ETV Bharat / state

Man Elephant conflict : ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

author img

By

Published : Mar 17, 2022, 6:44 PM IST

man-elephant-conflict-in-udalguri
ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ সমান্তৰালকৈ ওদালগুৰি জিলাৰ ডিমাকুছিতো বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বন্যহস্তীৰ এই ত্ৰাসৰ মাজতে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে(One killed in wild elephant attack) ৷

তামুলপুৰ, 17 মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ওদালগুৰি জিলাৰ ডিমাকুছিবাসী ৰাইজে(Man Elephant conflict in Udalguri) ৷

এইবাৰ ওদালগুৰি জিলাৰ ডিমাকুছিৰ নলাপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক (One killed in wild elephant attack) ৷ লাডেন নামৰ বন্য হস্তীটোৰ আক্ৰমণত নিহত লোকজন । নিহত লোকজন বয়স প্ৰায় 40 বছৰ ৷ সম্প্ৰতি চিনাক্ত হোৱা নাই লোকজনৰ পৰিচয় ৷

ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

উল্লেখ্য যে, লাডেন নামৰ বন্যহস্তীটোৱে বিগত কেইবা বছৰ ধৰি কৰি অহা আক্ৰমণত বহু লোক নিহত হোৱা বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

তথ্য অনুসৰি 2021 বৰ্ষত হাতীটোৰ আক্ৰমণত 14 জনকৈ লোক নিহত হৈছে ৷ বৃহস্পতিবাৰে অৰ্থাৎ আজি পুৱা সংঘটিত এই শোকাৱহ ঘটনাৰ পাছতে ঘটনাস্থলীত ডিমাকুছি থানাৰ আৰক্ষী আৰু বৰনদী অভয়াৰণ্যস্থিত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

হাতী মানুহৰ সংঘাতৰ ফলত অঞ্চলটোত বহুকেইগৰাকী লোক নিহত হোৱাৰ বিপৰীতে এই ভয়াৱহ সমস্যাটো সমাধানত বনবিভাগ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ সচেতন মহলে ।

লগতে পঢ়ক : Man Elephant conflict at Golaghat : দৈগ্ৰোং বনাঞ্চলৰ সমীপত বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.