ETV Bharat / state

দীপাৱলী উপলক্ষে মৃন্ময় শিল্পীৰ ব্যাপক ব্যস্ততা

author img

By

Published : Oct 31, 2020, 6:35 PM IST

Updated : Nov 1, 2020, 6:56 PM IST

On the occasion of Diwali, an earthenware mill has come to life in the hands of a clay artist
দীপাৱলী উপলক্ষে মৃন্ময় শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মাটিৰ চাকি

দীপাৱলী উপলক্ষে প্ৰতিজন মৃৎ শিল্পীৰ হাতৰ পৰশত গঢ় লৈ উঠিছে ভিন্ন আকৃতিৰ মাটিৰ চাকি ৷ যাৰবাবে মৃৎ শিল্পীসকলৰ এৰাব নোৱাৰা ব্যস্ততা দেখা পোৱা পৰিলক্ষিত হৈছে ৷ গুৱাহাটীতো একেই পৰিৱেশ ৷

গুৱাহাটী, 1 নবেম্বৰ : সন্মুখত পোহৰৰ উৎসৱ দিপাৱলী ৷ দীপাৱলী উপলক্ষে প্ৰতিজন মৃৎ শিল্পীৰ হাতৰ পৰশত গঢ় লৈ উঠিছে ভিন্ন আকৃতিৰ মাটিৰ চাকি ৷ যাৰবাবে মৃৎ শিল্পীসকলৰ এৰাব নোৱাৰা ব্যস্ততা দেখা পোৱা পৰিলক্ষিত হৈছে ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো দেখা গৈছে মৃৎ শিল্পীৰ ব্যস্ততা ৷ সদাব্যস্ত গুৱাহাটী মহানগৰীৰ বেলতলাত মাত্ৰ দুটা পৰিয়ালে অক্ষুণ্ণ ৰাখিছে পূৰ্ব পুৰুষৰ পৰম্পৰা ৷ ধৰ্মীয়ভাৱে মুছলমান সম্প্ৰদায়ৰ হ’লেও তেওঁলোকে অতিজৰে পৰাই সংযুক্ত হৈ আছে এই বিশেষ বৃত্তিটোত ৷

দীপাৱলী উপলক্ষে মৃন্ময় শিল্পীৰ ব্যাপক ব্যস্ততা

এখন মাত টিনৰ চালিকে বাসস্থান হিচাপে লৈ প্ৰস্তুত কৰি আহিছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অতি প্ৰয়োজনীয় মাটিৰ চাকি,ঘট আদিৰ লগতে অন্যান্য মাটিৰ বাচন-বৰ্তন ৷ নিশ্চিতভাৱে যিটো সময়ত একাংশ লোকে বিভিন্ন সাম্প্ৰদায়িক মন্তব্যৰে সমাজ কলুষিত কৰাৰ চেষ্টা কৰি আহিছে তেনে সময়ত বেলতলাৰ এই দুটা পৰিয়ালৰ কৰ্মৰাজীয়ে সকলোৰে মাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : অসম-মিজোৰামৰ ভূমি বিবাদ নিষ্পত্তি প্ৰসংগত বৈঠক

Last Updated :Nov 1, 2020, 6:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.