Cross Voting Issue: কৰিমুদ্দিন বৰভভূঞাৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব দেৱব্ৰত শইকীয়া

author img

By

Published : Jul 27, 2022, 10:41 PM IST

Cross Voting Issue
কৰিমুদ্দিন বৰভভূঞাৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব দেৱব্ৰত শইকীয়া ()

এই আই ডি এউ এফৰ বহু বিতৰ্কিত বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ(AIUDF MLA Karim Uddin Barbhuiya) বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া ৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ভোটক কেন্দ্ৰ কৰি কৰিমুদ্দিন বৰভূঞাই বিৰোধীৰ দলপতিগৰকাৰ প্ৰতি কৰা কেতবোৰ মন্তব্যৰ প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্ত হ’ব বিৰোধীৰ দলপতিগৰাকীৰ ৷

গুৱাহাটী, ২৭ জুলাই: দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিলে যদিও অসমত ৰাষ্ট্ৰপতি নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কৰ অন্ত পৰা নাই । অব্যাহত আছে বিৰোধীৰ বোকা ছটিওৱাৰ ৰাজনীতি । বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । এ আই ইউ ডি এফৰ অভিযোগ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Opposition leader Debabrata Saikia)।

তেওঁ কয়, ‘‘ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ সমৰ্থিত প্ৰাৰ্থী যশোৱন্ত সিনহাই ২০ টা ভোট লাভ কৰিলে । কংগ্ৰেছ দলৰ নিজাকৈ ২৪ টা ভোট আছিল । এটা কথা নিশ্চিত যে অতি কমেও চাৰিজন বিধায়কে এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক ভোট দিছে । এই সংখ্যা বেছি হ'বও পাৰে ।’’ আনহাতে, ৰাষ্ট্ৰপতি নিৰ্বাচনত যশোৱান্ত সিনহা বিৰুদ্ধে দেৱব্ৰত শইকীয়াই স্থিতি লৈ 20 জন বিৰোধীৰ বিধাকক দ্ৰৌপদী মুৰ্মুৰ পক্ষত ভোট দিওৱা বুলি ইফালে এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই অনা অভিযোগৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধীৰ দলপতিগৰাকীয়ে ৷

কৰিমুদ্দিন বৰভভূঞাৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব দেৱব্ৰত শইকীয়া

শইকীয়াই কয়, ‘‘কৰিমুদ্দিন বৰভূঞাই মিছা কথা কয়, তাৰ প্ৰমাণ আছে । তেওঁৰ বিৰুদ্ধে আদালতত গোচৰ দিয়া হ'ব ’’।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং(Cross voting in president election) কৰাৰ প্ৰসংগত ফলাফল ঘোষণাৰ পাছৰে পৰা তোলপাৰ লাগি আছে দেশৰ ৰাজনীতিত ৷ অসমৰো কেইবাজনো বিধায়কে ক্ৰছ ভোটিং কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই কথা খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়েও স্বীকাৰ কৰিছে (Bhupen Bora on cross voting)৷

এই সন্দৰ্ভত ক্ৰছ ভোটিং কৰা অসম কংগ্ৰেছৰ ছজনীয়া বিধায়কৰ তালিকা লৈ মঙলবাৰে দিল্লীলৈ উৰা মাৰিছিল ভূপেন বৰা ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ‘গাড্ডাৰ’ আখ্যা দিয়া এই ছয় বিধায়কৰ তালিকা কেন্দ্ৰীয় নেতৃত্বৰ হাতত অৰ্পন কৰা কথা আছিল ৷ ইয়াৰ পাছতে বিষয়টোৰ সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে বুধবাৰে সংবাদমেল সম্বোধন কৰে ৷

ভূপেন বৰাক লগতে লৈ দিল্লীত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে বিশ্বাসঘাটকতা কৰা কংগ্ৰেছৰ বিধায়কসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: Cross Voting in President Election: ক্ৰছ ভোটিং কৰাসকলক কঠোৰ সকিয়নী জীতেন্দ্ৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.