ETV Bharat / state

Flood in Rangia: পুঠিমাৰী নৈৰ ধলে উটুৱাই নিলে ৰিং বান্ধৰ প্ৰায় ৮০ ফুট দীঘল অংশ এটা

author img

By

Published : Aug 1, 2022, 2:00 PM IST

পুনৰাই পুঠিমাৰী নৈত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে (Flood in Rangia)। যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িছে ৰঙিয়াৰ পুঠিমাৰী নৈৰ পানী । পুঠিমাৰী নৈৰ ধলে উটুৱাই নিলে ৰিং বান্ধৰ প্ৰায় ৮০ ফুট দীঘল অংশ এটা (Part of ring dam washed away by Puthimari river in Rangia)।

Incessant rain has led to rising water at Puthimari River in Rangia
পুঠিমাৰী নৈৰ ধলে উটুৱাই নিলে ৰিং বান্ধৰ প্ৰায় ৮০ ফুট দীঘল অংশ এটা

ৰঙিয়া, 1 আগষ্ট: যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িছে ৰঙিয়াৰ পুঠিমাৰী নৈৰ পানী (Rising water in Puthimari River)। ফলত সোমবাৰে পুৱতি নিশা পুঠিমাৰী নৈৰ ধলে উটুৱাই নিলে ৰিং বান্ধৰ প্ৰায় ৮০ ফুট দীঘল অংশ এটা (Part of ring dam washed away by Puthimari river in Rangia)। ভাঙি যোৱা অংশৰে পুনৰ পুঠিমাৰীৰ পানী ৰঙিয়াৰ দিশে সোমাবলৈ ধৰিছে (Flood in Rangia 2022)।

পুনৰাই পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । আতংকিত হৈ পৰিছে খন্দিকৰ, মাদৈকাটা, ধেপাৰগাঁও, হাচানটুক, চেনীমাৰা, বিহাপাৰা, লাহাপাৰা আদি অঞ্চলৰ ৰাইজ । যদিহে নৈৰ পানী এনেদৰে বাঢ়ি থাকে তেন্তে পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ আশংকাই অধিক।

পুঠিমাৰী নৈৰ ধলে উটুৱাই নিলে ৰিং বান্ধৰ প্ৰায় ৮০ ফুট দীঘল অংশ এটা

উল্লেখ্য যে, প্ৰায় ডেৰ মাহ পূৰ্বে পুঠিমাৰী নৈয়ে বগৰীবাৰীৰ মথাউৰিটো ছিঙি ৰঙিয়াত বানে তাণ্ডৱ চলাইছিল (Puthimari river to Bagaribari dam and cause floods in Rangia)। মথাউৰি পুনৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰ গতিত চলিব লাগিছিল যদিও লেহেমীয়া গতিত মথাউৰি মেৰামতিৰ কাম চলাৰ অভিযোগ স্থনীয় ৰাইজৰ । যাৰ ফলত বগৰীবাৰীত পুনৰ ৰিং বান্ধৰ ওপৰৰে পানী বাগৰাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

লগতে পঢ়ক: Flood effected people of Rangia: ৰঙিয়াত মৎস্য পালকৰ ব্যাপক ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.