গ্ৰাহকে বিচাৰিলে সেউজ ফটকা; ব্যৱসায়ীয়ে সুধিলে কি সেউজ ফটকা ?

author img

By

Published : Nov 5, 2021, 6:45 PM IST

no green fire cracker in the markets of guwahati

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নীতি নিৰ্দেশনা উলংঘা কৰি মহানগৰীত নিশা ১২ বজালৈ ফুটিল উচ্চ প্ৰাবল্যৰ ফটকা ৷ সেউজ ফটকা বিচাৰি গ্ৰাহক আহিল যদিও বজাৰত নাই সেউজ ফটকা ৷

গুৱাহাটী,৫ নৱেম্বৰ : প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নীতি নিৰ্দেশনা উলংঘা কৰি মহানগৰীৰ বজাৰত প্ৰদূষণ সৃষ্টিকাৰী ফটকা বিক্ৰী হোৱাৰ লগতে উচ্চ প্ৰাবল্যৰ ফটকা ফুটোৱা পৰিলক্ষিত হৈছে । এচাম অসাধু ব্যৱসায়ীয়ে কেৱলমাত্ৰ মুনাফা আদায়ৰ স্বাৰ্থত উচ্চ প্ৰাবাল্যৰ ফটকা বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰদূষণ সৃষ্টিকাৰী ফটকা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ৩-৫ নৱেম্বৰলৈ নিশা ৮-১০ বজালৈ সেউজ ফটকা ফুটোৱাৰ অনুমতি প্ৰদান কৰিছিল । কিন্তু যোৱা নিশা নিশা ১২ বজালৈ মহানগৰীৰ বিভিন্ন স্থানত ফুটি থাকিল প্ৰদূষণ সৃষ্টিকাৰী উচ্চ প্ৰাবল্যৰ ফটকা । ইপিনে, মহানগৰীৰ ফাচী বজাৰৰ বিভিন্ন স্থানত শুকুৰবাৰেও শিৱকাশিৰ পৰা অহা প্ৰদূষণকাৰী ফটকা বিক্ৰী হৈ আছে বুলি জানিব পৰা গৈছে ।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ তথা প্ৰশাসনৰ নীতি নিৰ্দেশনা উলংঘা কৰি মহানগৰীৰ এচাম দায়িত্বহীন লোকে নিশা ১২ বজালৈ ফুটালে প্ৰদূষণকাৰী ফটকা । ফলত জ্যেষ্ঠ নাগৰিক, ৰোগীৰ লগতে জীৱকুল সমস্যাৰ সমুখীন হয় । অৱশ্যে পূৰ্বৰ তুলনাত গুৱাহাটীত হ্ৰাস পাইছে ফটকা ফুটোৱাৰ পৰিমাণ ।

মূল্য বৃদ্ধিৰ প্ৰভাৱ দীপাৱলীৰ ফটকাৰ বজাৰত পৰাৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাৰ প্ৰভাৱো পৰিছে । ফলত ফটকাৰ বিক্ৰী হ্ৰাস পোৱা বুলি ব্যৱসায়ী সকলে জনাইছে । পূৰ্বৰ তুলনাত ৮০% ফটকাৰ বিক্ৰী হ্ৰাস পোৱা বুলি কোৱাৰ লগতে ফটকাৰ দাম ২০% বৃদ্ধি হোৱা বুলিও জনাইছে ব্যৱসায়ী সকলে । ইপিনে বহু লোকে সেউজ ফটকা বিচাৰি বজাৰলৈ আহিছে যদিও বজাৰত সেউজ ফটকা নাই বুলি ব্যৱসায়ী সকলে জনায় ।
লগতে পঢ়ক : শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.