ETV Bharat / state

NIA ৰ ঘোষণা: মাওবাদী নেতা সব্যসাচী গোস্বামীৰ সন্ধান দিওতালৈ ১০ লাখ

author img

By

Published : Jun 10, 2022, 5:13 PM IST

মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাৰ সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে নিয়াই । চি পি আই (মাওবাদী)ৰ ৰাজ্যিক কমিটীৰ সদস্য আছিল সব্যসাচী গোস্বামী ।

NIA ৰ ঘোষণা: মাওবাদী নেতা সব্যসাচী গোস্বামীৰ সন্ধান দিওতালৈ ১০ লাখ
NIA ৰ ঘোষণা: মাওবাদী নেতা সব্যসাচী গোস্বামীৰ সন্ধান দিওতালৈ ১০ লাখ

গুৱাহাটী, 10 জুন: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ "নিয়া"ই পলাতক মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাক ম'ষ্ট ৱান্টেড ঘোষণা কৰিছে । মাওবাদী নেতাজনৰ সন্ধান দিওতালৈ 10 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে "নিয়া"ই (NIA announce ten lakhs reward for any information of Maoist Sabyasashi Goswami) । অনুসন্ধানকাৰী সংস্থাটোৱে সব্যসাচী গোস্বামীৰ সন্ধান দিওতাৰ নাম ঠিকনা গোপনে ৰখাৰ প্ৰতিশ্ৰুতি দিছে ।

"নিয়া"ই তেওঁৰ আলোকচিত্ৰও প্ৰকাশ কৰিছে । মাওবাদী নেতাজনৰ বিৰুদ্ধে কাছাৰ জিলাত 01/2022 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । ইতিপূৰ্বে গোলাঘাটৰ পৰা "নিয়া"ই সব্যসাচী গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল । উল্লেখ্য যে চি পি আই (মাওবাদী)ৰ ৰাজ্যিক কমিটীৰ সদস্য আছিল সব্যসাচী গোস্বামী । তেওঁক কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক: Protest agaist Nupur Sharma : নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ জামা মছজিদত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.