ETV Bharat / state

হাতীগাঁওস্থিত PFIৰ কাৰ্যালয় ছীল

author img

By

Published : Sep 28, 2022, 8:59 PM IST

PFI hatigaon office sealed by hatigaon police
PFIৰ হাতীগাঁওস্থিত কাৰ্যালয় ছীল

দিছপুৰ ৰাজহ চক্ৰৰ নিৰ্দেশমৰ্মে হাতীগাঁও আৰক্ষীয়ে মহানগৰীৰ হাতীগাঁওস্থিত PFI কাৰ্যালয় ছীল কৰে (PFI hatigaon office seal) ৷

গুৱাহাটী, 28 ছেপ্টেম্বৰ : PFI ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৷ ২০ ছেপ্টেম্বৰৰ নিশাৰ ভাগৰে পৰা দেশজুৰি চলিছিল PFI ৰ বিৰুদ্ধে অভিযান । NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান (NIA raids against PFI in India) ৷

আজি সংগঠনটোৰ মহানগৰীৰ হাতীগাঁওস্থিত কাৰ্যালয় ছীল কৰে হাতীগাঁও আৰক্ষীয়ে (PFI hatigaon office seal)৷ দিছপুৰ ৰাজহ চক্ৰৰ নিৰ্দেশমৰ্মে হাতীগাঁও আৰক্ষীয়ে ছিল কৰে কাৰ্যালয়টো । ২১ ছেপ্টেম্বৰৰ পুৱতি নিশা হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল PFI নেতা অমিনুল হকক (PFI leader arrested) ৷

দেশৰ কেইবাখনো ৰাজ্যৰ পৰা NIAই গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্যক (PFI leaders arrested by NIA) ৷ NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী ৷

অসমৰো কেইবাখনো জিলাত NIA আৰু EDয়ে চলাইছে মাৰাথন অভিযান (NIA raids against PFI in Assam) ৷ নগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জ আদি কেইবাটাও স্থানত সংস্থা দুটাই চলাইছে অভিযান ৷ বৰ্তমানলৈকে অসমত প্ৰথম পৰ্যায়ত 11 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ অভিযানত 25 জনক আটক কৰা হৈছে ৷

উল্লেখ্য যে, মঙলবাৰ অৰ্থাৎ 27 ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংগঠনটোক নিষিদ্ধ ঘোষিত কৰে ৷ PFI ক নিষিদ্ধকৰণৰ সিদ্ধান্তক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) । মঙলবাৰে নিশা কৰিমগঞ্জত PFI ৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় দুজন PFI নেতাক আটক কৰে (Raids against PFI)৷

কেন্দ্ৰই PFI ক নিষিদ্ধ ঘোষণা কৰাৰ পিছতে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি কামৰূপ মেট্ৰ, বাক্সা, কৰিমগঞ্জত PFI, CFI কাৰ্যালয় ছীল কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে ৷

সন্ত্ৰাসবাদী সংগঠনক ধন যোগান, দেশ বিৰোধী কাৰ্য-কলাপ, প্ৰশিক্ষণ শিৱিৰৰ আয়োজন, মানুহক PFI ত যোগ দিবলৈ জোৰ দিয়া আদি বিভিন্ন কাৰ্যত জড়িত থকা লোকসকলৰ ঘৰত সংস্থা দুটাই চলাইছে এই অভিযান ৷

লগতে পঢ়ক: তুংগত উঠিছে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.