ETV Bharat / state

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Jan 23, 2021, 1:00 PM IST

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

বিজেপি চৰকাৰেহে অসমৰ পৰা বিদেশী খেদিব পাৰিব : সৰ্বানন্দ সোণোৱাল

শিৱসাগৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এক সভাত অংশ লৈ বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ বাবেহে কাম কৰে বুলিও জনতাৰ আগত মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ডিগবৈৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বাঃ)ৰ

শুকুৰবাৰে ডিগবৈৰ আৰ্মি কেম্পত বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে সমগ্ৰ ঘটনাৰ বিষয় সদৰি কৰে আলফা(স্বাঃ) গোটে ৷

প্ৰশাসনৰ পৃষ্ঠপোষকতাত ঠন ধৰি উঠিছে কলিয়াবৰ পৰ্য‍টনে

কলিয়াবৰ পৰ্য‍টন ক্ষেত্ৰ সমূহক প্ৰচাৰ-প্ৰসাৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে পৰ্যটন বিভাগে ৷ শুকুৰবাৰে মন্ত্ৰী কেশৱ মহন্তই পৰ্য‍টকৰ বাবে মুকলি কৰিলে কলিয়াবৰ পৰ্য‍টন ক্ষেত্ৰত ন-সংযোজন জাকাই ইক' কেম্পৰ ৷

106 টা চোৰাং গৰুসহ বিএছএফৰ জালত গৰু সৰবৰাহকাৰী

ভাৰত-বাংলা সীমান্তত বিএছএফৰ অভিযানত চোৰাং গৰুসহ জাল পৰে এগৰাকী সৰবৰাহকাৰী ৷ ধুবুৰী-দক্ষিণ শালমৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফে চলাইছিল এই অভিযান ৷

বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত পঞ্চায়ত সচিব

চিৰাকুটা বেতবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা জলাশয়ত বাগৰি পৰে বেলান’ বাহন ৷ এজন লোক নিহত ৷

নামনিমুৱা ৰে'লৰ খুন্দাত ৰঙিয়াত যুৱকৰ মৃত্যু

ৰঙিয়া ৰে'ল জংচনৰ সমীপত অঘটন ৷ নামনিমুৱা ৰে'লৰ খুন্দাত মৃত্যুক সাৱটি ল'ব লগা হয় ৰাজস্থানৰ ৰাম নিবাস জাঠ (২৭) নামৰ এজন যুৱকে ৷

কৰিমগঞ্জত মাটিৰ তলত ওলাইছে স্বৰ্ণ অলংকাৰ

ঘৰৰ ভিতৰৰ আলমিৰাত নহয়, এইবাৰ কেইবালাখ টকাৰ সোণৰ গহনাসহ নগদ ধন ওলাল মাটিৰ তলত ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত ৷ ঘটনাৰ লগত জড়িত দুই চোৰক আটক কৰি চুৰি সামগ্ৰী উদ্ধাৰ আৰক্ষীৰ ৷

পুৰণিগুদামত দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী বাহন : আহত কেইবাজনো

কলিয়াবৰ অভিমুখী AS-01GC-5873 নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাকৰ সৈতে গুৱাহাটী অভিমুখী AS-01GC-3949 নম্বৰৰ এখন আল্ট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত পতিত বাছখনত আছিল তীৰ্থযাত্ৰীৰ দল ।

খেলপথাৰ নিৰ্মাণৰ নামত আমগুৰিত ব্যাপক অনিয়ম

ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ শ্ল'গান দি থাকিলেও পোহৰলৈ আহিছে ইটোৰ পিছত আনটো দুৰ্নীতি ৷ এইবাৰ আমগুৰিত মুখ্যমন্ত্ৰীৰ সপোনৰ ক্ৰীড়া প্ৰকল্প ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আমগুৰিৰ আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ নিৰ্মাণত এই ব্যাপক অনিয়ম সংঘটিত হৈছে ৷

মাজে সময়ে মুখ্যমন্ত্ৰীৰ আচৰণ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই : আব্দুল খালেক

‘‘কংগ্ৰেছৰ মহাজোঁট বন্ধনত শংকিত বিজেপিয়ে যুদ্ধৰ পূৰ্বেই পলায়নৰ চেষ্টা কৰিছে । মাজে সময়ে মুখ্যমন্ত্ৰীৰ আচৰণ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । দল বাগৰাত পাকৈত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অসমত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হ’লে ২৪ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিব কাৰাবন্দী অখিল গগৈক ।’’ এই মন্তব্য সাংসদ আব্দুল খালেকৰ ৷ ৰোহিংগিয়াক সঁচাকৈয়ে সমৰ্থন কৰিছিল নেকি কংগ্ৰেছ সাংসদ আব্দুল খালেকে ? অখিল গগৈৰ গ্ৰেপ্তাৰ, ৰাইজৰ দল , অসম জাতীয় পৰিষদ আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰে সাংসদ আব্দুল খালেকৰ সৈতে ই টি ভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.