ETV Bharat / state

Drugs Peddler Arrest : গড়চুকত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন

author img

By

Published : Nov 24, 2021, 2:46 PM IST

Updated : Nov 24, 2021, 3:44 PM IST

Drugs free Assam
গড়চুকত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন

বুধবাৰে পুৱা গুৱাহাটীৰ ISBT ৰ পৰা গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী । ৫০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ আৰক্ষীৰ অভিযানত । ঘটনাত আৰক্ষীৰ লোক জড়িত থকাৰ সন্দেহ ।

গুৱাহাটী, ২৪ নৱেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান (Assam Police raid against drugs) । ইয়াৰ মাজতে গড়চুক আৰক্ষীৰ কেইবাটাও স্থানত চলিল ড্ৰাগছ বিৰোধী অভিযান (Anti drugs campaign) । এই অভিযানত নিচাজাতীয় টেবলেটসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত লোকজন মহম্মদ চালামুদ্দিন ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বুধবাৰে পুৱা প্ৰায় ৭ মান বজাত আই এছ বি টিৰ পৰা নিচাজাতীয় টেবলেটসহ চালামুদ্দিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler) জনৰ পৰা ৫০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে । টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে । ইফালে মণিপুৰৰ পৰা নিচাজাতীয় টেবলেট খিনি লৈ অহা লোকজন পলায়ন কৰে ।

গড়চুকত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন

আনহাতে এই ঘটনাৰ লগত আৰক্ষীৰ লোক দুজন জড়িত থকাৰ খবৰ পোৱা গৈছিল । কিন্তু এই ঘটনাত আৰক্ষীৰ কোনো লোক জড়িত নাই বুলি স্পষ্ট কৰিলে উপ-আৰক্ষী আয়ুক্ত নৱনীত মহন্তই ।

উল্লেখ্য যে গোপন খবৰ অনুসৰি চালামুদ্দিনৰ লগত জড়িত আছিল আৰক্ষী বিভাগৰ দুই গৃহৰক্ষী জোৱান । কিন্তু উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে গৃহৰক্ষী জোৱান বাবুল আলী আৰু হেমন্ত বৰ্মনৰ উপস্থিতি নস্যাৎ কৰে । কিন্তু গৃহৰক্ষী জোৱান কেইজন সঁচাকৈয়ে এই ঘটনাৰ লগত জড়িত নাছিল নেকি ? বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰকৃততে উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে গৃহৰক্ষী জোৱান কেইজনক ৰক্ষণাৱেক্ষণৰ চেষ্টা কৰিছে নেকি ?

লগতে পঢ়ক:Drugs smuggling in Assam Nagaland border: চৰাইদেউৰ সীমান্তত অসম আৰক্ষীৰ সফল অভিযান

Last Updated :Nov 24, 2021, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.