ETV Bharat / state

অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা চন্দ্ৰপুৰৰ পল্লৱী বৈশ্যৰ মৃতদেহ

author img

By

Published : Sep 1, 2021, 4:39 PM IST

এছ ডি আৰ এফৰ অভিযানত উদ্ধাৰ হ'ল চন্দ্ৰপুৰৰ পল্লৱী বৈশ্যৰ মৃতদেহ । মঙলবাৰে দুপৰীয়াৰ পৰাই নিখোজ হৈ আছিল মেধাৱী ছাত্ৰীগৰাকী । আৰক্ষী আৰু এছ ডি আৰ এফে মঙলবাৰৰ পৰা অভিযান চলাইছিল । অৱশেষত বুধবাৰে চন্দ্ৰপুৰত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ ।

Pallabi baisya deadbody recovered in Chandrapur
অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা চন্দ্ৰপুৰৰ পল্লৱী বৈশ্যৰ মৃতদেহ

গুৱাহাটী, ১ ছেপ্টেম্বৰ: সন্ধানহীন হোৱাৰ এদিনৰ পাছত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হ'ল চন্দ্ৰপুৰৰ পল্লৱী বৈশ্যৰ মৃতদেহ । মঙলবাৰে দিনৰ প্ৰায় ১২.৩০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল চন্দ্ৰপুৰ বাগিচাৰ অঞ্চলৰ মেধাৱী ছাত্ৰীগৰাকী । পানীত বুৰ যোৱা পথেৰে আহি থাকোতেই পল্লৱী বৈশ্যক কোবাল সোঁতে উটুৱাই নিয়াৰ সন্দেহ প্ৰকাশ কৰি পৰিয়াল তথা স্থানীয় ৰাইজে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত খবৰ দিয়ে । ইয়াৰ পাছতে আৰক্ষী আৰু এছ ডি আৰ এফে(SDRF) যুটীয়াভাৱে অভিযান আৰম্ভ কৰে ।

মঙলবাৰে ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় উদ্ধাৰকাৰী দলটো । অৱশেষত বুধবাৰে দিনৰ ১১.৩০ বজাত পানী যুৱলিৰ পৰা উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ । সলিল সমাধি ঘটা ২৪ বছৰীয়া পল্লৱী বৈশ্যই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি চাৰ্টাৰ একাউণ্টটেণ্ট(C.A)ৰ পাঠক্ৰম অধ্যয়ন কৰি আছিল । তদুপৰি মেধাবী ছাত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰশাসনিক সেৱা(UPSC) আৰু অসম লোকসেৱা আয়োগ(APSC)ৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই আছিল ।

ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । অকালতে যুৱতীগৰাকীয়ে কৰুণ মৃত্যু সাৱতিবলগীয়া হোৱা বাবে‌ কান্দোনত ভাগি পৰিছে যুৱতীগৰাকীৰ মাতৃ, ভাতৃ, আত্মীয় স্বজন তথা বন্ধু-বৰ্গ । ইফালে, মৃতদেহ উদ্ধাৰ হোৱাৰ কিছু সময়ৰ পিছতেই ঘটনাস্থলীত চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ উক্ত ঘটনাৰ বুজ লয় ।

অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা চন্দ্ৰপুৰৰ পল্লৱী বৈশ্যৰ মৃতদেহ

তাৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, যে ছাত্ৰীগৰাকী নিখোজ হোৱাৰ দিনা অৰ্থাৎ মঙলবাৰে দিনৰ ১২ মান বজাত চন্দ্ৰপুৰ বাগিছাৰ প্ৰয়াত উপেন বৈশ্যৰ কন্যা পল্লৱী বৈশ্যই নিজ ঘৰৰ ওচৰতে থকা এগৰাকী বান্ধৱীক থ'বলৈ গৈছিল আৰু লগতে ওচৰতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী চাবলৈ যাব বুলি পৰিয়ালক জনাই ঘৰৰ পৰা ওলাই আহিছিল । তাৰ পিছত যুৱতীগৰাকীয়ে বান্ধৱী গৰাকীক থৈ ঘৰলৈ উভতে । কিন্তু বহু সময় ধৰি পল্লৱী বৈশ্য ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে ।

পৰিয়ালৰ লোকে বান্ধৱীগৰাকীক সোধা-পোছা কৰাত বান্ধৱীগৰাকীয়ে পল্লৱী ঘৰলৈ যোৱা বুলি জানিবলৈ দিয়ে । তেতিয়া ব্ৰহ্মপুত্ৰৰ বানত পল্লৱী বুৰ যোৱা বুলি সন্দেহ ওপজে পৰিয়ালৰ । পৰিয়ালৰ লোকে লগে লগে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত খবৰ দিয়ে আৰু প্ৰাগজ্যোতিষপুৰ আৰক্ষীযে SDRF বাহিনীৰ সহযোগত যুৱতীগৰাকীক বিচাৰি অভিযান আৰম্ভ কৰে । অৱশেষত ঘৰৰ কাষতে থকা বিলত পানীত ওপঙি থকা অৱস্থাত পল্লৱী বৈশ্যৰ মৃতদেহ উদ্ধাৰ হয় ।

লগতে পঢ়ক:মহানগৰীৰ মাজমজিয়াত দিন-দুপৰতে নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.