৮ ছেপ্তেম্বৰত NFR মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস

author img

By

Published : Sep 6, 2021, 7:34 PM IST

Updated : Sep 6, 2021, 8:00 PM IST

NFR majdur union

মোডী চৰকাৰে ৰে'লৰ লাভজনক সম্পত্তিসমূহ ব্যক্তিগতখণ্ডক গটাই দিয়াৰ প্ৰতিবাদত ৮ ছেপ্তেম্বৰত এন.এফ. ৰেলৱে মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস ৷

গুৱাহাটী, ৬ ছেপ্তেম্বৰ : বিত্তীয় ব্যৱস্থা টনকিয়াল কৰাৰ নামত দেশৰ সম্পদসমূহ কেন্দ্ৰীয় চৰকাৰে এপদ এপদকৈ বিক্ৰী কৰি থকাত অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনে (এ.আই.আৰ.এফ) দুৰ্ঘোৰ বিৰোধিতা কৰিছে ৷ ইয়াৰ প্ৰতিবাদত অহা ৮ ছেপ্তেম্বৰৰ দিনটো মোডী চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সকিয়নী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে । অলপতে অনুষ্ঠিত এ.আই.আৰ.এফৰ ষ্টেণ্ডিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত লৈ সমগ্ৰ দেশৰ ৰে'ল কৰ্মচাৰীকে ৮ ছেপ্তেম্বৰৰ দিনটো বিভিন্ন কাৰ্যসূচীৰে সকিয়নী দিৱস হিচাপে পালনৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক : চাৰি মাহত অসম আৰক্ষীয়ে সংঘটিত কৰিলে 53 টা এনকাউন্টাৰ

উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই এন.এফ.ৰে'লৱে মজদুৰ ইউনিয়নে ৮ ছেপ্তেম্বৰৰ দিনা বিভিন্ন কাৰ্যসূচী হাতত লৈছে । অৱশ্যে শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি উপলক্ষে অসমত উক্ত কাৰ্যসূচী ৯ ছেপ্তেম্বৰ তাৰিখে পালন কৰা হ'ব । এই উপলক্ষে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাসে এটা বিবৃতিত প্ৰেৰণ কৰিছে ৷ বিবৃতিটো কোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশৰ সম্পদ সমূহ বিক্ৰী কৰি প্ৰচুৰ ক্ষতিসাধন কৰিছে । এতিয়া আকৌ ৰে'লৱেৰ ১,১৫,৪৯৮ কোটি টকাৰ মূল্যবান সম্পত্তি বিক্ৰী কৰিবলৈ ওলাইছে ।

ইয়াৰ ভিতৰত ৪০০ ৰে'লৱে ষ্টেচন, ৬৭৩ কি:মি: নিৰ্দিষ্ট লাভজনক মালবাহী ৰে'ল পথ (ডেডিকেটেড ফ্ৰেইট কৰিডৰ), ১৫ খন ৰে'লৱে ষ্টেডিয়াম, ১৪০০ কি:মি: অভাৰহেড ইকুপমেণ্ট সামগ্ৰী, ৯০ খন লাভজনক যাত্ৰীবাহী ৰে'ল, ২৫৬ টা গুডচ শ্বেড, ৭৪১ কি:মি: কংকন ৰে'লৱে পথ , দাৰ্জিলিঙ-হিমালয়ান ৰে'লৱে, পাৰ্বত্য এলেকাৰ ৪ টা হিল ৰে'লৱে তথা বহু ৰে'ল কলনী আছে ।

