ETV Bharat / state

এবছৰত জৰিমনাৰ যোগেদি NF ৰে'লৱেৰ ২৩.৩৬ কোটি টকা সংগ্ৰহ

author img

By

Published : Apr 30, 2022, 1:54 PM IST

NF Railway collects Rs 23.36 crore as penalty
সাবধান ৰে'ল যাত্ৰী!

টিকট পৰীক্ষণৰ ক্ষেত্ৰত আগতকৈ অধিক সক্ৰিয় উত্তৰ-পূব সীমান্ত ৰে'লৱে । এবছৰত ধৰা পৰে টিকট বিহীনভাৱে ভ্রমণ কৰা আৰু বুকিং নকৰাকৈ বয়-বস্তু লৈ ভ্ৰমণ কৰা ৪,৪৮,৩৯২ টা ঘটনা । এবছৰত টিকট অবিহনে ৰে'ল যাত্ৰা কৰা ৫০,৭০১জন লোকক কৰায়ত্ত(50,701 people arrested for travelling without tickets in a year) ।

গুৱাহাটী,৩০ এপ্রিল: বহু এনে লোক আছে যি ৰে'লত টিকট অবিহনেই যাত্রা কৰে । টিকট বিহীনভাৱে ৰে'লত যাত্রা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে উত্তৰ পূব সীমান্ত ৰে'লৱে । যাৰ পৰিণাম স্বৰূপে উত্তৰ পূব সীমান্ত ৰে'লৱেই এবছৰত টিকট বিহীনভাৱে ভ্রমণ কৰা আৰু বুক নকৰা বয়-বস্তু লৈ ভ্ৰমণ কৰা ৪,৪৮,৩৯২টা ঘটনা ধৰা পেলাবলৈ সক্ষম হয় ।

NF Railway collects Rs 23.36 crore as penalty from ticketless travellers in a year
এবছৰত জৰিমনাৰ যোগেদি NF ৰে'লৱেৰ ২৩.৩৬ কোটি টকা সংগ্ৰহ

আনহাতে জৰিমনাৰ নামতে এবছৰত NF ৰে'লৱেই সংগ্ৰহ কৰিছে অভিলেখ পৰিমাণৰ ৰাজহ । টিকট বিহীন যাত্রীৰ পৰা জৰিমনা হিচাপে NF ৰে'লৱেই এবছৰত সংগ্ৰহ কৰিছে ২৩.৩৬ কোটি টকা । গতিকে বিনা টিকটত ৰে'লত অহা-যোৱা কৰা লোকসকল সাৱধান । কাৰণ টিকট বিহীন যাত্রীয়ে যিকোনো সময়তে টিকট পৰীক্ষণৰ সন্মুখীন হ’ব পাৰে আৰু ভৰিবলগীয়া হ’ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা ।

উল্লেখ যে উত্তৰ-পূব সীমান্ত ৰে'লৱে (NFR) এতিয়া টিকট পৰীক্ষণৰ ক্ষেত্ৰত আগতকৈ অধিক সক্ৰিয় হৈছে । বিনা টিকটত ৰে’ল যাত্ৰা কৰাসকলৰ পৰা এন এফ ৰে'লৱে এটা বছৰত বিভিন্ন এলেকাত টিকটবিহীনভাৱে ৰে’ল যাত্ৰা কৰা ঘটনা ধৰা পেলোৱাৰ ফলত বৃহৎ পৰিমাণৰ জৰিমণা সংগ্ৰহ কৰিছে ।

NF Railway collects Rs 23.36 crore as penalty
উত্তৰ পূব সীমান্ত ৰে'লৱে কাৰ্যালয়

মাত্ৰ এটা বছৰতে টিকট বিহীন যাত্ৰীৰ পৰা ব্যাপক টিকট পৰীক্ষণ অভিযানৰ পৰিণাম স্বৰূপে বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহ পর্যন্ত টিকট বিহীনভাৱে ভ্রমণ কৰা আৰু বুক নকৰা বয়-বস্তু লৈ ভ্ৰমণ কৰা ৪,৪৮,৩৯২টা ঘটনা ধৰা পেলায় । নিয়ম মতে এনেদৰে যাত্রা কৰাটো অপৰাধ ।

এনেধৰণৰ অপৰাধ কৰাসকলৰ পৰা NF ৰে'লৱেই জৰিমণাৰ বাবত উক্ত সময়চোৱাৰ ভিতৰত ২৩.৩৬ কোটি টকা সংগ্ৰহ কৰিছে(NF Railways collects a fine of Rs 23.36 crore in 1 year) । এই ধনৰাশি পূৰ্বৰ বিত্তীয় বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত চলিত বিত্তীয় বৰ্ষত এনেধৰণৰ ঘটনাৰ তুলনাত ৮৪০.৮৩ শতাংশ আৰু উপাৰ্জনৰ দিশত ১০২৮.৫০ শতাংশ অধিক ।

NF Railway collects Rs 23.36 crore as penalty
উত্তৰ পূব সীমান্ত ৰে'লৱে

তদুপৰি বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহ পর্যন্ত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে বিভিন্ন ষ্টেচন আৰু ৰে'লত অভিযান চলাই টিকট অবিহনে ৰে'ল যাত্ৰা কৰা ৫০,৭০১জন ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়(50,701 people arrested for travelling without tickets in a year) । এনেধৰণৰ ঘটনাত ৰে'লৱেই ২৫ জন লোকক ৰে'লৱে আইনৰ বিভিন্ন ধাৰাৰ অধীনত জৰিমণা আৰু দণ্ডিত কৰাৰ লগতে এনেধৰণৰ অপৰাধকাৰীৰ বিৰুদ্ধে ১৬টা গোচৰ পঞ্জীয়ন কৰে ।

উল্লেখ যে উত্তৰ পূব সীমান্ত ৰে'লৱেই টিকট-বিহীন ৰে'লযাত্ৰীৰ বিৰুদ্ধে নিয়মিতভাৱে অনুসন্ধান অভিযান চলাই আহিছে । যাৰ পৰিপ্ৰেক্ষিতত জৰিমনাৰ পৰিমাণ পূৰ্বৰ তুলনাত বহু বৃদ্ধি পাইছে । গতিকে সাবধান হওক আৰু বিনা টিকটত ৰে’ল যাত্ৰা কৰাৰ দৰে অপৰাধ কৰাৰ পৰা বিৰত থাকক ।

NF Railway collects Rs 23.36 crore as penalty
এবছৰত জৰিমনাৰ যোগেদি NF ৰে'লৱেৰ ২৩.৩৬ কোটি টকা সংগ্ৰহ

লগতে পঢ়ক: ডিগবৈৰ ভীমপথাৰত উদ্ধাৰ সন্দেহজনক বিস্ফোৰক সামগ্ৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.