Drugs smuggling in Assam Nagaland border: চৰাইদেউৰ সীমান্তত অসম আৰক্ষীৰ সফল অভিযান

author img

By

Published : Nov 23, 2021, 10:47 PM IST

anti-drugs-mission-of-assam-police-in-assam-nagaland-border

অসম নগালেণ্ড-সীমান্তত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ৷ চৰাইদেউৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী নিমনাগড় চিংফাংত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ২ যুৱক ((Anti drugs mission of Assam police in Assam Nagaland border) ৷

মৰাণ, 23 নৱেম্বৰ : বিগত কেইবা মাহ ধৰি ৰাজ্যৰ গৃহ বিভাগ(Home ministry of Assam government) তথা অসম আৰক্ষীয়ে ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান(Anti drugs mission of Assam police )অব্যাহত আছে ৷ একে গতিতে চৰাইদেউ জিলাতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান৷ বিশেষকৈ জিলাখনৰ নিমনাগড়ত অব্যাহত আছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান । কিন্তু ইয়াৰ মাজতে নগালেণ্ডৰ পৰা নিয়মীয়াকৈ ড্ৰাগছ সৰবৰাহ হৈ আছে জিলাখনৰ(Drugs smuggling in Assam Nagaland border) ৷

Drugs smuggling in Assam Nagaland border: চৰাইদেউৰ সীমান্তত অসম আৰক্ষীৰ সফল অভিযান

নগালেণ্ডৰ সীমান্তৱৰ্তী নিমনাগড় চিংফাঙত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ দুজনক আটক কৰে(Drugs seized in charaideo) । চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া অমিতাভ বসুমতাৰী, আৰক্ষী বিষয়া অনিতা কোঁৱৰ আৰু মথুৰাপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰুৱাৰ সহযোগত এক যৌথ অভিযানত ড্ৰাগছ অভিযানত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চিংফাঙত বহু পৰিমানৰ ব্ৰাউন চুগাৰ সহ দুজন ব্যক্তিক আটক কৰে ।

সৰবৰাহকাৰী কেইজনৰপৰা উদ্ধাৰ কৰা হৈছে কণ্টেইনাৰ সহ নিষিদ্ধ ড্ৰাগছ । আটকাধীন লোককেইজন নিমনাগড় শ্ৰীপুৰৰ সঞ্জীৱ সেন আৰু নাগালেণ্ড তিৰু অঞ্চলৰ এজন যুৱক বুলি জানিব পৰা গৈছে । সম্প্ৰতি দুয়োজনকে মথুৰাপুৰ আৰক্ষী থানাত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Akhil Gogoi: আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.