ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Nov 15, 2020, 1:06 PM IST

1 বজাৰ শীৰ্ষ দহটা খবৰ

news@1
1 বজাৰ শীৰ্ষ দহটা খবৰ

অৱশেষত নিৰ্বাপিত বাঘজানৰ জুই

বাঘজানবাসীৰ বাবে এক সুখবৰ ৷ অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ অগ্নিকাণ্ড । বিগত প্ৰায় 5 মাহ অৰ্থাৎ 173 দিনৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ । বাঘজানস্থিত BGRৰ 5 নং তৈলখাদৰ জুই নিৰ্বাপন কৰিবলৈ সুদূৰ কানাডাৰ পৰা অনা হৈছিল স্নাভিং যন্ত্ৰৰ ।

প্ৰসংগ লাফিকুল ইছলাম হত্যাকাণ্ড : ন্যায়ৰ আশাত 3 বছৰ অতিক্ৰম

2017 চনৰ এ বি এমছুৰ তদানীন্তন সভাপতি লাফিকুল ইছলামৰ হত্যাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ বি এমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে । কোকৰাঝাৰ জিলাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হত্যাকাৰীক CBI য়ে চিনাক্ত কৰা বুলি মন্তব্য প্ৰদান কৰা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেতা গৰাকীয়ে ৷

বাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

প্ৰবীণ বাংলা অভিনেতা সৈমিত্ৰ মুখাৰ্জী আৰু নাই ৷ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱীন অভিনেতা গৰাকীয়ে ৷ দেওবাৰে পুৱা প্ৰবীণ অভিনেতাজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ চিকিৎসকৰ চিকিৎসাৰ প্ৰতি একেবাৰে সঁহাৰি দিয়া নাছিল আৰ্শী উৰ্ধৰ অভিনেতাজনে ৷

এক জঘন্য ঘটনাৰ পৰা ৰক্ষা পৰিল শিৱসাগৰৰ পাঁচ শিশু

শিৱসাগৰৰ ডিমৌমুখত ভয়ংকৰ ঘটনা । নিজৰ সন্তানক বলি দিবলৈ সাজু কৰাৰ অভিযোগ উঠিছে পিতৃৰ বিৰুদ্ধে ৷ ৰাইজে উদ্ধাৰ কৰিছে ৫ টা দেৱ শিশু উদ্ধাৰ কৰা হৈছে ৷ কালী পূজাৰ নিশা ১২ বজাত বলি দিবৰ বাবে সাজু কৰি থোৱা বুলি সন্দেহ ওচৰ চুবুৰীয়াৰ ৷ ৰাইজৰ তৎপৰতাত শিশু কেইটাৰ প্ৰাণ ৰক্ষা পৰে ৷

বি পিএফ দলৰ হৈ বি. চাওৰাইগৌৰাৰ নিৰ্বাচনী প্ৰচাৰ

বিপিএফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল এন ডি এফ বিৰ নেতা বি. চাওৰাইগৌৰা ৷ বাক্সা জিলাৰ নতুন শ্ৰীপুৰ বালি হাজৰীত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ সকলো ঝাৰখণ্ডবাসীৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰি ৰাজ্যখনৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে ৷

মাতৃক চিকিৎসালয়ত চাবলৈ আহি ধৰ্ষণৰ বলি দুই যুৱতী

6 জনকৈ লোকৰ অসৎ কামনাৰ বলি দুগৰাকী যুৱতী ৷ পোহৰৰ উৎসৱৰ মাজতে কৰিমগঞ্জ জিলাৰ নিলামবজাৰত সংঘটিত হৈছে এক দলৱদ্ধ ধৰ্ষণ কাণ্ড ৷ নিজ মাতৃক চিকিৎসালয়ত দেখা কৰিবলৈ আহি ঘৰলৈ বুলি ওভতাৰ পথতে গণধৰ্ষণৰ চিকাৰ দুগৰাকী যুৱতী ৷

ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

উত্তৰ ধেমাজি লাইপুলীয়াত ভয়ংকৰ অগ্নিকাণ্ড ৷ পোহৰৰ উৎসৱৰ মাজতেই এই অঘটন ৷ ঘৰত কোনো লোক নথকা অৱস্থাত জ্বলি উঠে এই জুই ৷ বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

ওড়িশাৰ হৃদয়ানন্দই গুৱাহাটীত পাতিছে চাকৰিৰ ক’লা বজাৰ

জালুকবাৰী আৰক্ষীৰ জালত পৰে বহিঃৰাজ্যৰ এটা প্ৰৱঞ্চক । ৰে'ল বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰৱঞ্চকটোৰ বিৰুদ্ধে । ধৃত লোকজন ওড়িশাৰ হৃদয়ানন্দ দাস বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ বিদ্যানাথ ঝা নামৰ এগৰাকী যুৱকৰ পৰা চাকৰি দিয়াৰ নামত লৈছিল লক্ষাধিক টকা । কিন্তু লোকজন প্ৰৱঞ্চক বুলি সন্দেহ কৰে যুৱকজনে ।

নগাঁৱত পথ দুৰ্ঘটনাত থিতাহে নিহত বাইক আৰোহী

নগাঁও জিলাৰ জুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ নিহত লোকজনৰ নাম আব্দুল হান্নান বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.