ETV Bharat / state

পূৰ্বোত্তৰৰ মানুহৰ দুখ মোচনৰ বাবে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্য়ায় যাত্ৰা: কে চি বেনুগোপাল

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 8:17 PM IST

Bharat Jodo Nyay yatra: অসম তথা উত্তৰ-পূবৰ মানুহৰ দুখ-দুদৰ্শাৰ অন্ত পেলাবলৈহে ভাৰত জোড়ো ন্য়ায় যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে ৷ এয়া কোনো ৰাজনৈতিক যাত্ৰা নহয় ৷ গুৱাহাটীত সাংবাদিকক জনালে কে চি বেনুগোপালে ৷

KC Venugopal visits Assam
Bharat Jodo Nyay yatra

গুৱাহাটীত কে চি বেনুগোপাল

গুৱাহাটী, ৯ জানুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও অহা মাৰ্চ বা এপ্ৰিল মাহতেই লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ ৷ মঙলবাৰে অসমলৈ আহিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেনুগোপাল ৷ ইফালে মঙলবাৰে ৰাতি অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷

অহা 18 জানুৱাৰীৰ পৰা অসমত অনুষ্ঠিত হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ মণিপুৰত আৰম্ভ হ’বলগীয়া এই যাত্ৰাই 17 জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৷ মঙলবাৰে গুৱাহাটীত সাংবাদিকৰ আগত কে চি বেনুগোপালে কয় যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা 14 জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাজনৈতিক অভিযান নহয় । এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক ।‌

গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰিকল্পনা সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে এই যাত্ৰা সাধাৰণ মানুহৰ সমস্যাৰ ন্যায় বিচাৰি কৰা এক যাত্ৰা । ‘‘বিজেপিৰ শাসনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট অন্যায় হৈ আছে । নিবনুৱা সমস্যা আছে, কৃষকৰ সমস্যা আছে, মহিলাসকলৰ নিৰাপত্তাৰ‌ সমস্যা আছে । এই সমস্যাবোৰকে ইচ্ছু হিচাপে লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা কৰা হ'ব ।’’ বেনু গোপালে লগতে কয় ৷

তেওঁ আৰু কয় যে এই যাত্ৰাত কোনো ৰাজনৈতিক এজেণ্ডা লোৱা হোৱা নাই । লোকসভা নিৰ্বাচনকলৈও এই যাত্ৰা কৰা হোৱা নাই । বিজেপি চৰকাৰে সাধাৰণ মানুহৰ ওপৰত কৰা অন্যায়ৰ বিৰুদ্ধে কৰা এয়া এক ন্যায় যাত্ৰা । এই যাত্ৰাৰ বাবে চৰকাৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই । ৰাইজৰ অনুমতি লৈ, ৰাইজক লগতলৈ এই যাত্ৰা কৰা হ'ব । বিজেপি চৰকাৰক ভয় কৰি কংগ্ৰেছ দলে এই যাত্ৰা কৰা নাই বুলিও কয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনে ।

উল্লেখ্য যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা 14 জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব । তাৰপাচতেই 18 জানুৱাৰীত ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে অসমত প্ৰৱেশ কৰিব । ৰাহুল গান্ধীয়ে 25 জানুৱাৰীলৈ অসমত এই যাত্ৰা অব্যাহত ৰাখিব । উজনি অসমৰ লগতে নামনি অসমৰ মুঠ 17 খন জিলাত এই যাত্ৰা কৰিব ।‌ ৰাহুল গান্ধীয়ে মুঠ 833 কিলোমিটাৰ যাত্ৰা কৰিব ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আহিব জে পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.