ETV Bharat / state

হিমন্ত চৰকাৰৰ নতুন সমীকৰণ: হাগ্ৰামা হ'ব কেবিনেট মন্ত্ৰী

author img

By

Published : Jun 29, 2021, 10:25 PM IST

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত শীঘ্ৰেই কেবিনেট মন্ত্ৰী হোৱাৰ পথত হাগ্ৰামা মহিলাৰী ।‌‌ এক আজৱ ৰাজনৈতিক সমীকৰণে অসমবাসীক দিছপুৰৰ ক্ষমতাৰ ৰাজনীতিৰ নতুন সোৱাদ দিবলৈ ওলাইছে প্ৰাক্তন বিটিআৰ প্ৰধান(BTR chief) গৰাকীয়ে ৷

new-political-strategy-of-ex-btr-chief-hagrama-mahilari
নতুন ৰাজনৈতিক সমীকৰণত ব্যস্ত হাগ্ৰামা মহিলাৰী

গুৱাহাটী, ২৯ জুন: অসমৰ‌ ৰাজনীতিত দল কিম্বা চৰকাৰৰ পৰ্যায়ত সহযোগিতা বা ৰাজনৈতিক মিত্ৰতা একো নতুন কথা নহয় ।‌‌ কিন্তু শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰা কেতবোৰ আজৱ সমীকৰণে ৰাজ্যৰ সচেতন নাগৰিকক আচৰিত কৰিছে । শেহতীয়াকৈ, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাতে বিপিএফ(BPF) নেতা হাগ্ৰামা মহিলাৰী(Hagrama Mahilari)ক বিজেপিৰ মজিয়াত আঁকোৱালি লোৱাৰ পৰিৱেশ সৃষ্টি হোৱা ঘটনাই পৰিস্থিতি উদঙাই দিছে ।

বিগত প্ৰায় এসপ্তাহ ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে এলানি ৰাজনৈতিক আলোচনা আগবঢ়াই আহিছে ৷ ইয়াৰ মূল কাৰণ হ'ল বিপিএফ দলটোক বিজেপিত চামিল কৰি পেলোৱা । অৰ্থাৎ এই ৰাজনৈতিক সন্ধিয়ে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট(Bodoland peoples Front) চমুকৈ বিপিএফৰ নামৰ বড়োভূমি(Bodoland)ৰ মূল দলটোক নিঃশেষ কৰি দিব ।

ইটিভিৰ হাতত পৰা তথ্য অনুসৰি, হাগ্ৰামা মহিলাৰীয়ে এইপৰ্যন্ত বিপিএফ আৰু বিজেপি(BJP)ৰ মিত্ৰতাৰে বিটিআৰ(BTR)ৰ শাসন পূনৰুদ্ধাৰ কৰাৰ বাবে লাগিছে যদিও হিমন্ত বিশ্ব শৰ্মা(Himanta Bishwa Sarmah) সেই কথাত সন্মত হোৱা নাই ।

মঙলবাৰে হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাত মিলিত হয় আৰু বিপিএফৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে এই আলোচনাক 'ৰাজনৈতিক' আলোচনা বুলি অভিহিত কৰি এক নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিছে । দলৰ মুখপাত্ৰ তথা বিধায়ক বড়োয়ে সাংবাদিকক জনোৱা মতে, দলে চৰকাৰক সহায় কৰিবলৈ সাজু । বিজেপিৰ এক সূত্ৰই জনোৱা মতে দলে এতিয়া বিপিএফৰ লগত দল হিচাপে মিত্ৰতা নকৰি শিপাই-পাতে দলটো বিজেপিত চামিল হোৱাটো বিচাৰিছে ।

এই প্ৰস্তাৱত যদি দলৰ সভাপতি হাগ্ৰামা মহিলাৰী সন্মত হয় তেতিয়া হ'লে তেওঁক হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব ।‌‌ ইয়াৰ বাবে অচিৰে উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া গোঁসাইগাঁও সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে হাগ্ৰামা মহিলাৰীক জিকাই অনা হ'ব । এই ৰাজনৈতিক কচৰতে সুনিশ্চিত কৰিব হাগ্ৰামা মহিলাৰীৰ বাক্তিগত ৰাজনৈতিক ভৱিষ্যৎ।‌‌

এনে প্ৰেক্ষাপটত এতিয়া প্ৰশ্ন উঠিছে কি হ'ব প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ আৰু ইউপিপিএলৰ ভৱিষ্যৎ ৷ বিজেপিৰ এক সূত্ৰৰ মতে, বিপিএফ যদি বিজেপিত চামিল হৈ যায় তেতিয়াহ’লে বিজেপি আৰু বিপিএফৰ নিৰ্বাচিত পাৰিষদৰ সংখ্যা বিজেপি-ইউপিপিএল-ৰ মিত্ৰশক্তিৰ পাৰিষদৰ সংখ্যাতকৈ বহু বেছি হ'ব ।‌‌ সেই দিশৰ পৰা বিটিচিত নতুন ৰাজনৈতিক সমীকৰণ সম্ভৱ । সেয়ে হ'লেও বিজেপিয়ে বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ লগতে মিত্ৰতা বাহাল ৰাখিব ।

সূত্ৰটোৰ মতে, হাগ্ৰামা মহিলাৰীৰ লগত হ'ব লগা ৰাজনৈতিক সহাৱস্থানে বিটিআৰৰ বৰ্তমান গঠনত কোনো প্ৰভাৱ নেপেলায় । অৱশ্যে এনে এক ৰাজনৈতিক কচৰতে ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিলেও এই কথাক অস্বীকাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।‌‌ দলৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি ওভতাৰ পথত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়‌ যে, বিপিএফৰ পৰা‌ তেনে কোনো প্ৰস্তাৱ এতিয়ালৈকে অহা নাই। তেওঁৰ চৰকাৰ সকলোকে লগত লৈ আগবাঢ়ি যোৱাত বিশ্বাসী ।

লগতে পঢ়ক : প্ৰসংগ APSC কেলেংকাৰী: প্ৰাক্তন DIGৰ পুত্ৰ, সাংবাদিকৰ আত্মীয়ক তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.