HSLC Question paper leak: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল, মুখ্যমন্ত্ৰীৰ টুইটযোগে ঘোষণা

author img

By

Published : Mar 16, 2023, 10:14 PM IST

Updated : Mar 16, 2023, 10:51 PM IST

matric-assamese-exam-canceled

পুনৰ বিতৰ্কত ছেবা ৷ সাধাৰণ বিজ্ঞানৰ পাচতে এইবাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল (Matric assamese exam canceled) ৷

গুৱাহাটী, 16 মাৰ্চ: ইটোৰ পিচত সিটো বিপদে লগ নেৰিছে মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থীক (HSLC Question paper leak) ৷ এইবাৰ শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কথা চিআইডিৰ সন্মুখত স্বীকাৰ কৰে দুই আটকাধীন শিক্ষকে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ সৈতে জড়িত আটকাধীন শিক্ষকদ্বয় ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা আৰু লুইত খাবলু হাইস্কুলৰ শিক্ষক তথা পৰীক্ষা কেন্দ্ৰৰ তত্বাবধায়ক প্ৰণৱ দত্তই এই স্বীকাৰোক্তি দিয়াৰ পিচতে বাতিল কৰা হয় অসমীয়া বিভাগৰ পৰীক্ষা (HSLC Exam Assamese Question Paper Leaked) ৷

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma Tweet) এক টুইটযোগে উল্লেখ কৰে যে, "লুইত খাবলু হাইস্কুলৰ শিক্ষক তথা পৰীক্ষা কেন্দ্ৰৰ তত্বাবধায়ক প্ৰণৱ দত্তই জেৰাৰ সময়ত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল কৰাৰ কথা স্বীকাৰ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিততেই, মই ছেবাক অসমীয়া বিভাগৰ পৰীক্ষাৰ তাৰিখ নতুনকৈ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা দিছো ৷"

  • It has been brought to my notice that the arrested accused centre incharge of Luhit Khabalu HS School has, during interrogation, confessed of leaking Assamese paper as https://t.co/9aI1Am9IiO view of this, I have advised SEBA to reschedule Assamese exam also.

    — Himanta Biswa Sarma (@himantabiswa) March 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে যোৱা 3 মাৰ্চৰ পৰা কটকটীয়া নিৰাপত্তা মাজেৰে আৰম্ভ কৰা হৈছিল 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনটোতেই ইংৰাজী বিষয়ৰ পৰক্ষীৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি এক বাতৰি প্ৰচাৰ হৈছিল ৷ এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে গা এৰা মন্তব্য দি এই অভিযোগ ভিত্তিহীন বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল ৷

ইয়াৰ পিচতেই দুৰ্ভাগ্যক্ৰমে যোৱা 13 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত নিশাই ফাদিল হয় ৷ এই খবৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিচতেই সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ তাৰিখ 30 মাৰ্চলৈ পিছুৱাই দিয়া হৈছিল(HSLC paper leaked case investigation) ৷ এই ঘটনাৰ পিচতেই ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলিছিল ৷ বিভিন্ন দল সংগঠনসমূহে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি জ্বলোৱাৰ লগতে ফাঁচি কাঠত ওলোমাই, শিক্ষামন্ত্ৰীক পদত্যাগ কৰাব দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

লগতে পঢ়ক: HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

পৰীক্ষাৰ দিনটোত লাখ লাখ পৰীক্ষাৰ্থী বিমুখ হৈ উভতিবলগীয়া হোৱাত ক্ষোভত ফাটি পৰিছিল অভিভাৱকসকলো ৷ অভিযোগ অনুসৰি 500 টকাৰ পৰা 2000 টকাৰ ভিতৰত বিক্ৰী হৈছিল প্ৰশ্নকাকত ৷ বছৰৰ মূৰত অনুষ্ঠিত হোৱা এটা পৰীক্ষাকো ছেবাই সুচাৰুৰূপে পাতিব নোৱাৰে বুলি ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

এই ঘটনাৰ পিচতে শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিল ঘটনাক তদন্ত কৰিবলৈ CIDক নিৰ্দেশনা দিছিল ৷ মুখ্যমন্ত্ৰী নিৰ্দেশনাৰ পাচত বৃহস্পতিবাৰলৈকে এই সমগ্ৰ কু-কাৰ্যৰে জড়িত থকাৰ সন্দেহত মুঠ 28 জন লোকক CID য়ে আটক কৰিছিল ৷ সম্প্ৰতি আটকাধীন আটাইকেইজনকে গুৱাহাটীত CIDৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে (Assam HLSC paper leaked) ৷

ইফালে অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিচতে অহা 17 মাৰ্চত অসমীয়া বিষয়ৰ লগতে এম আই এলৰ বিষয়ৰ নতুন পৰীক্ষাৰ তাৰিখ ঘোষণ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইটযোগে উল্লেখ কৰিছে ৷

  • SEBA has informed me that as advised by HCM @CMOfficeAssam , the exam of all MIL subjects, including English (IL) of HSLC scheduled for 18 March, will be rescheduled. The new date will be announced tomorrow.@himantabiswa

    — Ranoj Pegu (@ranojpeguassam) March 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
Last Updated :Mar 16, 2023, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.