ETV Bharat / state

চৰকাৰে অনুমতি নিদিলেও খেতিপথাৰতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সভা কৰা হ'ব : দেৱব্ৰত শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 2:07 PM IST

Opposition Leader Debabrata Saikia comments on Bharat jodo nyay yatra
ভাৰত জোড়ো ন্যায় যাত্ৰা

Bharat jodo nyay yatra : বিজেপিয়ে বাধা দিলেও ভাৰত জোড়ো ন্যায় যাত্ৰা কৰা হ'ব । সকলো বাধা নেউচি আগুৱাই যাব কংগ্ৰেছ ৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটী, ১১ জানুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে বিজেপি চৰকাৰে অনুমতি নিদিলে অসমৰ মানুহৰ অনুমতি লৈ খেতিপথাৰত সভা কৰা হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতা তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত দেৱব্ৰত শইকীয়াই কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি বিজেপিয়ে বাধা দিলেও এই বাধা নেওচি ৰাইজক লৈ এই যাত্ৰা কৰা হ'ব ।

তেওঁ কয় যে এই যাত্ৰাৰ বাবে অনুমতি বিচাৰি চৰকাৰী কাৰ্যালয়ত আৱেদন কৰা হৈছে । এতিয়ালৈকে অনুমতি দিয়া নাই । কংগ্ৰেছে এই যাত্ৰা শান্তিপূৰ্ণভাৱে কৰিব । এই যাত্ৰা কোনো আইন শৃংখলা বিঘ্নিত হোৱা কাম নকৰিব । তেওঁ কয় যে সংবিধানৰ ৰক্ষা কৰা আৰু সজাগতাৰ সৃষ্টি কৰাৰ বাবে এই যাত্ৰা কৰা হ’ব ।

বিজেপিয়ে সংবিধান উলংঘন কৰি নতুন সংবিধান ৰচনা কৰিব বিচাৰিছে । দেশৰ সংবিধানখন দেশৰ সকলো মানুহৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল । কিন্তু বিজেপিয়ে দেশৰ এই সংবিধানখন সলনি কৰিব বিচাৰিছে ।

তেওঁ কয়, ‘‘বৰ্তমান দেশৰ অৱস্থা ভাল নহয় । বিজেপিয়ে মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰিছে । মানুহৰ অধিকাৰ কাঢ়ি নিয়া হৈছে । সাধাৰণ মানুহক অত্যাচাৰ কৰা হৈছে । ৰাজনৈতিক বাতাৱৰণ ধ্বংস কৰা হৈছে । ধনী ধনী হৈ গৈ আছে । আমি পৰিৱৰ্তন বিচাৰিছো । এই পৰিৱৰ্তনৰ বাবে এই যাত্ৰা কৰা হ'ব’’ ।

উল্লেখ্য যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব । আকৌ ১৮ জানুৱাৰীত অসমত ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী অসমত প্ৰৱেশ কৰিব । ৰাহুল গান্ধী ২৫ জানুৱাৰীলৈ অসমত এই যাত্ৰা অব্যাহত ৰাখিব ।

অসমত উজনি অসমৰ লগতে নামনি অসমৰ মুঠ ১৭ খন জিলাত এই যাত্ৰা কৰিব ।‌ ৰাহুল গান্ধীয়ে মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব ।

লগতে পঢ়ক : পূৰ্বোত্তৰৰ মানুহৰ দুখ মোচনৰ বাবে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্য়ায় যাত্ৰা: কে চি বেনুগোপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.