ETV Bharat / state

Guwahati Firing case:নুনমাটিৰ শালবাৰীত সংঘটিত গুলীচালনা ঘটনাৰ নতুন মোৰ,এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 12, 2023, 11:03 PM IST

মহানগৰীৰ নুনমাটিৰ শালবাৰীত সংঘটিত গুলিচালনা ঘটনাৰ নতুন মোৰ ৷ গুলিচালনাৰ ঘটনাৰ সৈতে জৰিত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ দিগন্ত বৰদলৈ নামৰ লোকজনক গ্ৰেপ্তাৰ ৷

Guwahati Firing case
নুনমাটিৰ শালবাৰীত সংঘটিত গুলীচালনা ঘটনাৰ নতুন মোৰ

নুনমাটিৰ শালবাৰীত সংঘটিত গুলীচালনা ঘটনাৰ নতুন মোৰ

গুৱাহাটী,১২ জুলাই : মহানগৰীৰ নুনমাটি গুলীচালনাৰ নতুন মোৰ ৷ ১০ জুলাই সোমবাৰে মাজনিশা নুনমাটি শালবাৰীত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ দিগন্ত বৰদলৈ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে ৷ জানিব পৰা মতে আৰক্ষীয়ে সোমবাৰে নিশা আটক কৰে দিগন্ত বৰদলৈ নামৰ লোকজনক ৷ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০৭ নং ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰে ৷ সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা দিগন্ত বৰদলৈক বুধবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতৰ নিৰ্দেশ মৰ্মে পৰৱৰ্তী সময়ত দিগন্ত বৰদলৈক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

ইতিমধ্যে আৰক্ষীয়ে নুনমাটি শালবাৰীৰ দিগন্ত বৰদলৈৰ ঘৰৰ পৰা অনুজ্ঞাপত্ৰ থকা পইন্ট৩৮ স্পেইনত নিৰ্মিত এটা অত্যাধুনিক পিষ্টল, ৩৫ টা সজীৱ গুলী আৰু সাতটা খালি কাৰ্টিজ আৰু AS 01 BQ 7626 নম্বৰৰ এখন বাহন জব্দ কৰে। আনহাতে উক্ত ঘটনাৰ সৈতে জৰিত গণেশ ৰাজবংশীসহ আন ৪ জনক ৰহস্যজনকভাৱে থানাৰ পৰা ব্যক্তিগত জামিনত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ।

জানিবপৰা মতে বামুণীমৈদামৰ বিজি য়াৰ্ডত লোডিং-আনলোডিঙক লৈ দীৰ্ঘদিনে ধৰি চলি থকা ব্যৱসায়ীক সংঘাতৰ বাবে দিগন্ত বৰদলৈৰ বাসগৃহত গণেশ ৰাজবংশী নামৰ যুৱকৰ নেতৃত্বত অহা দলে ভয় ভাবুকি প্ৰদান কৰিছিল। যাৰ ফলত উপায়ন্তৰ দিগন্ত বৰদলৈয়ে আত্মৰক্ষাৰ বাবে নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে শূণ্যলৈ গুলিচালনা কৰিবলৈ বাধ্য হৈছিল ।

এই ঘটনাৰ পিচতেই স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা নুনমাটি আৰক্ষীয়ে দিগন্ত বৰদলৈৰ লগতে গণেশ ৰাজবংশী সহ আটক কৰিছিল ৪ যুৱকক। পৰবৰ্তী সময়ত নুনমাটি আৰক্ষীয়ে Arms actৰ অধীনত দিগন্ত বৰদলৈক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে দিগন্ত বৰদলৈৰ বিৰুদ্ধে নুনমাটি থানা,চান্দমাৰী থানা,সাতগাঁও থানা আদিত অপহৰণ, ধন দাবী,মাৰপিট, হত্যাৰ চেষ্টা আদিকে ধৰি বিভিন্ন অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে ।

লগতে পঢ়ক:Assam Public Works press conference:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ (NRC) বন্ধ কৰাৰ দাবী অসাম পাব্লিক ৱৰ্কছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.