ETV Bharat / state

গোগামুখত অনুস্থিত হ'ব যোগ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:14 PM IST

ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব সপ্তদশ অসম যোগ মহোৎসৱ ২০২৩ । ধেমাজিত অনুষ্ঠিত হ'বলগীয়া যোগ মহোৎসৱ ২০২৩ ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । শুকুৰবাৰে সংবাদমেলযোগে এই কথা সদৰী কৰে উদ্যোক্তাসকলে ।

PC on preparations for 17th Assam Yoga Festival
সপ্তদশ অসম যোগ মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল

সপ্তদশ অসম যোগ মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল

গুৱাহাটী,১৭ নৱেম্বৰ : স্বেচ্ছাসেৱী যোগ প্রতিষ্ঠান ভাৰতীয় যোগ-সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰই ১২ ডিচেম্বৰ পৰা ২১ জানুৱাৰী লৈ এমাহজোৰা কাৰ্যসূচীৰে সপ্তদশ অসম যোগ মহোৎসৱ আয়োজন কৰিছে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ভাৰতীয় যোগ-সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে সপ্তদশ অসম যোগ মহোৎসৱ, ২০২৩ ৰ সম্পাদক ড৹ অনিল কুমাৰ পেগুৱে ।

সপ্তদশ অসম যোগ মহোৎসৱ কাৰ্যসূচীৰ বিৱৰণী দাঙি ধৰি তেওঁ কয় যে, ১২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ অসম যোগ মহোৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ধেমাজি জিলাৰ গোগামুখত । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া সপ্তদশ অসম যোগ মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব । সেইদৰে গছপুলি ৰোপণ, সাংস্কৃতিক ৰেলী, ২১ জানুৱাৰীত সদৌ অসম যোগ মহাবিদ্যালয় যোগাসন প্রতিযোগিতা, যোগ কুইজ, স্বামী শিৱানন্দ সৰস্বতী যোগ প্ৰেৰণা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব ।

উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব ১৭ জনকৈ বিশেষ ব্যক্তিক । এনে বিভিন্ন কাৰ্যসূচীৰে সপ্তদশ অসম যোগ মহোৎসৱৰ সামৰণি পৰিব ২১ জানুৱাৰীত গুৱাহাটী মালিগাঁওস্থিত যোগা তীর্থত । এই যোগ মহোৎসৱত পূৰ্ণাংগৰূপে সহযোগিতা আগবঢ়াইছে মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ৰুদ্ৰাক্ষ যোগাভ্যাস কেন্দ্রই । সংবাদ মেলত সপ্তদশ অসম যোগ মহোৎসৱ, ২০২৩ ৰ সভাপতি যোগাচার্য শুভাশীষ, মহোৎসৱৰ বিষয়ববীয়া দিব্যজোতি ডেকা, সুৰেশ পোদ্দাৰ, অৰুন্ধতি তালুকদাৰ, ধনঞ্জয় তালুকদাৰ উপস্থিত থাকে ।

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলৈ শীতৰ আগমন, হ্ৰাস পাইছে সৰ্বনিম্ন তাপমাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.