ETV Bharat / state

HSLC exam question paper leak: কঠোৰ শাস্তিৰ দাবী জনালে মন্ত্রী পীযুষ হাজৰীকাই

author img

By

Published : Mar 17, 2023, 12:55 PM IST

HSLC exam question paper leak
কঠোৰ শাস্তিৰ দাবী জনালে মন্ত্রী পীযুষ হাজৰীকাই

বিজ্ঞান বিষয়ৰ পাছত অসমীয়া বিষয়ৰো প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰা হৈছে (HSLC Assamese exam cancelled)। বিভিন্ন মহলত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মন্ত্ৰী পীযুষ হাজৰীকাই সমগ্ৰ বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰে । এই কাণ্ডত জড়িত লোকসকলক কঠোৰ শাস্তিৰ দাবী তোলে মন্ত্ৰীগৰাকীয়ে ।

কঠোৰ শাস্তিৰ দাবী জনালে মন্ত্রী পীযুষ হাজৰীকাই

গুৱাহাটী,১৭ মাৰ্চ : "এনে ঘটনাৰ দ্বাৰা শিক্ষকৰ প্ৰতি মানুহৰ ভাল ভাৱ নোহোৱা হৈ যাব । এইটো ঠিক যে সকলোৱে কৰা নাই । এজনৰ ভুলৰ বাবে আমি সকলোকে বেয়া চকুৰে চাব নোৱাৰো । পৰৱৰ্তী সময়ত যাতে এনে ঘটনা নহয় তাৰ বাবে বেয়া কাম কৰা লোকসকলক যিমান পাৰি সিমান কঠোৰ শাস্তি দিব লাগে ।" - এই মন্তব্য মন্ত্রী পীযুষ হাজৰীকাৰ (Pijush Hazarika reacts over HSLC paper leak)।

শুকুৰবাৰে বিধানসভা চৌহদত মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাছত পুনৰ অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্রী হাজৰীকাই এইদৰে মন্তব্য কৰে (HSLC question paper leaked)। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বেয়া মনুহে বেয়া কাম কৰিবলৈ বিচাৰি ফুৰে । কিন্তু অতি সোনকালে সেইসকল চিনাক্ত হৈছে । আগতেও প্ৰশ্নকাকত ফাদিল হৈছিল যদিও এনেদৰে তাৎক্ষণিকভাৱে কৰায়ত্ত হোৱা নাছিল বুলি তেওঁ দাবী কৰে ।

প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচৰাৰ কথা সদৰি কৰি তেওঁ কয় যে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । শিক্ষকতাৰ দৰে পবিত্র বৃত্তিত জড়িত হৈ যদি কোনো লোকে এনে গৰ্হিত কাম কৰে তেতিয়া চৰকাৰ অসহায় হৈ পৰে । উদাহৰণ দি তেওঁ কয় যে বাজেটখন যদি বিভাগৰ কোনো লোকে আগতীয়াকৈ ফাদিল কৰি দিয়ে তাত কৰিবলগীয়া কি আছে ।

ভৱিষ্যতে যাতে এনে ঘটনা নহয় তাৰ বাবে চৰকাৰ অতি কঠোৰ আৰু সাৱধান হ'ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত কয় । তেওঁ দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় । তেওঁ লগতে কয় যে পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকাজনে এনে কাম কৰিলে কি কৰিব পৰা যায় ।

উল্লেখ্য যে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো তদন্ত কৰি থকা চিআইডিৰ সন্মুখত দুই আটকাধীন শিক্ষকে স্বীকাৰ কৰে যে অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হৈছে (HSLC Assamese question paper leaked)। এই স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰা হয় (HSLC question paper leak case)।

লগতে পঢ়ক :HSLC Question paper leak: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল, মুখ্যমন্ত্ৰীৰ টুইটযোগে ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.