ETV Bharat / state

NFR recovers stolen goods of passengers:এন এফ ৰে’লৱেই তিনিদিনত উদ্ধাৰ কৰিলে যাত্ৰীৰ চুৰি হোৱা ১.৯ লাখ টকাৰ সামগ্ৰী

author img

By

Published : Jul 1, 2023, 9:22 PM IST

nfr recovers stolen goods of passengers
ৰে’লৱে সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে যাত্ৰীৰ সামগ্ৰী

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ অভিযানত ধৃত ১৩ টা চোৰ । নিয়মীয়া অভিযান আৰু যাত্ৰীৰ অভিযোগৰ ভিত্তিত সুৰক্ষা বাহিনীয়ে কাটিহাৰ, নিউ জলপাইগুড়ী, দলগাওঁ, কামাখ্যা আৰু গুৱাহাটীৰ ৰে’ল ষ্টেচনৰ পৰা তিনিদিনত উদ্ধাৰ কৰে প্ৰায় ১,৯২,০০০ টকাৰ মূল্যৱান সামগ্ৰী ।

গুৱাহাটী, ১ জুলাই : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে ২৭ জুনৰ পৰা ২৯ জুনৰ ভিতৰত চলোৱা নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ১৩টা চোৰক কৰায়ত্ত কৰে । বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই পৰীক্ষণৰ সময়ত সুৰক্ষা বাহিনীয়ে কাটিহাৰ, নিউ জলপাইগুড়ী, দলগাওঁ, কামাখ্যা আৰু গুৱাহাটীৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ১,৯২,০০০ টকাৰ মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

২৯ জুনত সংঘটিত এক ঘটনাত নিউ জলপাইগুড়ীৰ আৰ পি এফ এছকটিং দলে এজন যাত্ৰীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই ৰে’ল নং ১৫৬৫৮ (ব্ৰহ্মপুত্ৰ মেইল) ৰ পৰা ১০,০০০ টকা মূল্যৰ চুৰি হোৱা ম’বাইল ফোনৰ সৈতে ২ টা চোৰক কৰায়ত্ত কৰে । কৰায়ত্ত কৰা চোৰ দুটাক ডি আৰ চি/কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হয় ।

আনহাতে ২৮ জুনত সংঘটিত আন এটা ঘটনাত কাটিহাৰ ৰে’ল ষ্টেচনত চলোৱা নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত কাটিহাৰৰ আৰ পি এফৰ চিপিডিএছ (অপৰাধ প্ৰতিৰোধ আৰু চিনাক্তকৰণ স্কোৱাড) দলে ৩ টা চোৰক কৰায়ত্ত কৰে আৰু যাত্ৰীৰ পৰা চুৰি কৰা প্ৰায় ৪০,০০০ টকা মূল্যৰ তিনিটা ম’বাইল ফোন উদ্ধাৰ কৰে । পিছত ধৃত চোৰ কেইটাক জি আৰ পি / কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দিয়া হয় ।

সেইদৰে ২৭ জুনত আলিপুৰদুৱাৰৰ আৰ পি এফ দলে দলগাঁও ৰে’ল ষ্টেচনত অনুসন্ধান অভিযান চলাই প্ৰায় ৭০,০০০ টকাৰ চুৰি লেপটপ থকা এটা মোনাসহ অন্যান্য মূল্যৱান সামগ্ৰীৰ সৈতে এটা চোৰক আটক কৰে । একেদিনাই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে কাটিহাৰ, কামাখ্যা আৰু গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই প্ৰায় ৭২,০০০ টকা মূল্যৰ যাত্ৰীৰ সামগ্ৰী ঠিক একেধৰণে চুৰি কৰাৰ সৈতে জড়িত আন ৭টা চোৰক কৰায়ত্ত কৰে । কৰায়ত্ত কৰা আটাইকে পিচত সংশ্লিষ্ট আৰক্ষী চকীৰ দায়িত্বত থকা বিষয়াজনৰ হাতত গতাই দিয়া হয় ।

উল্লেখ্য যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে সদায়ে বিভিন্ন অপৰাধ নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ থকাৰ উপৰি যাত্ৰীক সুৰক্ষা প্ৰদান কৰাৰ বাবে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে । ইফালে ৰে’ল যাত্ৰীসকলে ৰে’ল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে অৱগত কৰাৰ বাবে ৰে’ল কৰ্তৃপক্ষই ১৩৯ (টোল-ফ্ৰী) নম্বৰৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : NF Railway: ৰে’ল মানচিত্ৰত অৰুণাচল প্ৰদেশৰ লগত সংযুক্ত হ’ব অসমৰ বৰাক উপত্যকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.