ETV Bharat / state

Lok Sabha Election Assam : যোৰহাট-ডিব্ৰুগড়ত বিৰোধীৰ দুই গগৈৰ তৎপৰতাত উদ্বিগ্ন বিজেপি

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:36 PM IST

Lok Sabha Election Assam
লোকসভা নিৰ্বাচন 2024

উজনিত শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী ঐক্যমঞ্চৰ ব্যাপক তৎপৰতা । গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ব্যাপক তৎপৰতাৰ বিপৰীতে বিজেপিৰ নতুন সমীকৰণ । বৰ্তমানৰ সাংসদ তপন গগৈ আৰু ৰামেশ্বৰ তেলীৰ ৰাজনৈতিক ভৱিষ্যতক লৈ নতুন প্ৰশ্ন । যোৰহাট আৰু ডিব্ৰুগড়ত ব্যস্ততা বাঢ়িছে বিজেপিৰ ৷

গুৱাহাটী, ১৬ নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে । প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিজা নিজা এজেণ্ডা লৈ । অৱশ্যে এইবাৰ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১৫টাকৈ বিৰোধী ৰাজনৈতিক দল আৰু গঠন কৰা হৈছে বিৰোধী ঐক্যমঞ্চ ।

কিন্তু এই বিৰোধী ঐক্যমঞ্চত নাই কেৱল এ আই ইউ ডি এফ দল । বিৰোধী ঐক্যমঞ্চৰ মাজত আসন বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই যদিও প্ৰতিটো সমষ্টিত বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সহমতত উপনীত হৈছে বিৰোধী ঐক্যমঞ্চ । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ প্ৰতিটো দলে ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ।

লক্ষ্যণীয় বিষয় যে বিৰোধী ঐক্যমঞ্চই উজনি অসমৰ ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ অৰ্থে প্ৰতিটো বিধানসভা সমষ্টিতে নতুন নতুন ৰণকৌশলেৰে ব্যস্ততা বৃদ্ধি কৰি তুলিছে । বিশেষকৈ কংগ্ৰেছৰ যুৱনেতা তথা সংসদত নিজৰ ৰাজনৈতিক বিচক্ষণতাৰে উজ্জ্বল ভাবমূৰ্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ নেতৃত্ব দিয়া লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আগতীয়াকৈ প্ৰচাৰ হোৱাৰ লগেলগেই শাসকীয় দল বিজেপিৰ ৰাজনৈতিক সমীকৰণত যথেষ্ট আউল লগাটো স্পষ্ট হৈ পৰিছে ।

ইফালে বিৰোধী ঐক্যমঞ্চই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰি ৰাইজক কৰা প্ৰতাৰণা আৰু চৰকাৰখনৰ বিভিন্ন ব্যৰ্থতাক ইচ্ছ্যু হিচাবে লৈ ভোটাৰ ৰাইজৰ কাষ চাপিছে । লক্ষ্যণীয় বিষয় যে চৰকাৰখনে জনতাৰ ওপৰত কৰৰ বোজা আৰু মূল্যবৃদ্ধিৰ ৰামটাঙোন শোধোৱাৰ সমান্তৰালভাৱে কোটি কোটি টকাৰ ঋণ লৈ নতুন নতুন হিতাধিকাৰী সৃষ্টিৰে ভোটবেংক অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা চলোৱাৰ বাবে উঠি-পৰি লাগিছে । ইফালে এনেদৰে বিনামূলীয়া আঁচনিৰে ভোটাৰৰ মন জয় কৰিবলৈ তৎপৰ হোৱাৰ ফলত গ্ৰামাঞ্চলত কর্মসংস্কৃতি আৰু কৃষিকাৰ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে । যাৰ ফলত এসময়ত খেতিৰ মাটি কেইডৰাও যে বণিক গোষ্ঠীৰ হাতত তুলি দিব লাগিব সেই কথা এতিয়া উজনিৰ গাঁও অঞ্চলৰ ৰাইজৰ মাজত বিশেষভাৱে চৰ্চিত হৈছে ।

উল্লেখ্য যে আৰ্থিকভাৱে দুৰ্বলসকলৰ বাবে বিজেপিয়ে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰিলেও লাহে লাহে খেতিমাটি ছন পৰি ৰোৱা আৰু এসময়ত ছন পৰি ৰোৱা মাটিখিনিও হেৰুৱাবলগীয়া হোৱাৰ আশংকায়ো এতিয়া উজনিৰ গাঁওবাসীক উদ্বিগ্ন কৰি তুলিছে । ইফালে এনেবোৰ দিশক বিশেষভাৱে গুৰুত্ব দি বিৰোধী ঐক্যমঞ্চই উজনিৰ তৃণমূলত প্ৰভাৱ বিস্তাৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

