ETV Bharat / state

Hajj pilgrim in Guwahati: মক্কালৈ ৰাওনা উত্তৰ-পূৱৰ প্ৰথমটো হজযাত্ৰী দল

author img

By

Published : Jun 4, 2023, 8:54 PM IST

North East first Hajj pilgrim group to leave for Makkah
মক্কালৈ ৰাওনা উত্তৰ-পূৱৰ প্ৰথমটো হজযাত্ৰী দল

ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ হজ সমাপনৰ বাবে ছৌদি আৰৱৰ মক্কালৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হজযাত্ৰা ইতিমধ্যেই আৰম্ভ হৈছে বিগত ২১ মে'ৰ পৰা । কেন্দ্ৰীয় হজ কমিটীৰ নিৰ্দেশনা অনুসৰি দেওবাৰৰ পৰা অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা আৰম্ভ হৈছে (North East first Hajj pilgrim group to leave for Makkah) ।

গুৱাহাটী, ৪ জুন: বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ হজ সমাপনৰ বাবে ছৌদি আৰৱৰ মক্কালৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হজযাত্ৰা ইতিমধ্যেই আৰম্ভ হৈছে বিগত ২১ মে'ৰ পৰা । ইফালে কেন্দ্ৰীয় হজ কমিটীৰ নিৰ্দেশনা অনুসৰি দেওবাৰৰ পৰা অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা আৰম্ভ হৈছে (North East first Hajj pilgrim group to leave for Makkah) ।

এইবেলি অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা ৬,৩০২ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে মক্কালৈ যাব । ইয়াৰে ৪,২৮১ জন পুৰুষ আৰু ২,০২১ জনী মহিলা । তেনেদৰে অসমৰ পৰা যাবলগীয়া মুঠ হজযাত্ৰীৰ সংখ্যা হ’ল ৬,১৮৯ জন । আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ হজযাত্ৰীৰ ২৪৫ জনীয়া প্ৰথমটো দল ইণ্ডিগ' বিমানৰে দুপৰীয়া আৰু বিয়লি দুখন বিশেষ বিমানৰে নতুন দিল্লী আৰু মুম্বাই হৈ মক্কা অভিমুখে ৰাওনা হৈছে (Hajj pilgrim in Guwahati) ।

ইয়াৰ ভিতৰত দুপৰীয়া ১২.৫০ বজাত নতুন দিল্লী হৈ মক্কালৈ যাত্ৰা কৰা বিমানখনত ১৭৫ জন হজযাত্ৰী ৰাওনা হৈছে । বিয়লি ৪.৩০ বজাত মুম্বাই হৈ মক্কালৈ যাত্ৰা কৰা কৰা বিমানখনত ৭০ জন হজযাত্ৰী ৰাওনা হৈছে । মাজনিশা এক বজাৰ পাছত আৰু কাইলৈ পুৱাৰ ভাগত হজযাত্ৰীৰ দুয়োটা দল গৈ মক্কাৰ সমীপৰ জেদ্দা আন্তৰ্জাতিক বিমানবন্দৰত গৈ উপস্থিত হ'ব ।

দুপৰীয়া যাত্ৰা কৰা প্ৰথমখন বিমানত ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ আৰু উত্তৰ পূব হজ অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামান আৰু বিজেপিৰ সংখ্যালঘু কোষৰ সভাপতি চৈয়দ মমিনুল আৱলো পৱিত্ৰ হজ সমাপনৰ বাবে মক্কা অভিমুখে ৰাওনা হৈছে বুলি জানিবপৰা গৈছে । আনহাতে পুৱা ১০ বজাত বৰঝাৰ বিমানবন্দৰত স্থাপন কৰা হজযাত্ৰী অভ্যৰ্থনা কক্ষৰ সন্মুখত পতাকা জোকাৰি হজযাত্ৰীৰ দলটোক বিদায় জনোৱা হয় ।

এই উপলক্ষে ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary) হজযাত্ৰী সকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোক সকলোৱে বিশ্বৰ কল্যাণৰ বাবে মক্কাত দোৱা কৰিব বুলি আশা ব্যক্ত কৰে । ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) হজযাত্ৰী সকলে মক্কাত থকা সময়ছোৱাত কোনো ধৰণৰ যাতে অসুবিধা নাপাই তাৰ বাবে দিয়া নিৰ্দেশনা সন্দৰ্ভত আলোকপাত কৰে ।

ৰাজ্যিক হজ কমিটিৰ সদস্য, বিধায়ক ৰেকিবুদ্দিন আহমেদেও অনুষ্ঠানত উপস্থিত থাকি মহান আল্লাই হজযাত্ৰী সকলৰ হজ কবুল কৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত ৰাজ্যিক হজ কমিটীৰ মুখ্য কাৰ্যবাহী বিষয়া আবুল কালাম আজাদ, সদস্য শ্বহিদুল ইছলাম, বিমানবন্দৰ হজ অভ্যৰ্থনা কমিটিৰ অধ্যক্ষ আলতাভ হুছেইন, কাৰ্যকৰী সভাপতি কাচেম আলী, সাধাৰণ সম্পাদক আছিফ মহম্মদ হুছেইন, সহকাৰী সম্পাদক উমেদ আলীকে ধৰি কেবাজনো কৰ্মকৰ্তা, গুৱাহাটী পৌৰ নিগমৰ এক নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বহুত বক্সি উপস্থিত থাকে ।

আনহাতে হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে সদৰি কৰা অনুসৰি অসমৰ হজযাত্ৰী সকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে, অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থাকিব আৰু হোটেলৰ সন্মুখত গামোচাৰ পতাকা উৰি থাকিব । অহাকালিও দুখন বিমান যাত্ৰা কৰিব আৰু ৬ জুনৰ পৰা ১৭ জুনলৈ দৈনিক তিনিখন বিমান হজযাত্ৰীলৈ উৰা মাৰিব । এইবেলি অসম চৰকাৰে হজযাত্ৰীৰ সহায়ক হোৱাকৈ ১৭ জন খাদিমুল হোজ্জা, চিকিৎসক আৰু চিকিৎসা কৰ্মী মক্কালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: Maidam in Charaideu: চৰাইদেউত মৈদাম ক্ষেত্ৰৰ সংৰক্ষণ সন্দৰ্ভত কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.