ETV Bharat / state

Assam Public Works press conference:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ (NRC) বন্ধ কৰাৰ দাবী অসাম পাব্লিক ৱৰ্কছৰ

author img

By

Published : Jul 12, 2023, 5:04 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ (NRC) বন্ধ কৰাৰ দাবী অসাম পাব্লিক ৱৰ্কছ (APW)ৰ সভাপতি অভিজিৎ শৰ্মাৰ । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি তেওঁ কয় আমি বিচাৰিম শুদ্ধ ভোটাৰ তালিকা । NRC খন আমি কি পকেটত লৈ ফুৰিম নেকি ! NRC ত বিদেশী নাগৰিকে নাম সুমুৱাবই । ভোট দিবই । সেয়ে NRC প্ৰক্ৰিয়াটোৱেই বন্ধ কৰি দিব লাগে ।

Assam Public Works demands an end to NRC
সংবাদমেল

প্ৰেছ ক্লাবত সংবাদমেল

গুৱাহাটী, ১২ জুলাই : বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰা হয় ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে এই সংবাদমেলত আলোচনা কৰা হয় ৷ ৮০ লাখ অবৈধ বাংলাদেশীৰ নাম NRC ৰ পৰা কাটি দিব পাৰিলে ১২৬ সমষ্টি খিলঞ্জীয়াৰ হাতত থাকিলহেঁতেন বুলি উল্লেখ কৰি NRC ৰ প্ৰক্ৰিয়া বন্ধ কৰি শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ চৰকাৰক দাবী জনাই অসম পাব্লিক ৱৰ্কছ (APW)ৰ সভাপতি অভিজিৎ শৰ্মাই । NRC ৰ 260 কোটি টকীয়া কেলেংকাৰি কৰি হাজেলা ভয়ত পলালে । মুখ্যমন্ত্ৰীয়ে ক’লে এয়া অসমীয়াৰ জয় । কোনো জয় নহয় এইয়া, মুখ্যমন্ত্ৰী বিফল হৈছে বুলি মন্তব্য কৰি কয় NRC খন কোনো কামৰ নহয়, চৰকাৰৰ ১৬ শ কোটি টকা পানীত পৰিল । এনে বহু ১৬ শ কোটি টকা মন্ত্ৰী , বিধায়কে অকলেই খাই দিয়ে । NRC প্ৰক্ৰিয়াটোৱে বন্ধ কৰি দিব লাগে ।

বেংগলী সম্প্ৰদায়ৰ এজন দালাল NRC বিষয়টোৰ সৈতে জড়িত হৈ আছে বুলিও তেওঁ সংবাদমেলত অভিযোগ কৰে । ১৯৭১ চনৰ আগৰ যিমান লোক অসমত আছে সকলো একগোট হৈ সন্দেহ যুক্ত বিদেশী বিৰুদ্ধে যুঁজিবলৈ তেওঁ আহ্বান জনায় । সংবাদমেলত তেওঁ সদৰি কৰে যে শীঘ্ৰেই আসাম পাব্লিক ৱৰ্কছৰ সাতজনীয়া প্ৰতিনিধিৰ দলে ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ (RGI) আৰু গৃহমন্ত্ৰীৰ ওচৰলৈ গৈ NRC খন বাতিল কৰিবলৈ আৰু NRC ৰ কেলেংকাৰীৰ বিষয়ে অৱগত কৰিব ।

আনহাতে তেওঁ সংবাদমেলত কয় ৪১ লাখ অসমীয়া লোক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে । এই বিষয়ে চৰকাৰে আলোচনা কৰিছিল যদিও এতিয়ালৈকে কোনো সুফল নোলাল । গতিকে, আমি চৰকাৰক পুনৰ সোঁৱৰাই দিব বিচাৰিছো বায়’মেট্ৰিক পদ্ধতিৰ আঁসোৱাহ থকাৰ বাবে এই লক্ষ লক্ষ লোক এতিয়াও আধাৰ কাৰ্ড নথকাকৈ আছে । যাৰ ফলত বহু লোকৰ সন্তানে বাহিৰলৈ পঢ়িবলৈ যাব পৰা নাই । বিভিন্ন সা-সুবিধা, চৰকাৰী আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই । এই লোকসকলোৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

তেওঁ 1826 চনৰ পাছত জাতি ৰক্ষাৰ বাবে হেংদাং ব্যৱহাৰ হৈছে নে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় সন্দেহযুক্ত লোকসকলে কামে কাজে লাগিলে আমাৰ মানুহে জয় শ্ৰীৰাম কৈ থাকোতেই যাব । নেতাৰ লৰা-ছোৱালী বিদেশত পঢ়িব বাকীসকলে জিন্দাবাদ মুৰ্দাবাদ কৰিব বুলি মন্তব্য কৰে । সকলোৰে বাবে কামৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক : Constituency Delimitation :সমষ্টি সংৰক্ষণৰ দাবীৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.