৰণ কৰি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে অসম ক্ৰীড়া সন্থাই । বুধবাৰে মহানগৰীৰ বিভিন্ন স্থানত কৰ্তব্যৰত ৬০০ জন আৰক্ষীৰ মাজত পিঠা বিতৰণৰ বাবে ওলাই আহিল অসম ক্ৰীড়া সন্থাৰ সদস্যসকলে ।

ৰাজপথত কৰ্মৰত আৰক্ষীসকলক পিঠা বিতৰণ অসম ক্ৰীড়া সন্থাৰ
ৰাজপথত কৰ্মৰত আৰক্ষীসকলক পিঠা বিতৰণ অসম ক্ৰীড়া সন্থাৰ

গুৱাহাটী, 15 এপ্ৰিল :সমগ্ৰ বিশ্বতে মহামাৰী কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি ম্লান পেলাইছে ৷ বিহুৰ উৎসাহ-উদ্দীপনা এৰি সকলোৱে কৰ'ণাৰ বিৰুদ্ধে সজাগতামূলক ব্যৱস্থা গ্ৰহণত ব্যস্ত হৈ পৰিছে । বুধবাৰে অসম ক্ৰীড়া সন্থাৰ সদস্য সকলে মহানগৰীৰ বিভিন্ন অঞ্চলত ৰাজপথত কৰ্মৰত আৰক্ষীসকলৰ মাজত বিহু উপলক্ষে পিঠা বিতৰণ কৰি আৰক্ষী কৰ্মীসকলক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। পুৱাৰে পৰা অসম ক্ৰীড়া সন্থাৰ সদস্যসকলে মহানগৰীৰ উলুবাৰী,গণেশগুৰি, খানাপাৰাৰ লগতে বিভিন্ন অঞ্চলত ঘূৰি ৰাইজৰ বাবে সেৱা আগবঢ়াই থকা আৰক্ষী কর্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে। তলাবন্ধৰ ফলত মহানগৰীত দোকান-পোহাৰ সকলো বন্ধ হৈ পৰাত একাপ চাহ আৰু পানীও খাবলৈ সক্ষম নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰি আছে আৰক্ষীৰ লোকসকলে।

ৰাজপথত কৰ্মৰত আৰক্ষীসকলক পিঠা বিতৰণ অসম ক্ৰীড়া সন্থাৰ
উল্লেখ্য যে, অসম ক্ৰীড়া সন্থাই কোভিড-১৯ সজাগতাৰ বাবে ইতিমধ্যে অসম চৰকালৈ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে । লগতে আগন্তক দিনত এই সন্থাই তলাবন্ধৰ সময়ত দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাজত প্ৰতিদিনে খাদ্য সামগ্ৰী বিতৰণৰ পৰিকল্পনাও গ্ৰহণ কৰে বুলি সন্থাটোৱে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন উদযাপন এটি কণমানিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.