ETV Bharat / state

মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ

author img

By

Published : Apr 8, 2022, 10:40 PM IST

মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ ৷ বিৰুবাৰীৰ এটি অট্টালিকাত সংঘটিত এই ভয়ংকৰ বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি পৰিয়ালৰ(Nitrogen cylinder blast in Birubari)৷

Nitrogen cylinder blast in Birubari
মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ

গুৱাহাটী, ৮ এপ্ৰিল: মহানগৰীত চাঞ্চল্যকৰ ঘটনা । মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰৰ ভয়ংকৰ বিস্ফোৰণ (Nitrogen cylinder exploded in Birubari) ৷ বিৰুবাৰীৰ আৰ কে মিছন পথৰ 'ইণ্ডাছ ভিলা' নামৰ এটি অট্টালিকাত সংঘটিত হয় এই বিস্ফোৰণ । এই বিস্ফোৰণত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় হেমন্ত সেইনি নামৰ এজন লোকৰ পাকঘৰ । উক্ত বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ ।

Nitrogen cylinder blast in Birubari
মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শুক্ৰবাৰে বিয়লি ৪.৩০ বজাত সংঘটিত হয় এই ঘটনা । নাইট্ৰজেন চিলিণ্ডাটো বিস্ফোৰিত হৈ হেমন্ত সেইনি নামৰ লোকজনৰ পাকঘৰত ৱাল সম্পূৰ্ণ ভাঙি পৰে । ফলত পাঘৰৰ সা সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে বিনষ্ট হয় । কিন্তু নাইট্ৰজেন চিলিণ্ডাৰটো কেনেকৈ বিস্ফোৰিত হ'ল তাৰ সঠিক তথ্য এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : পানীপথত লাউডস্পীকাৰত আজান নিষিদ্ধ কৰাৰ দাবী মুছলমান অধিবক্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.