ETV Bharat / state

লক্ষ্য নিৰ্বাচন ! ৰাজ্যত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : Feb 13, 2021, 8:11 PM IST

Updated : Feb 13, 2021, 8:41 PM IST

শুকুৰবাৰে বিধানসভাৰ মজিয়াত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ কথা ৷ শুকুৰবাৰে মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত ৫টকাকৈ হ্ৰাস পায় পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ বৰ্তমান ৰাজ্যত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হ’লগৈ ৮৫ টকা ৬০ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৭৫ টকা ৯৬ পইচা ৷

petrol-diesel-price-reduced
লক্ষ্য নিৰ্বাচন ! ৰাজ্যত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

গুৱাহাটী,13ফেব্ৰুৱাৰীঃৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজক আকৃষ্ট কৰাৰ মানসেৰে গ্ৰহণ কৰিছে ইটোৰ-পিছত আনটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ যিসময়ত দেশৰ বিভিন্ন ৰাজ্যত ইন্ধনজাত সামগ্ৰী বিশেষকৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে, তেনে সময়তে অসমত হ্ৰাস পাইছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ শুকুৰবাৰে বিধানসভাৰ মজিয়াত লেখানুদান বাজেট দাখিল কৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ কথা ৷ শুকুৰবাৰে মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত ৫টকাকৈ হ্ৰাস পায় পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ইপিনে,পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাত একাংশই যদি ভাল পাইছে আন একাংশই আকৌ এইয়া চৰকাৰৰ ৰাজনীতি বুলিহে মন্তব্য কৰে ৷

লক্ষ্য নিৰ্বাচন ! ৰাজ্যত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

বৰ্তমান ৰাজ্যত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হ’লগৈ ৮৫ টকা ৬০ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৭৫ টকা ৯৬ পইচা ৷ কিন্তু বিধানসভাৰ এই লেখানুদান বাজেটখনক বিৰোধীয়ে কৰিছে তীব্ৰ সমালোচনা ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা এই বাজেটে সাধাৰণ ৰাইজক কোনো ধৰণৰ উপকাৰ সাধন নকৰে বুলি কৈ শনিবাৰে সংবাদমেল অনুষ্ঠিত কৰি বিজেপি শাসিত চৰকাৰখনক সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছে ৷ তদুপৰি পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বহুদিনৰ আগতে হ্ৰাস কৰিব লাগিছিল বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে ৷ আনহাতে, নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈকে বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা এনেবোৰ সিদ্ধান্তই আগন্তুক সময়ত বিজেপি দলৰ প্ৰতি ৰাইজৰ সমৰ্থন কিমানদূৰ মজবুত কৰিব পাৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ কথা শিলৰ ৰেখা নহয়: ৰিপুন বৰা

Last Updated : Feb 13, 2021, 8:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.