ETV Bharat / state

ৰাজ্যত ১৯ অক্টোবৰৰ পৰা ব্যাহত হ'ব OPD সেৱা !

author img

By

Published : Oct 10, 2021, 2:34 PM IST

১৯ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে নৱেম্বৰ মাহ পৰ্যন্ত ব্যাহত হ'ব ৰাজ্যৰ OPD সেৱাসমূহ । হয়টো এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ'ব অসমত । পিছে কিহৰ বাবে অসম চিকিৎসা সেৱা সংস্থাই ল'লে এই সিদ্ধান্ত ?

Guwahati
ৰাজ্যত ১৯ অক্টোবৰৰ পৰা ব্যাহত হ'ব OPD সেৱা

গুৱাহাটী, ১০ অক্টোবৰ : চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাৰ (AMSA) । দীর্ঘদিনীয়া ১৪ টা দাবীৰ সমাধান বিচাৰি ১৯ অক্টোবৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সংস্থাটোৱে । ৰাজ্যৰ প্ৰাথমিক স্বাস্থ্যখণ্ডৰ পৰা জিলা অসামৰিক চিকিৎসা খণ্ডলৈ সামৰি থকা সংস্থাটোৱে গ্ৰহণ কৰিব লগা প্ৰতিবাদৰ ফলত ৰাজ্যত ব্যাহত হ'ব স্বাস্থ্য সেৱা ।

আন্দোলনৰ সময়ছোৱাত কেৱল মাত্ৰ জৰুৰীকালীন সেৱাহে উপলব্ধ হ'ব । শনিবাৰে পানবজাৰস্থিত কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে সংস্থাটোৱে ঘোষণা কৰে এই কথা । সংস্থাৰ সভাপতি ডাঃ ননী গোপাল চহৰীয়াই ঘোষণা কৰা অনুসৰি ১৯ অক্টোবৰত তিনিঘন্টাৰ বাবে OPD বয়কটেৰে আৰম্ভ হ'ব আন্দোলনৰ কাৰ্যসূচী । পুৱা ৮ বজাৰ পৰা ১১ বজা পৰ্যন্ত বন্ধ থাকিব OPD সেৱা ।

একেদৰে ২২ অক্টোবৰত সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে বয়কট কৰা হ’ব OPD সেৱা । ২৬,২৭ আৰু ২৮ অক্টোবৰত ধাৰাবাহিক OPD সেৱা বয়কট (boycott) আৰু ১, ২ আৰু ৩ নৱেম্বৰতো বয়কট কৰিব OPD সেৱা ।

দীঘলীয়া আন্দোলন তথা প্ৰতিবাদলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ সঁহাৰি নাপালে নৱেম্বৰৰ দ্বিতীয় সপ্তাহত সংস্থাৰ সাধাৰণ সভাই পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সভাপতিয়ে কয় । উল্লেখ্য যে, সংস্থাৰ বিভিন্ন দাবীসমূহ হৈছে সুভাষ দাস কমিটী প্ৰতিবেদন অনুসৰি 'অসম স্বাস্থ্য সেৱা-ক' কৰ্মচাৰী কেডাৰ ৰিভিজন হ'ব লাগে । কিন্তু যোৱা তিনিদশক কেডাৰ ৰিভিজন হোৱা নাই । যাৰ ফলত নতুন চিকিৎসকক আকৰ্ষণ কৰিব পৰা নাই বা অসম স্বাস্থ্য সেৱাত নতুন চিকিৎসকক নিযুক্তি দিলেও চিকিৎসকে দায়িত্বত যোগদান নকৰাৰ অভিযোগ সংস্থাৰ সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰৰ ।

ইয়াৰ উপৰিও তেওঁলোকৰ অন্যতম দাবী হৈছে কৰ্মচাৰীসকলৰ টাইম স্কেল প্ৰমোচনৰ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগে । লগতে জ্যেষ্ঠ আৰু কনিষ্ঠতম বিশেষজ্ঞ চিকিৎসকৰ মাজত থকা দৰমহাৰ বৈষম্য সমাধান কৰা তেওঁলোকৰ আন এটা দাবী । উল্লেখ্য যে, ৰাজ্যৰ ২০১২ চনৰ পূৰ্বৰ বিশেষজ্ঞ চিকিৎসকৰ দৰমহা ২০১২ চনৰ পাছৰ বিশেষজ্ঞ চিকিৎসকতকৈ কম ।

ইফালে সংস্থাৰ দাবী হেলথ-এ চিকিৎসকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে । সংস্থাৰ সম্পাদকগৰাকীৰ মতে ৰাজ্যত ৩ খন চিকিৎসা মহাবিদ্যালয় থাকোতে ২৩ খন আসন হেলথ-এ চিকিৎসকৰ বাবে সংৰক্ষিত আছিল । বৰ্তমান চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ'ল কিন্তু সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি নহ'ল ।

সমান্তৰালকৈ, যোৱা ২০১৭ চনলৈ আবেলি OPD সেৱাত জড়িত কৰ্মচাৰীৰ প্ৰাপ্য ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে আদায় দিব লাগে । তেওঁলোকক আদায় দিবলৈ থকা ধনৰ পৰিমাণ প্ৰায় ৮০ লাখ । আনহাতে, হেলথ-এ চিকিৎসকলৈ বিনামূলীয়া আৱাসগৃহৰ ব্যৱস্থাৰো দাবী সংস্থাৰ । চিকিৎসক-স্বাস্থ্যকর্মীৰ নিৰাপত্তা সু-নিশ্চিত কৰি জিলা অসামৰিক পৰ্যায়ৰ চিকিৎসালয়ত আৰক্ষী চকী স্থাপন কৰিবলৈও দাবী জনায় সংস্থাই ।

সংবাদমেলত সংস্থাই উল্লেখ কৰা মতে ভাৰতবৰ্ষৰ প্ৰায়সমূহ ৰাজ্যৰ তুলনাত অসমৰে হেলথ-এ চিকিৎসকৰ দৰমহা কম । সময় অনুসৰি চাকৰিত পদোন্নতি ব্যৱস্থা কৰাৰ লগতে খালি হৈ থকা হেলথ-এ পদসমূহ শীঘ্ৰে পূৰণৰো দাবী জনাই সংস্থাটোৱে ।

লগতে পঢ়ক :গুৱাহাটীত পেট্ৰ'লে কোবালে চেঞ্চুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.