আনহাতে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই কেৱল ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনক লক্ষ্য কৰি ৰাজ্য চৰকাৰে অতিশয় কৌশলেৰে সমষ্টিবাসীৰ মতামতক গুৰুত্ব নিদি কেৱল দলীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি কৰা সমষ্টি পুনৰ নিৰ্ধাৰণক লৈয়ো উজনিৰ গৰিষ্ঠসংখ্যক বিধানসভা সমষ্টিৰ জনসাধাৰণ আজিও ক্ষুন্ন হৈ আছে ।

এনেবোৰ বিষয়কো এতিয়া বিজেপি বিৰোধী ঐক্যমঞ্চই গ্ৰামাঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । বিৰোধী ঐক্যমঞ্চই ২০২৪ৰ নিৰ্বাচনক লৈ ৰণকৌশলত ব্যস্ত হ'লেও কিন্তু বিজেপিক প্ৰতিহত কৰাটো সহজ নহ'ব । কিন্তু বিৰোধীৰ ব্যাপক তৎপৰতাক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে শাসকীয় দল বিজেপি । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে যোৰহাট আৰু ডিব্ৰুগড় দুয়োটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিত সাংগঠনিক স্থিতি সবল কৰাৰ বাবে শেহতীয়াকৈ জিলা ভিত্তিত নতুন নতুন প্ৰভাৰীক দায়িত্ব দি বুথ পর্যায়তো সবল স্থিতিৰ বাবে ৰণকৌশলত ব্যস্ত হৈ পৰিছে ।

কিন্তু শাসকীয় বিজেপিয়ে যিমানেই তৎপৰতা অৱলম্বন নকৰক কিয় বিগত সময়ছোৱাত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে নিজ নিজ সমষ্টিৰ জ্বলন্ত সমস্যাৰ বেলিকা সংসদত সবল ভূমিকা প্ৰদর্শনত যে চৰম ব্যৰ্থ হৈছিল সেই কথাও এতিয়া নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো স্তৰৰ লোকৰ মাজতেই চৰ্চিত হৈছে ।

বিশেষকৈ নামৰূপ সাৰ কাৰখানাৰ আধুনিকীকৰণ কৰা আৰু গেছ ক্ৰেকাৰ প্ৰকল্পৰ জৰিয়তে প্ৰচুৰ সম্ভাৱনা থকা ভটিয়নী উদ্যোগ স্থাপনেৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ লগতে উজনি অসমৰ নিবনুৱাৰ আত্ম সংস্থাপনৰ দিশত কোনোধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সময়ে সময়ে সমালোচিত হৈ আহিছে ।

ইফালে ছাত্ৰ সন্থাত থকাৰ সময়ত জাতীয় সমস্যাৰ প্ৰতি সৰৱ হৈ প্ৰতিবাদ সাব্যস্ত কৰা তপন গগৈ ৰাজনীতিলৈ অহাৰ পাচত জাতীয় সমস্যাৰ কথা বাদেই নিবনুৱাৰ সমস্যা, কৃষকৰ সমস্যাৰ প্ৰতিও উদাসীন হৈ কেৱল সমষ্টি উন্নয়নৰ পুঁজি বিতৰণ কৰিয়েই দায়িত্ব পালন কৰা বিষয়টোত সমষ্টিৰ গৰিষ্ঠসংখ্যক লোকেই অসন্তুষ্টি প্ৰকাশ কৰিছে । এনে পৰিস্থিতিত এতিয়া বিৰোধী ঐক্যমঞ্চই উজনিৰ ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত সুযোগ গ্ৰহণ কৰিবলৈ বিভিন্ন দিশেৰে তৎপৰ হৈ পৰিছে ।

তেনেস্থলত বিজেপিয়ে সমগ্ৰ দিশটো পৰ্যবেক্ষণ কৰি অন্যধৰণে চিন্তা কৰিবলৈ বাধ্য হৈছে । যোৰহাটৰ সাংসদ তপন গগৈ আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ ৰাজনৈতিক ভৱিষ্যতক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক : CM Himanta on Ajmal and Khalek: স্বাভিমানী জাতি এটাই আজমলৰ দৰে ব্যক্তিক গামোচা পিন্ধাব নালাগে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.