ETV Bharat / state

"জন -ঔষধি দিৱস" উপলক্ষে অসমৰ প্ৰতিনিধিৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Mar 7, 2020, 6:08 PM IST

pm modi interect through video calling
ভাৰতত ১০ হাজাৰ জন-ঔষধি কেন্দ্ৰ স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

"জন-ঔষধি দিৱস" উপলক্ষে সমগ্ৰ দেশৰ জনসাধাৰণক ভিডিঅ’ কনফাৰেন্সৰ যোগে সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ অসমৰ এগৰাকী প্ৰতিনিধিসহ 6 গৰাকী প্ৰতিনিধিৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

গুৱাহাটী , 7 মাৰ্চঃ "জন-ঔষধি দিৱস" উপলক্ষে সমগ্ৰ দেশৰ জনসাধাৰণক ভিডিঅ’ কনফাৰেন্সৰ যোগে সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ ৭ টা কেন্দ্ৰৰ হিতাধিকাৰীৰ লগত পোনপটিয়াকৈ বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী গৰাকী ৷ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

ভাৰতত ১০ হাজাৰ জন-ঔষধি কেন্দ্ৰ স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

"পূৰ্বৰ দৰে এইবাৰো 'জন -ঔষধি দিৱস' পালন কৰা হল ৷ আমি সমগ্ৰ ভাৰতত ১০ হাজাৰ জন-ঔষধি কেন্দ্ৰ স্থাপনৰ লক্ষ্য লৈছো ৷ জন-ঔষধি যোজনাৰ দ্বাৰা ভাৰতৰ বহু দুখীয়া পৰিয়াল যথেষ্ট উপকৃত হৈছে ৷" অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ COVID 19 সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ বাণী সাৰোগত কৰি সকলোকে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ অনুৰোধ জনায় মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে ৬ গৰাকী জন-ঔষধি কেন্দ্ৰৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰে ৷ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিবলৈ সুবিধা পায় গুৱাহাটীৰ এগৰাকী প্ৰতিনিধিয়েও ৷

লগতে পঢ়কঃ149 বছৰ ধৰি চলি অহা এখন ঐতিহাসিক প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.