লগতে পঢ়ক : অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ বৰদলৈ

মজদুৰ ইউনিয়নৰ নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, লকডাউন চলি থকাৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰে পৰা একাধিক শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি দেশৰ যি অমংগল সাধন কৰিছে তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব । তেওঁ ৰে'ল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা কৰি কয়, দেশত সম্প্ৰতি ১৩৪৫২ খন যাত্ৰীবাহী ৰে'ল, ৯১৪১খন মালবাহী ৰে'লৰ জৰিয়তে যাতায়তৰ সেৱা আগবঢ়াই আহিছে লাখ লাখ শ্ৰমিকে । দৈনিক ২.৩০ কোটি ৰে'ল যাত্ৰী কঢ়িওৱা ভাৰতীয় ৰেল পৰিবহন সেৱা এছিয়াৰ ভিতৰতে বৃহত্তম চৰকাৰী খণ্ড যিটো দক্ষতাৰে পৰিচালনা কৰি আহিছে ১.৪০ নিযুত বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীয়ে ।

উল্লেখযোগ্য যে, ৰে'ল যাতায়তৰ সেৱাই হৈছে দেশৰ কোটি কোটি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা ৷ য'ত মাত্ৰ ১০ টকাতে প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে একোজন যাত্ৰীয়ে । ইমানৰ পাছতো ৰে'লৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিব ওলোৱা কাৰ্য এক দুৰ্ঘোৰ অন্যায় আৰু জনবিৰোধী নীতি বুলি নেতাগৰাকীয়ে অভিহিত কৰে ।

লগতে পঢ়ক : যাত্ৰীবাহী ৰে'লসেৱা পুনৰ মুকলি কৰাৰ দাবীত ৰঙিয়া ষ্টেচনত প্ৰতিবাদ

এই নীতি যদি প্ৰত্যাহাৰ কৰা নহয়, তেন্তে তাৰ দ্বাৰা দেশৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেই অধিক ক্ষতিৰ সন্মুখীন হ'ব । শ্ৰমিক নেতাজনে কয় যে, ব্যক্তিগতকৰণৰ ফলত সাংঘাটিক ধৰণে যাত্ৰী আৰু মালবস্তু কঢ়িওৱা ভাৰা বৃদ্ধি পাব । গতিকে জনসাধাৰণৰ আৰ্থিক দিশটোতো এনে ব্যৱস্থাই প্ৰত্যক্ষ প্ৰভাৱ পেলাব । বয়-বস্তুৰ দাম বাঢ়িব, চৰকাৰী নিযুক্তি সম্পূৰ্ণ বন্ধ হৈ যাব আৰু ঠিকাভিক্তিক নিযুক্তিৰে ব্যক্তিগত পুঁজিপতিয়ে শ্ৰমিকক শোষণ কৰিব । বছৰি এক কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে দেশৰ শাসনভাৰ লোৱা বিজেপি চৰকাৰে ইতিমধ্যে নতুন নিযুক্তি বন্ধ কৰি খালী থকা পদৰ বিলুপ্তিকৰণেৰে নিবনুৱা সংস্থাপনৰ বাট চিৰদিনৰ বাবে বন্ধ কৰিছেই বুলি বিশ্বাসে কয় ।

গুৰুত্বপূৰ্ণ কথা যে, কল্যাণকামী ৰাষ্ট্ৰ এখনত ৰে'লৱেৰ জনসাধাৰণৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাক লাভ-লোকচানৰ মাপকাঠীৰে জোখাটো সমীচিন নহয় । এন.এফ.ৰেলৱে মজদুৰ ইউনিয়ন আৰু এ.আই.আৰ.এফে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী, জনবিৰোধী সিদ্ধান্তবোৰৰ সদায়ে বিৰোধিতা কৰি আহিছে । ব্যক্তিগতকৰণৰ ফলত জনসাধাৰণৰ লগতে শ্ৰমিক-কৰ্মচাৰীৰ আৰ্থিক, সামাজিক আদি বিভিন্ন দিশত প্ৰচুৰ ক্ষতি সাধন কৰিব আৰু এনে কাৰ্যক দ্বিধাহীন ভাষাৰে গৰিহণা দিয়া বুলি উল্লেখ কৰে নেতা গৰাকীয়ে ।

লগতে পঢ়ক : ৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ

Last Updated :Sep 6, 2021, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.