ETV Bharat / state

Parag Kumar Das journalism award: বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান

author img

By

Published : May 17, 2023, 10:29 PM IST

Updated : May 17, 2023, 10:53 PM IST

গুৱাহাটী প্ৰেছ ক্লাৱতো পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানৰ ৷ প্ৰতিবছৰৰ দৰে এইবাৰো পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসতে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা 2023' প্ৰদান কৰে প্ৰখ্যাত সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক (Parag Kumar Das journalism award) ৷

Parag Kumar Das journalism award
পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা 2023

বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান

গুৱাহাটী, 17 মে’: সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ আজি 28 সংখ্যক মৃত্যু দিৱস । প্ৰতি বছৰৰ দৰে এইবাৰো আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰন অনুষ্ঠান ৷ গুৱাহাটী প্ৰেছ ক্লাৱতো পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানৰ ৷ প্ৰতিবছৰৰ দৰে এইবাৰো পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসতে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা 2023' প্ৰদান কৰে প্ৰখ্যাত সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক (Journalist Sangeeta Barooah Pisharoty) ৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা 2023 প্ৰদান কৰা হয় প্ৰখ্যাত সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক ৷ এই বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ অৰূপা পটংগীয়া কলিতাই ৷ এই বঁটাত আছে জাপি , ফুলৰ থোপা , স্মাৰক , সম্বৰ্ধনা পত্ৰ, অংগ বস্ত্ৰ আৰু 25 হাজাৰ টকা ৷

বঁটা গ্ৰহণ কৰি সংগীতা বৰুৱা পিছাৰটিয়ে কয় যে,পৰাগ দাসৰ পৰিয়ালে এতিয়াও ন্যায় পোৱা নাই ৷ বৰ্তমান সময়ত সংবাদ মাধ্যমলৈ যথেষ্ট প্ৰত্যাহ্বান আহিছে ৷ এই সময়ত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আৰু পৰাগ কুমাৰ দাসৰ প্ৰাসংগিকতা বাঢ়িছে ৷ স্বতন্ত্ৰ সংবাদ মাধ্যমক লৈ বহু নীতি-নিয়ম নিৰ্ধাৰণ কৰা হৈছে ৷ যাৰ বাবে বহু সময়ত সংবাদ পৰিৱেশন কৰাত অসুবিধা আহি পৰিছে বুলি মন্তব্য কৰে তেওঁ (Death anniversary of Parag Kumar Das) ৷

তেওঁ লগতে কয় যে, সংবাদ মাধ্যমৰ স্থান এতিয়া বহু তললৈ গৈছে ৷ গোদী মেডিয়াই সংবাদ মাধ্যমৰ সততা কাঢ়ি নিছে ৷ গোডী মেডিয়া এতিয়া অতি সহজ হৈ পৰিছে বুলি মন্তব্য কৰে তেওঁ ৷

এই অনুষ্ঠানত বিশিষ্ট লেখক দেৱব্ৰত দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ প্ৰাসংগিকতা সন্দৰ্ভত স্মাৰক বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকে সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে বহু কেইবাজনো বিশিষ্ট ব্যক্তি (Guwahati Press Club) ৷

লগতে পঢ়ক: Process of regularization of school teachers: গুণোৎসৱত এ প্লাছ লাভ কৰা বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ

Last Updated : May 17, 2023, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.