ETV Bharat / state

অসমত বৃদ্ধি পাইছে ৰক্তহীনতাত আক্ৰান্তৰ সংখ্যা

author img

By

Published : May 12, 2022, 3:20 PM IST

পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ প্রতিবেদনত উদ্বেগ জনক তথ্য প্ৰকাশ পাইছে । অসমত শেহতীয়াভাৱে শিশুৰপৰা মধ্যবয়স্কলৈ বাঢ়িছে ৰক্তহীনতাৰ সংখ্য়া (Anemia in Assam)। ৰক্তহীনতাত ভােগা ১৫ বছৰৰপৰা ১৯ বছৰ পর্যন্ত বয়সৰ যুৱক ৩৯.৬ শতাংশলৈ বৃদ্ধি হৈছে ।

percentage of anemia affected people increasing in Assam
অসমত বৃদ্ধি পাইছে ৰক্তহীনতাত আক্ৰান্তৰ সংখ্যা

গুৱাহাটী, 12 মে': অসমত শেহতীয়াকৈ শিশুৰ পৰা মধ্যবয়স্কলৈ বিভিন্ন বয়সৰ লােকৰ মাজত ৰক্তহীনতাৰ সমস্য়া বহু পৰিমাণে বৃদ্ধি পাইছে । পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ প্রতিবেদনত (National Health Survey Report) প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য ।

প্ৰতিবেদনৰ তথ্য মতে ৰাজ্যখনত শিশুৰ পৰা ৪৯ বছৰ পর্যন্ত প্রাপ্তবয়স্ক লােকৰ মাজত ৰক্তহীনতা (তেজত হিম’গ্লবিনৰ পৰিমাণ প্রয়ােজনতকৈ কম) বৃদ্ধি পাইছে (Anemia percentage increasing in Assam) । পঞ্চম সমীক্ষাত ৰাজ্যৰ সকলাে জিলা সামৰি মুঠ ৩০,১১৯টা পৰিয়ালক নমুনা হিচাপে লােৱা হৈছিল ।

সমীক্ষাৰ প্রতিবেদন অনুসৰি ৰাজ্যখনৰ পাঁচ বছৰ পর্যন্ত বয়সৰ শিশুৰ ৬৮.৪ শতাংশই ৰক্তহীনতাত ভােগা বুলি চিনাক্ত কৰা হৈছে । পূৰ্বৰ চতুৰ্থ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা মতে, ৰাজ্যৰ পাঁচ বছৰ পর্যন্ত বয়সৰ শিশুৰ ৩৫.৭ শতাংশ ৰক্তহীনতাৰ বলি হৈছিল (Anemia in child below 5 year age) ।

শেহতীয়া প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে ৰক্তহীনতাত ভােগা ১৫ বছৰৰপৰা ৪৯ বছৰ বয়সৰ মহিলা ৪৬.১ শতাংশৰ পৰা ৬৬.৪ শতাংশলৈ বৃদ্ধি হৈছে। ৰক্তহীনতাত ভােগা সেই বয়সৰ গৰ্ভৱতী মহিলা ৪৪.৮ শতাংশৰপৰা ৫৪.২ শতাংশলৈ বৃদ্ধি হৈছে । ইপিনে, ৰক্তহীনতাত ভােগা ১৫ বছৰ, ১৯ বছৰ বয়সৰ যুৱতী ৪২.৭ শতাংশৰপৰা ৬৭ শতাংশলৈ বৃদ্ধি হৈছে ।

একেদৰে ২০১৫-১৬ৰ তুলনাত ৰক্তহীনতাত ভােগা পুৰুষৰ হাৰ ১৬ শতাংশ পর্যন্ত বৃদ্ধি হৈছে । চতুর্থ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা মতে, ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ২৫.৪ শতাংশ পুৰুষ আৰু ১৫ বছৰৰপৰা ১৯ বছৰ পর্যন্ত বয়সৰ ২৩.৫ শতাংশ যুৱকে ৰক্তহীনতাত ভােগা বুলি চিনাক্ত কৰা হৈছিল । পঞ্চম তথা শেহতীয়া সমীক্ষা মতে, ৰক্তহীনতাত ভােগা ১৫ বছৰৰপৰা ১৯ বছৰ পর্যন্ত বয়সৰ যুৱক ৩৯.৬ শতাংশলৈ বৃদ্ধি হৈছে ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫'ৰ প্রতিবেদনখন যােৱা সপ্তাহত কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে উন্মােচন কৰিছিল। ৰক্তহীনতাত ভােগাৰ প্রধান কাৰণ হৈছে পৰিপুষ্টিৰ অভাৱ । মন কৰিবলগীয়া যে ৰাজ্যৰ চাহ বাগিচা এলেকাত ৰক্তহীনতাত ভােগা মহিলা আৰু শিশুৰ সংখ্যা ৰাজ্যৰ ভিতৰত সৰ্বাধিক ।

চৰকাৰে ৰক্তহীনতা প্ৰতিৰোধৰ বিভিন্ন সময়ত বিভিন্ন আঁচনি যুগুত কৰি আহিছে যদিও বাস্তৱত এই আচঁনি সফলভাৱে ৰূপায়ণ হোৱা নাই । বিগত কেইটামান বছৰত ৰাজ্যত নিৰ্মাণ কৰা উন্নত স্বাস্থ্য আন্তঃগাঁথনি আৰু চিকিৎসা ব্যৱস্থাও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই ।

লগতে পঢ়ক: আলফা স্বাধীনত যোগদান কৰিলে নেকি ৰঙিয়াৰ ৰিংকু আলীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.